ETV Bharat / sports

কিয় মানসিকভাৱে ভাগি পৰিছে ঈশান কিষাণ ?

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 4:49 PM IST

Ishan Kishan out of the team due to mental fatigue
কিয় মানসিকভাৱে ভাগি পৰিছে ঈশান কিষাণ

Ishan Kishan out of the team: উন্নত প্ৰদৰ্শনৰ পাছতো বাৰে বাৰে প্লেয়িং ১১ত স্থান পোৱাত ব্যৰ্থ হৈছে ঈশান কিষাণ । দলৰ বিকল্প হিচাপেহে তেওঁ ৰখা হৈছে নেকি ? এনেবোৰ কথা মানসিক কষ্ট দিছে নেকি কিষাণক ?

স্পৰ্টছ ডেস্ক,২৩ ডিচেম্বৰ : অহা ২৬ ডিচেম্বৰৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট শৃংখলা আৰম্ভ হ'ব । তাৰ পূৰ্বে ভাৰতীয় দলটোৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে । উইকেটকিপাৰ-বেটছমেন ঈশান কিষাণক লৈ এক গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে । সূত্ৰৰ মতে মানসিক অৱসাদৰ বাবে ঈশান কিষাণে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা বিৰতি লৈছে । ঈশানে বিচিচিআই আৰু দল পৰিচালনাক অনুৰোধ কৰিছিল যে তেওঁ নিৰন্তৰ ভ্ৰমণ আৰু ব্যস্ততাৰ বাবে ভাগৰি পৰিছে । এনে পৰিস্থিতিত, তেওঁক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা বিশ্ৰাম দিয়া উচিত ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে তেওঁৰ অনুৰোধ গ্ৰহণ কৰে আৰু দলৰ তালিকাৰ পৰা তেওঁৰ নাম প্ৰত্যাহ্বাৰ কৰে । তেওঁক ২৬ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ খেলিবলগীয়া দুখন টেষ্ট শৃংখলাৰ পৰা বাদ দিয়া হৈছে আৰু কে এছ ভৰতক তেওঁৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ মাজতে প্ৰশ্ন উত্থাপিত হৈছে যে ঈশানে সঁচাকৈয়ে ভাগৰুৱা আছিল নেকি ? তেওঁ ইমান ডাঙৰ শৃংখলাৰ পৰা কিয় নিজৰ নাম প্ৰত্যাহাৰ কৰিলে ?

ভাৰতীয় ক্ৰিকেট দলত স্থান পাবলৈ খেলুৱৈসকলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱা দেখা যায় । দলত এবাৰত সৰ্বাধিক ১৫ বা ১৮ জন খেলুৱৈ অন্তৰ্ভুক্ত কৰা হয় । ঈশানৰ নামো প্ৰায়ে এই তালিকাত অন্তৰ্ভুক্ত কৰা হয় কিন্তু তেওঁক প্লেয়িং ১১ত অন্তৰ্ভুক্ত কৰা নহয় । ঈশানক ভাৰতীয় দলৰ বাবে বিকল্প হিচাপে ব্যৱহাৰ কৰা হয় । যদি ৰোহিত শৰ্মা আৰু শুভমান গিল নাথাকে, তেন্তে তেওঁক ইনিংছ আৰম্ভ কৰিবলৈ পঠোৱা হয় । কিন্তু তেওঁলোক উপলব্ধ হোৱাৰ লগে লগে তেওঁক দলৰ পৰা বাদ দিয়া হয় । দ্বৈত শতক অৰ্জন কৰাৰ পাছতো ঈশানক প্লেয়িং ১১ত অন্তৰ্ভুক্ত কৰা নহয় ।

আইচিচি পুৰুষৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ পূৰ্বে আঘাতৰ বাবে কে এল ৰাহুল আৰু শ্ৰেয়স আয়াৰ দলৰ বাহিৰত আছিল । এনে পৰিস্থিতিত, ঈশান কিষাণক দুয়োজনৰ অভাৱৰ বাবে মিডল অৰ্ডাৰত বিকল্প হিচাপে ৰখা হৈছিল । ঈশানেও ৪ আৰু ৫ নম্বৰত ভাল প্ৰদৰ্শন কৰিছিল কিন্তু এছিয়া কাপ ২০২৩ ৰ পৰা এই দুয়োজন খেলুৱৈ দললৈ উভতি অহাৰ লগে লগে ঈশানক প্লেয়িং-১১ ৰ পৰা বাদ দিয়া হয় । বিশ্বকাপত যেতিয়া শুভমান গিল ডেংগুত আক্ৰান্ত হৈছিল ঈশানে ইনিংছ আৰম্ভ কৰিছিল কিন্তু যেতিয়া গিল ঘূৰি আহিছিল, ঈশানক পুনৰ প্লেয়িং ১১ ৰ পৰা বাদ দিয়া হৈছিল ।

২০২২ চনৰ শেষৰ ফালে ঋষভ পন্ত দুৰ্ঘটনাত পতিত হোৱাৰ পিচত ঈশানক টেষ্ট ক্ৰিকেটত উইকেটকিপাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল । তেওঁ তাত ভাল প্ৰদৰ্শন কৰিছিল । তথাপিও প্লেয়িং ১১ত তেওঁৰ স্থান নিশ্চিত হোৱা নাই । যেতিয়া পন্ত ঘূৰি আহিব ঈশানক লগে লগে বাদ দিয়া হ'ব ।

এগৰাকী খেলুৱৈ হিচাপে ঈশান কিষাণে দলৰ অন্তৰ্ভুক্ত হৈ থাকি, সদায় ভ্ৰমণ কৰি, প্লেয়িং ১১ ৰ অংশ নোহোৱাটোৱে সম্ভৱত তেওঁক মানসিকভাৱে আঘাত কৰিব । অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ পাছতো তেওঁ দলৰ বাহিৰত থাকিব লগা হৈছিল । সেয়ে সম্ভৱত তেওঁ মানসিকভাৱে ভাগি পৰিছে আৰু আহিবলগীয়া টেষ্টৰ পৰা তেওঁ নাম বাদ দিবলৈ অনুৰোধ জনাইছে ! অৱশ্যে এয়া একাংশ অনুৰাগীৰ সন্দেহ ।

লগতে পঢ়ক :ঝাৰখণ্ডত বিধায়িকাৰ সন্মুখতে উচুপি উঠিল মণিপুৰৰ খেলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.