ETV Bharat / sports

ক'ভিডত আক্ৰান্ত নিউজীলেণ্ডৰ তাৰকা বেটছমেন ডেভন কনৱে

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 11:24 AM IST

Devon Conway Covid positive
ক'ভিডত আক্ৰান্ত ডেভন কনৱে

Devon Conway covid positive : পাকিস্তানৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ চতুৰ্থখন খেল খেলিব নোৱাৰিব ডেভন কনৱেয়ে । ক'ভিড আক্ৰান্ত হোৱাৰ পাচতে তেওঁক প্লেয়িং একাদশৰ পৰা বাদ দিয়া হৈছে । নিউজীলেণ্ডে ইতিমধ্যে শৃংখলাটোৰ ৩ খন মেচত জয়ী হৈছে ।

স্পৰ্টছ ডেস্ক, ১৯ জানুৱাৰী : নিউজীলেণ্ড আৰু পাকিস্তানৰ মাজত টি-২০ শৃংখলা চলি আছে । ইতিমধ্যে ৩ খন টি-২০ মেচ সম্পূৰ্ণ হৈছে । এতিয়াও শৃংখলাটোৰ ২ খন টি-২০ মেচ বাকী আছে । চতুৰ্থখন টি-২০ মেচৰ পূৰ্বে নিউজীলেণ্ড দলটোৰ বাবে এক হতাশাজনক খবৰ । দলটোৰ অপেনাৰ ডেভন কনৱে ক'ভিডত আক্ৰান্ত হৈছে । যাৰ বাবে শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা হেগলি ওভালত পাকিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া চতুৰ্থ খন টি-২০ খেলৰ পৰা খেলুৱৈগৰাকী বাহিৰ হৈছে ।

খেলখনৰ পূৰ্বে ডেভন কনৱেৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল ৷ য'ত তেওঁৰ দেহত ক'ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰিছে । ইয়াৰ লগে লগে তেওঁ পঞ্চমখন খেলতো অংশগ্ৰহণ কৰিব নোৱাৰিব ।

নিউজীলেণ্ডৰ তাৰকা বেটছমেনগৰাকীক ২০২৪ চনৰ আইপিএলৰ বাবে চেন্নাই চুপাৰ কিংছে পুনৰ ক্ৰয় কৰিছে । ১ কোটি টকাত চেন্নাই চুপাৰ কিংছে আহি থকা আইপিএল ছিজনৰ বাবে ক্ৰয় কৰিছে । আইপিএলত সচৰাচৰ অপেনিং কৰা বেটছমেনগৰাকী অতি আক্ৰমণাত্মক চৰিত্ৰৰ বাবে জনাজাত । আইপিএলত পূৰ্বে তেওঁ কেইবাটাও আকৰ্ষণীয় ইনিংছ খেলিছে ।

ইফালে কনৱেৰ পূৰ্বে নিউজীলেণ্ডৰ ক্ৰিকেটাৰ মিচেল চেণ্টনাৰো ক'ভিডত আক্ৰান্ত হৈছিল । যাৰ বাবে তেওঁক দলৰ পৰা বাদ দিয়া হৈছিল । অৱশ্যে তেওঁ এতিয়া সুস্থ হৈ চতুৰ্থ টি-২০ খেলখনত নিউজীলেণ্ড দলটোক নেতৃত্ব দিয়া দেখা যাব । তেওঁৰ পিচত কনৱেকো ক'ভিড পজিটিভ বুলি পোৱাৰ লগে লগে দলটোৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, নিউজীলেণ্ডে শৃংখলাটোৰ তিনিওখন মেচতে জয়ী হৈছে । ৫ খন খেলৰ টি-২০ শৃংখলাত পাকিস্তান ৩-০ত পিছ পৰি আছে । নিউজীলেণ্ডে শৃংখলাটোৰ ক্লিন চুইপৰ দিশত আগবাঢ়িছে ।

লগতে পঢ়ক :অলিম্পিকৰ যোগ্যতা অৰ্জন, ভাৰতীয় মহিলা হকী দলৰ সন্মুখত অন্তিম সুযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.