ETV Bharat / sports

Riyan Parag Set History : বিশ্ব ক্ৰিকেটত ইতিহাস সৃষ্টি ৰিয়ান পৰাগৰ; ঈৰ্ষণীয় প্ৰদৰ্শনেৰে বিশ্ব ৰেকৰ্ড ৰিয়ানৰ

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 11:40 AM IST

বিশ্ব ক্ৰিকেটত ইতিহাস সৃষ্টি ৰিয়ান পৰাগৰ
Riyan Parag Set History

ধৈৰ্য, একাগ্ৰতা, মনোবল আৰু লক্ষ্য যদি স্থিৰ হয়, তেনেহ'লে সফলতা অনিবাৰ্য । তাৰেই এক অন্যতম নিদৰ্শন দাঙি ধৰিলে অসম তথা ভাৰতীয় ক্ৰিকেটৰ উদ্ভাসিত তাৰকা ৰিয়ান পৰাগে । লগে লগে যেন তেওঁৰ সমালোচকসকলকো দিলে উচিত প্ৰত্যুত্তৰ । ক্ৰমাগত ছটাকৈ অৰ্ধশতক অৰ্জন কৰি ৰিয়ান পৰাগে যি বিশ্ব অভিলেখ গঢ়িলে, ভৱিষ্যতৰ দিনত ৰিয়ানৰ ক্ৰিকেট জীৱনৰ বাবে এয়া হ'ব সুদৃঢ় ভেটি ।

স্পৰ্টছ ডেস্ক, ২৮ অক্টোবৰ : সূৰ্য উঠা দেশৰ সুযোগ্য সন্তান ৰিয়ান পৰাগে সৃষ্টি কৰিলে বিশ্ব ক্ৰিকেট ইতিহাসৰ এক নতুন অধ্যায় । ভাৰতীয় ক্ৰিকেটৰ এইগৰাকী উদ্ভাসিত তাৰকাই নিজৰ বেটেৰে জগত জিনিলে । যুৱ প্ৰতিভা ৰিয়ান পৰাগে টি-২০ ক্ৰিকেটত ৰচিলে এক নতুন ইতিহাস । টি-২০ ক্ৰিকেটত ক্ৰমাগত ছয়টা অৰ্ধশতক অৰ্জন কৰি এক বিৰল কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে ৰিয়ান পৰাগে ৰেকৰ্ড বুকত নিজৰ নাম সোণালী আখৰেৰে লিবিপব্ধ কৰিলে ।

উল্লেখ্য যে চলিত চৈয়দ মোস্তাক আলী ট্ৰফীত অসম আৰু কেৰালাৰ মাজৰ ৰোমাঞ্চকৰ মেচখনত ৰিয়ানে এই অভিলেখ ৰচিবলৈ সক্ষম হয় । মেচখনত ৰিয়ানে নিজৰ স্বভাৱসিদ্ধ বেটিঙেৰে মাত্ৰ ৩৩ টা বলত অপৰাজিত ৫৭ ৰাণ সংগ্ৰহ কৰে । কেৱল সিমানে নহয়, নিজৰ দলটোৰ বিজয়ৰ সুন্দৰ ভেটিও গঢ়ে ।

২০২৩ বৰ্ষৰ চৈয়দ মোস্তাক আলী ট্ৰফীত ৰিয়ান পৰাগৰ ফৰ্ম তুংগত আছে । ৰিয়ানে এই প্ৰতিযোগিতাত নিজৰ বেটিং পৰাক্ৰম প্ৰদৰ্শন কৰি এতিয়ালৈকে মাত্ৰ সাতখন মেচত ৬২.৮৬ ব্যতিক্ৰমী গড়েৰে মুঠ ৪৪০ ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ এই ধাৰাবাহিক আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ বাবেই অসম দলৰ বাবে ৰিয়ানৰ গুৰুত্ব আৰু স্থিতি সুদৃঢ় হৈছে । আনহাতে, শুকুৰবাৰৰ মেচখনত ৰিয়ান পৰাগে বিশ্ব ৰেকৰ্ড স্থাপন কৰায়ে নহয়, দুৰ্ধৰ্ষ কেৰালাৰ বিৰুদ্ধে অসমক দুই উইকেটত গুৰুত্বপূৰ্ণ জয়লাভৰ সোৱাদ যোগায় । উল্লেখ্য যে অসমৰ বিৰুদ্ধে খেলা মেচখনলৈকে কেৰালা প্ৰতিযোগিতাখনত অপৰাজিত হৈ আছিল ।

অসমে ৪৮ ৰাণতে ৩ টা উইকেট হেৰুৱাই ৰাণৰ বাবে সংগ্ৰাম কৰি থকাৰ সময়ত ক্ৰীজত প্ৰৱেশ কৰে ৰিয়ান পৰাগ । আৰম্ভণিৰে পৰাই ৰিয়ানে মেচখনত ব্যতিক্ৰমী মনোবল আৰু দক্ষতা প্ৰদৰ্শন কৰে । মেচখনত তেওঁ চাৰিটা সুউচ্চ ছয়সহ বাউণ্ডেৰীৰ ধুমুহাৰে দলটোক বিজয়ৰ দিশে আগবঢ়াই নিয়ে । মুম্বাইৰ শৰদ পাৱাৰ ইনড'ৰ ক্ৰিকেট একাডেমীত অনুষ্ঠিত মেচখনত অসমে তিনিটা বল বাকী থকা অৱস্থাতে বিজয় সাব্যস্ত কৰে ।

বিগত ছিজনৰ আইপিএলৰ সময়ৰ পৰা ৰিয়ান পৰাগক লৈ বহু চৰ্চা চলি আছিল । তেওঁৰ প্ৰদৰ্শন আৰু মনোবৃত্তিক লৈও বহু সমালোচনা হৈছিল । কিন্তু ৰিয়ানে যেন এই সকলোবোৰ নীৰৱে অনুধাৱন কৰি আছিল । লগে লগে হয়তো মনত দৃঢ় সংকল্প গ্ৰহণ কৰিছিল তেওঁ নিজৰ সামৰ্থ্য প্ৰকাশ কৰিবই । ধৈৰ্য, একাগ্ৰতা, মনোবল আৰু লক্ষ্য যদি স্থিৰ হয়, তেনেহ'লে সফলতা অনিবাৰ্য । তাৰেই এক অন্যতম নিদৰ্শন দাঙি ধৰিলে অসম তথা ভাৰতীয় ক্ৰিকেটৰ উদ্ভাসিত তাৰকা ৰিয়ান পৰাগে । লগে লগে যেন তেওঁৰ সমালোচকসকলকো দিলে উচিত প্ৰত্যুত্তৰ । ক্ৰমাগত ছটাকৈ অৰ্ধশতক অৰ্জন কৰি ৰিয়ান পৰাগে যি বিশ্ব অভিলেখ গঢ়িলে, ভৱিষ্যতৰ দিনত ৰিয়ানৰ ক্ৰিকেট জীৱনৰ বাবে সেয়া হ'ব সুদৃঢ় ভেটি ।

ক্ৰমাগত ইনিংছত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা খেলুৱৈসকল হৈছে :

ৰিয়ান পৰাগ (অসম) – ২০২৩, ৬* ইনিংছ

বীৰেন্দ্ৰ ছেহৱাগ (দিল্লী ডেয়াৰডেভিলছ) – ২০১২, ৫ টা ইনিংছ

হেমিল্টন মাচাকাদজা (জিম্বাব'ৱে) – ২০১২, ৫ টা ইনিংছ

কামৰান আকমল (লাহোৰ হোৱাইটছ) – ২০১৭, ৫ টা ইনিংছ

জছ বাটলাৰ (ৰাজস্থান ৰয়েলছ) – ২০১৬, ৫ টা ইনিংছ

ডেভিদ ৱাৰ্ণাৰ (ছানৰাইজাৰ্ছ হায়দৰাবাদ) – ২০১৯, ৫ টা ইনিংছ

ডেভন কনৱে (নিউজীলেণ্ড আৰু ৱেলিংটন) – ২০২১, ৫ টা ইনিংছ

ৱেইন মেডচেন (ডাৰ্বিশায়াৰ) – ২০২৩, ৫ টা ইনিংছ

লগতে পঢ়ক :World Cup 2023 : মোৰ বাবে মাতৃৰ সুখেই ডাঙৰ কথা: বিৰাট কোহলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.