ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিলম্বন অলি ৰবিনছনক

author img

By

Published : Jun 7, 2021, 10:56 PM IST

Robinson suspended
অলি ৰবিনছনক নিলম্বন

বৃহস্পতিবাৰে অৰ্থাৎ 10 জুনত এজবাষ্টনত নিউজিলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া দ্বিতীয় টেষ্টৰ বাবে বাছনি কৰা নহয় বলাৰ অলি ৰবিনছনক ৷ কিয়নো 8 বছৰ পূৰ্বে টুইটাৰযোগে কৰা বিতৰ্কিত মন্তব্যৰ বাবে তেওঁক নিলম্বন কৰে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ড (ECB)য়ে ৷

স্পৰ্টছ ডেস্ক,7 জুন : ইংলেণ্ড আৰু চাচেক্সৰ বলাৰ অলি ৰবিনছনে 2012 আৰু 2013 চনত টুইটাৰযোগে কৰা বিতৰ্কিত প’ষ্টৰ বাবে অনুশাসনমূলক তদন্তৰ ফলাফল অমীমাংসিত ৰাখি তেওঁক সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিলম্বন কৰা হৈছে ৷ দেওবাৰে এই কথা সদৰি কৰে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ড (ECB)য়ে ৷

  • Statement: Ollie Robinson suspended from all international cricket

    — England Cricket (@englandcricket) June 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

নিলম্বনৰ কথা ঘোষণা কৰি ইচিবিয়ে কয় যে, বৃহস্পতিবাৰে অৰ্থাৎ 10 জুনত এজবাষ্টনত নিউজিলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া দ্বিতীয় টেষ্টৰ বাবে বাছনি কৰা নহয় ৰবিনছনক ৷ ৰবিনছনে ইংলেণ্ডৰ শিবিৰ এৰি নিজ ঠাইলৈ উভতি আহিব বুলি এক বিবৃতিযোগে সদৰি কৰে ইচিবিয়ে ৷

উল্লেখ্য যে, ইংলেণ্ডৰ নৱাগত খেলুৱৈ অলি ৰবিনছনে 8 বছৰ পূৰ্বে টুইটাৰযোগে কৰা "বৰ্ণবাদী আৰু যৌনতাবাদী" মন্তব্যৰ কথা স্বীকাৰ কৰিছে খেলুৱৈগৰাকীয়ে । ক্ষমা বিচাৰি ৰবিনছনে কয় যে, 2012-2013 চনত তেওঁৰ টুইট সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাচতে মন্তব্যৰ বাবে লজ্জিত খেলুৱৈগৰাকী ৷

লগতে পঢ়ক : তাৰকা দৌৰবিদ মিলখা সিঙৰ স্বাস্থ্য সুস্থিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.