ETV Bharat / sports

চেন্নাইৰ অধিনায়ক হিচাপে আইপিএলত ২০০ খন খেল সম্পন্ন ধোনীৰ

author img

By

Published : Apr 20, 2021, 2:19 PM IST

চেন্নাইৰ অধিনায়ক হিচাপে আইপিএলত ধোনীৰ ২০০ খন খেল
চেন্নাইৰ অধিনায়ক হিচাপে আইপিএলত ধোনীৰ ২০০ খন খেল

চিএছকেৰ হৈ আইপিএল আৰু চেম্পিয়নছ লীগ টি-২০ ত ধোনীয়ে মুঠ ২০৭ খন খেলত অৱতীৰ্ণ হৈছে । বিগত সপ্তাহত পাঞ্জাৱৰ বিৰুদ্ধে হোৱা খেল খনৰ জৰিয়তে ধোনীয়ে দলটোৰ হৈ ২০০ খন খেল খেলাৰ অভিলেখ গঢ়িছিল । ইফালে ২০১২ চনত চেম্পিয়নছ লীগৰ এখন খেলত সুৰেশ ৰাইনা চিএছকেৰ অধিনায়ক আছিল ।

স্পৰ্টছ ডেস্ক, ২০ মাৰ্চ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চলি থকাৰ মাজতে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ এক অভিলেখ । আইপিএলত চেন্নাই দলটোৰ অধিনায়ক হিচাপে ২০০ খন খেল খেলিলে ধোনীয়ে । সোমবাৰে ৱাংখেডেত অনুষ্ঠিত ৰাজস্থানৰ বিৰুদ্ধে খেলখনৰ জৰিয়তে এই খিতাপ অৰ্জন ধোনীৰ । চিএছকেৰ হৈ আইপিএল আৰু চেম্পিয়নছ লীগ টি-২০ ত ধোনীয়ে মুঠ ২০৭ খন খেলত অৱতীৰ্ণ হৈছে । যোৱা সপ্তাহত পাঞ্জাৱৰ বিৰুদ্ধে হোৱা খেল খনৰ জৰিয়তে ধোনীয়ে দলটোৰ হৈ ২০০ খন খেল খেলাৰ অভিলেখ গঢ়িছিল । ইফালে ২০১২ চনত চেম্পিয়নছ লীগৰ এখন খেলত সুৰেশ ৰাইনা চিএছকেৰ অধিনায়ক আছিল ।

চিএছকে নিষিদ্ধ হৈ থকাৰ সময়ত ধোনীয়ে ২০১৬-১৭ বৰ্ষত ৰাইজিং পুনে চুপাৰজায়েণ্টৰ হৈ ৩০ খন আইপিএল মেচ খেলিছিল । ৩৯ বছৰীয়া খেলুৱৈ গৰাকীৰ নেতৃত্বত চিএছকে দলটোৱে এতিয়ালৈ তিনিবাৰকৈ আইপিএলৰ খিতাপ লাভ কৰিছে । লগতে আইপিএলত ৪,৬৩২ ৰাণ সংগ্ৰহ কৰি শীৰ্ষ ৰাণ সংগ্ৰহকাৰীৰ তালিকাত ৮ম স্থানত আছে এম এছ ধোনী ।

সোমবাৰৰ খেলখনত ৰাজস্থানৰ অধিনায়ক সঞ্জু ছেমছনে টছত জয়ী হৈছিল আৰু বলিঙৰ সিদ্ধান্ত লৈছিল । দুয়োটা দলে শেষৰ একোখনকৈ খেলত জয়ী হোৱাৰ পিছত দলৰ কোনো সালসলনি কৰা নাই । অৱশ্যে চিএছকে আৰু ৰাজস্থানে ছিজনৰ উদ্ধোধনী মেচত পৰাজিত হৈছিল ।

লগতে পঢ়ক:আজি মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.