ETV Bharat / sports

ICC Mens T20 International Cricketer : সূৰ্যকুমাৰ যাদৱ ২০২২ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ আইচিচি টি২০ ক্ৰিকেটাৰ

author img

By

Published : Jan 25, 2023, 8:30 PM IST

Suryakumar
Suryakumar

ভাৰতীয় বেটছমেন সূৰ্যকুমাৰ যাদৱক ২০২২ বৰ্ষৰ আইচিচি পুৰুষ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ বঁটা প্ৰদান কৰা হৈছে (ICC Mens T20 International Cricketer of 2022) । 2021 বৰ্ষত এই বঁটা পাকিস্তানৰ উইকেটকীপাৰ মহম্মদ ৰিজৱানক প্ৰদান কৰা হৈছিল ।

স্পৰ্টছ ডেস্ক, ২৫ জানুৱাৰী : ভাৰতীয় বেটছমেন সূৰ্যকুমাৰ যাদৱক ২০২২ বৰ্ষৰ বাবে আইচিচি পুৰুষ টি-২০ ক্ৰিকেটাৰ বঁটা প্ৰদান কৰা হৈছে (Suryakumar Yadav belongs ICC mens T20 award 2022) । উল্লেখ্য, সূৰ্যকুমাৰ যাদৱে ২০২২ চনত তেওঁৰ বেটেৰে ধুমুহাৰ সৃষ্টি কৰিছিল । 2022 চনত সূৰ্যকুমাৰ যাদৱ টি-20 ফৰ্মেটত বিশ্বৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল (Indian batsman Suryakumar Yadav) । তেওঁ টি-২০ আন্তৰ্জাতিক বৰ্ষত হাজাৰতকৈ অধিক ৰাণ সংগ্ৰহ কৰা কেৱল দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হৈছিল । তেওঁ ১৮৭.৪৩ ষ্ট্ৰাইক ৰেটেৰে ১১৬৪ ৰাণ সংগ্ৰহ কৰিছিল । যাৰ বাবে সূৰ্যকুমাৰ যাদৱক এই ডাঙৰ সন্মান প্ৰদান কৰা হৈছে (ICC Mens T20 International Cricketer of 2022) ।

উল্লেখ্য, 2022 চনত সূৰ্যকুমাৰ যাদৱে 31 খন টি-20 মেচত 46.56 গড় আৰু 187.43 ষ্ট্ৰাইক ৰেটত 1164 ৰাণ সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ৬৮ টা ছয় ওলাইছিল । তেওঁ এবছৰৰ ভিতৰত টি-২০-ত সৰ্বাধিক স্ক'ৰাৰ হৈ পৰিছে (Highest T20 scorer in a year Suryakumar) । তেওঁ ২০২২ চনত দুটা শতক আৰু নটা অৰ্ধশতক অৰ্জন কৰিছিল ।

সূৰ্যকুমাৰ যাদৱে ইংলেণ্ডত প্ৰথম শতক আৰু নিউজীলেণ্ডত দ্বিতীয়টো শতক অৰ্জন কৰিছিল । একে সময়তে অষ্ট্ৰেলিয়াত অনুষ্ঠিত আইচিচি পুৰুষটি-২০ বিশ্বকাপ, ২০২২-ত তেওঁৰ বেটৰ পৰা ধুমুহাৰ গতিত ৰাণ ওলাইছিল । তেওঁ 6 টা ইনিংছত তিনিটা অৰ্ধশতক অৰ্জন কৰিছিল । এই সময়ছোৱাত তেওঁৰ ষ্ট্ৰাইক ৰেট প্ৰায় ১৯০ আছিল আৰু গড় আছিল ৬০ ।

সূৰ্যকুমাৰ যাদৱে এই দৌৰত ইংলেণ্ডৰ ছেম কুৰান, জিম্বাবোৱেৰ চিকন্দৰ ৰাজা আৰু পাকিস্তানৰ মহম্মদ ৰিজৱানক পৰাস্ত কৰে । তেওঁলোক দুজনকো আইচিচি পুৰুষ ক্ৰিকেটাৰ অব দ্য ইয়েৰ বঁটাৰ বাবে মনোনীত কৰা হৈছিল । উল্লেখ্য, সূৰ্যকুমাৰ যাদৱ এতিয়াও টি-২০ ফৰ্মেটত বিশ্বৰ ১ নম্বৰ বেটছমেন । তেওঁৰ বৰ্তমান ৯০৮ ৰেটিং পইণ্ট আছে । যোৱা বছৰ তেওঁ এক নম্বৰত উপনীত হৈছিল । ইয়াৰ উপৰি সূৰ্যই 2023 বৰ্ষটোও ভালদৰে আৰম্ভ কৰিছে । তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ টি-২০ শৃংখলাত অৰ্ধশতক আৰু এটা শতক অৰ্জন কৰিছে ।

লগতে পঢ়ক :গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.