ETV Bharat / sports

Yuvraj Singh on MS Dhoni: মহেন্দ্ৰ সিং ধোনী আৰু মই ঘনিষ্ঠ বন্ধু নহয়; যুৱৰাজ সিং

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 9:05 PM IST

Yuvraj Singh on MS Dhoni
মহেন্দ্ৰ সিং ধোনী সন্দৰ্ভত যুৱৰাজ সিঙ

যুৱৰাজ সিঙে শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ আৰু এম এছ ধোনী ঘনিষ্ঠ বন্ধু নহয় বুলি মন্তব্য কৰিছে ৷ শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত যুৱৰাজে কয় যে তেওঁ আৰু ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকী ঘনিষ্ঠ বন্ধু নহয় ৷

স্পৰ্টছ ডেস্ক, 5 নৱেম্বৰ : ভাৰতৰ প্ৰাক্তন অল-ৰাউণ্ডাৰ যুৱৰাজ সিঙে শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ আৰু এম এছ ধোনী ঘনিষ্ঠ বন্ধু নহয় বুলি এক চাঞ্চল্যকৰ বক্তব্য আগবঢ়াইছে ৷

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকী বিশ্বৰ অন্যতম মানসম্পন্ন ফিল্ডাৰ হিচাপে পৰিচিত আছিল আৰু উইকেটৰ মাজত তেওঁৰ দ্ৰুত ৰাণ যথেষ্ট জনপ্ৰিয় আছিল ৷ এম এছ ধোনীৰ সৈতে তেওঁৰ উইকেটৰ মাজত দৌৰাটো তেওঁৰ খেলৰ জনপ্ৰিয় দিশ আছিল আৰু আগতে দুয়োজনৰে খেলপথাৰত ভাল কেমেষ্ট্ৰি আছিল ৷ এইদৰে দুয়োজন ঘনিষ্ঠ বন্ধু বুলি ধাৰণা কৰা হৈছিল যদিও শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত যুৱৰাজে এই দাবী অস্বীকাৰ কৰি কয় যে তেওঁ আৰু ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকী ঘনিষ্ঠ বন্ধু নহয় ৷

"মই ৰাজনৈতিকভাৱে শুদ্ধ হ'ব লাগে নে সৎ হ'ব লাগে ? ৰাজনৈতিকভাৱে শুদ্ধ হওঁ কাৰণ মাহী (মহেন্দ্ৰ সিং ধোনী)ক সুধিলে তেওঁ ৰাজনৈতিকভাৱে শুদ্ধ হ'ব ৷ মই আৰু মাহী (মহেন্দ্ৰ সিং ধোনী) ঘনিষ্ঠ বন্ধু নহয়; আমি ক্ৰিকেটৰ বাবে বন্ধু আছিলোঁ ৷ আমি একেলগে খেলিছিলো ৷ মোৰ জীৱনশৈলী তেওঁৰ পৰা বহুত বেলেগ আছিল, গতিকে আমি কেতিয়াও ঘনিষ্ঠ বন্ধু নাছিলোঁ ৷" দ্য ৰণবীৰ শ্ব’ (টি আৰ এছ) প’ডকাষ্টত এইদৰে কয় যুৱৰাজ সিঙে ৷

এম এছ ধোনী আৰু যুৱৰাজ সিং - দুয়োজনেই খেলপথাৰত দ্ৰুততাৰে ৰাণ লৈছিল ৷ একেটা বিষয়তে নিজৰ মতামত ব্যক্ত কৰি যুৱৰাজ সিঙে মন্তব্য কৰে যে তেওঁলোকে খেলপথাৰত দলটোক 100 শতাংশ দিয়াৰ লক্ষ্য লৈছিল ৷ লগতে তেওঁ কয় যে আগতে অধিনায়ক আৰু উপ-অধিনায়ক হিচাপে তেওঁলোকৰ মাজত মতামতৰ সংঘাত হৈছিল ৷

যুৱৰাজ সিঙে কয়, "যেতিয়া মই আৰু মাহীয়ে খেলপথাৰত গৈছিলো, আমি আমাৰ দেশৰ বাবে 100 শতাংশতকৈ অধিক দিছিলো ৷ তেওঁ অধিনায়ক আছিল আৰু মই আছিলোঁ উপ-অধিনায়ক ৷ যেতিয়া তেওঁ দললৈ আহিছিল, তেতিয়া তেওঁ মোতকৈ চাৰি বছৰ জুনিয়ৰ আছিল ৷"

পঞ্জাৱৰ খেলুৱৈগৰাকীয়ে কয় যে "অধিনায়ক আৰু উপ-অধিনায়কৰ মাজত সিদ্ধান্তৰ পাৰ্থক্য থাকিব ৷ কেতিয়াবা তেওঁ মোৰ ভাল নোপোৱা সিদ্ধান্ত লৈছিল, কেতিয়াবা মই তেওঁৰ ভাল নোপোৱা সিদ্ধান্ত লৈছিলো ৷"

লগতে পঢ়ক: ICC World Cup 2023 : কোহলীৰ 49 সংখ্যক এদিনীয়া শতকৰ পিচতে শচীন তেণ্ডুলকাৰৰ বিশেষ পোষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.