ETV Bharat / sports

চতুৰ্থ টি-২০ত নিউজীলেণ্ডৰ হাতত পৰাস্ত পাকিস্তান

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 5:58 PM IST

চতুৰ্থ টি-২০ত নিউজীলেণ্ডৰ হাতত পৰাস্ত পাকিস্তান
চতুৰ্থ টি-২০ত নিউজীলেণ্ডৰ হাতত পৰাস্ত পাকিস্তান

Pak NZ Tour 2024 : নিউজীলেণ্ড ভ্ৰমণৰত পাকিস্তান দলটোৱে এতিয়ালৈকে এখনো মেচত জয়ী হোৱা নাই । আনহাতে, নিউজীলেণ্ডে একেৰাহে চতুৰ্থখন টি-২০ মেচত পাকিস্তানক পৰাস্ত কৰিছে । এই বিজয়েৰে নিউজীলেণ্ডে পাঁচখন মেচৰ শৃংখলাটোত 4-0 ৰ অপৰাজিত অগ্ৰগতি লাভ কৰিছে ।

স্পৰ্টছ ডেস্ক, ১৯ জানুৱাৰী : হেগলে অভেল খেলপথাৰত নিউজীলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত চতুৰ্থখন টি-২০ মেচত নিউজীলেণ্ডে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে । এই বিজয়েৰে নিউজীলেণ্ডে পাঁচখন মেচৰ শৃংখলাটোত 4-0 ৰ অপৰাজেয় অগ্ৰগতি লাভ কৰে । আনহাতে, সমগ্ৰ শৃংখলাটোত পাকিস্তানৰ দুৰ্বল প্ৰদৰ্শন অব্যাহত আছে । ইয়াৰ বিপৰীতে নিউজীলেণ্ডে মেচৰ প্ৰতিটো বিভাগতে উন্নত প্ৰদৰ্শন কৰিছে । এতিয়ালৈকে খেলা চাৰিওখন টি-২০ মেচত নিউজীলেণ্ডে একপক্ষীয়ভাৱে বিজয় সাব্যস্ত কৰিছে ।

মেচখনত পাকিস্তানে প্ৰথমে বেটিং কৰি নিউজীলেণ্ডক ১৫৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে । এই লক্ষ্যত নিউজীলেণ্ডে ১৮.১ অভাৰত ৩ টা উইকেট হেৰুৱাই সহজে উপনীত হয় । অৱশ্যে জয়ৰ লক্ষ্য অনুসৰণ কৰা নিউজীলেণ্ডৰ আৰম্ভণি দুৰ্বল আছিল । কিৱি বাহিনীয়ে 2.4 অভাৰত 20 ৰাণতে তেওঁলোকৰ 3 টা উইকেট হেৰুৱাবলগা হয় । কিন্তু ইয়াৰ পিছত ডেৰেল মিচেল আৰু গ্লেন ফিলিপছে অপৰাজিত অৰ্ধশতক অৰ্জন কৰে আৰু দলক জয়ৰ সোৱাদ দিয়ে ।

নিউজীলেণ্ডৰ সোঁহতীয়া তাৰকা বেটছমেন ডেৰেল মিচেলে ৪৪ টা বলত ৭২ ৰাণৰ অপৰাজিত ইনিংছ উপহাৰ দিয়ে । তেওঁৰ ইনিংছটো 7 টা চাৰি আৰু 2 টা ছয়ৰে সজায় । তেওঁৰ দমনীয় ইনিংছটোৰ বাবে প্লেয়াৰ অব দ্য মেচ বঁটাও লাভ কৰে । মিচেল ফিলিপছৰ সৈতে ৯৩ টা বলত ১৩৯ ৰাণৰ অপৰাজিত যুটি বান্ধি দলক বিজয় লক্ষ্যত উপনীত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । গ্লেন ফিলিপছেও ৫২ টা বলৰ সন্মুখীন হৈ ৫ টা চাৰি আৰু ৩ টা ছয়ৰ সহায়ত ৭০ ৰাণ সংগ্ৰহ কৰে । আনহাতে, পাক দলৰ হৈ ফাষ্ট বলাৰ শ্বাহিন আফ্ৰিদীয়ে 3 টা উইকেট দখল কৰে ।

ইয়াৰ পূৰ্বে টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰিবলৈ নমা পাকিস্তানে ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৫৮ ৰাণ সংগ্ৰহ কৰে । মহম্মদ ৰিজৱানে পাকিস্তানৰ হৈ ৯০ ৰাণৰ অপৰাজিত ইনিংছ খেলে । কিন্তু তেওঁক আন কোনো বেটছমেনে উচিত সমৰ্থন যোগাব নোৱাৰিলে । মহম্মদ নৱাজে ৯ টা বলত ২১ ৰাণ সংগ্ৰহ কৰে । নিউজীলেণ্ডৰ হৈ মেট হেনৰী আৰু লকি ফাৰ্গুচনে দুটাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক :২৫ জানুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট শৃংখলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.