ETV Bharat / sports

MS Dhoni: নিজৰ জীৱনত ইতিবাচক পৰিৱৰ্তন তথা ব্যক্তিত্ব বিকাশৰ বাবে ধোনীৰ পৰা লওক এই শিক্ষা

author img

By

Published : Apr 5, 2023, 5:43 PM IST

Must take these 4 lessons from MS Dhoni positive change will come in both life and personality
নিজৰ জীৱনত ইতিবাচক পৰিৱৰ্তন তথা ব্যক্তিত্ব বিকাশৰ বাবে ধোনীৰ পৰা লওক এই শিক্ষা

ধোনীৰ ব্যক্তিত্ব ইমানেই শক্তিশালী যে বহু অনুৰাগীয়ে তেওঁক নিজৰ আদৰ্শ বুলি গণ্য কৰে । ধোনীৰ এনে বহু বিশেষত্ব আছে, যিসমূহ অনুসৰণ কৰি আমি সকলোৱে নিজৰ মাজত এক ডাঙৰ পৰিৱৰ্তন আনিব পাৰো । ইয়াৰ বিষয়ে সবিশেষ জানো আহক...

নিউজ ডেস্ক, 5 এপ্ৰিল: কোটি কোটি অনুৰাগীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত এম এছ ধোনীৰ দূৰন্ত বেটিং চাবলৈ আগ্ৰহী হৈ আছে । উল্লেখ্য যে, ধোনীৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে যে আই পি এল ২০২৩ ধোনিৰ অন্তিমখন টুৰ্ণামেণ্ট নেকি ! অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই (IPL 2023) ।

আপোনালোকক জনাই দিওঁ যে, ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক ধোনী (MS Dhoni)ক তেওঁৰ সৰলতা আৰু শান্ত স্বভাৱৰ বাবে অতিশয় ভাল লাগে । ধোনীৰ ব্যক্তিত্ব ইমানেই শক্তিশালী যে, বহু অনুৰাগীয়ে তেওঁক নিজৰ আদৰ্শ বুলি গণ্য কৰে । ধোনীৰ এনে বহুতো বিশেষত্ব আছে, শিকিলে আমি সকলোৱে নিজৰ মাজত এক ডাঙৰ পৰিৱৰ্তন আনিব পাৰো । আহক জানো জীৱনৰ কি কি ক্ষেত্ৰত কিছুমান সাল-সলনি কৰি আমি আমাৰ ব্যক্তিত্বৰ বিকাশ কৰিব পাৰো ৷

প্ৰত্যেক মুহূৰ্তক উপভোগ কৰা

এম এছ ধোনীক লৈ কোৱা হয় যে, তেওঁ প্ৰতিটো মুহূৰ্ত ভালদৰে উপভোগ তথা জীয়াবলৈ চেষ্টা কৰে (Captain MS Dhoni)। ধোনীয়ে বৰ্তমানৰ ওপৰত বিশ্বাস কৰি কাম কৰে যাতে তেওঁৰ ভৱিষ্যত জীৱন উন্নত হয় । জীৱনৰ এই নীতি প্ৰত্যেকেই গ্ৰহণ কৰা উচিত । এটা কথা আছে যে, আজি আমি যিটো কৰিছো, সেইটোৱে আমি ভৱিষ্যতে কি কৰিম সেইটোও নিৰ্ণয় কৰে ।

আপোনাৰ শ্ৰেষ্ঠখিনি দিয়ক

নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমেৰে দেশলৈ বিশ্বকাপৰ খিতাপ দখল কৰা ভাৰতীয় অধিনায়কসকলৰ ভিতৰত ধোনী অন্যতম । কেৱল অধিনায়ক হিচাপেই নহয় খেলুৱৈ হিচাপেও ধোনীয়ে সদায় যৎপৰোনাস্তি দিবলৈ চেষ্টা কৰি আহিছে । ধোনীৰ দৰে আমি সকলোৱে নিজৰ সাধ্য অনুসৰি দিয়া উচিত কাৰণ ইয়াৰ দ্বাৰা কেৰিয়াৰ আৰু ব্যক্তিত্ব দুয়োটাৰে লাভ হয় ।

নিজৰ শক্তি আৰু দুৰ্বলতাবোৰ জানি লওক

খবৰ অনুসৰি মহেন্দ্ৰ সিং ধোনী এনে এজন ব্যক্তি যিয়ে সদায় নিজৰ অভাৱ আৰু শক্তি চিনাক্ত কৰিবলৈ চেষ্টা কৰে (Mahendra Singh Dhoni)। এজন সফল ব্যক্তিৰ বিশেষত্ব হ’ল তেওঁ সদায় নিজৰ ভুলৰ পৰা শিকে আৰু চেষ্টা কৰে যে আৰু কেতিয়াও এনেকুৱা হ’ব নালাগে ।

আগবাঢ়ক

ধোনীয়েও জীৱনত সংগ্ৰামৰ সময়ছোৱাৰ সন্মুখীন হৈছিল আৰু তেওঁৰ কঠোৰ পৰিশ্ৰমৰ পৰা শিকিব পৰা মানুহৰ অভাৱ নাই (Personality Development )। উল্লেখ্য যে, আপুনিও আপোনাৰ জীৱনত মুভ অন অৰ্থাৎ কেনেকৈ জীৱনত আগবাঢ়ি যাব পাৰে সেইবিষয়ে প্ৰাক্তন অধিনায়ক ধোনীৰ পৰা শিক্ষা ল'ব পাৰে । ইয়াৰ বাহিৰেও ধোনীক সদায় শিক্ষণৰ প্ৰৱণতা গ্ৰহণ কৰা লোকসকলৰ শাৰীত গণ্য কৰা হয় । যদি আপুনি ব্যক্তিত্বৰ ইতিবাচক পৰিৱৰ্তন বিচাৰে তেন্তে ধোনীৰ দৰে ব্যক্তিত্বৰ এইসমূহ গুণক অনুসৰণ কৰিব পাৰে (Personality Development Tips)।

লগতে পঢ়ক: Skin care tips for Men: গ্ৰীষ্মকালত পুৰুষসকলে এনেদৰে লওক নিজৰ ছালৰ যতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.