ETV Bharat / sports

মুম্বাই বনাম কলকাতা: ডি ক'কৰ অন্তৰ্ভুক্তিৰে শক্তিশালী মুম্বাই

author img

By

Published : Apr 13, 2021, 7:32 PM IST

নিয়মীয়া অপেনাৰ কুইন্টন ডি ক'ক দক্ষিণ আফ্ৰিকাৰ পৰা অহাৰ পিছত কোৱাৰেণ্টাইনত থাকিব লগীয়া হৈছিল যাৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ (আৰচিবি) বিৰুদ্ধে খেলিব নোৱাৰিলে । অৱশ্যে তেওঁ দেওবাৰে প্ৰশিক্ষণলৈ উভতি আহিছে আৰু মঙলবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ (কেকেআৰ) বিৰুদ্ধে দ্বিতীয়খন মেচত অংশগ্ৰহণ কৰিব ।

স্পৰ্টছ ডেস্ক,১৩ এপ্ৰিল: মুম্বাই ইণ্ডিয়ানছে কেইবাটাও সমস্যাৰ সন্মুখীন হোৱাৰ বাবেই আই পি এল ২০২১ত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হাতত প্ৰথমখন মেচত পৰাজিত হৈছিল ।

দলটোৰ নিয়মীয়া অপেনাৰ কুইন্টন ডি ক'ক দক্ষিণ আফ্ৰিকাৰ পৰা অহাৰ পিছত কোৱাৰেণ্টাইনত থাকিব লগীয়া হৈছিল যাৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ (আৰচিবি) বিৰুদ্ধে খেলিব নোৱাৰিলে । অৱশ্যে তেওঁ দেওবাৰে প্ৰশিক্ষণলৈ উভতি আহিছে আৰু মঙলবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ (কেকেআৰ) বিৰুদ্ধে দ্বিতীয়খন মেচত অংশগ্ৰহণ কৰিব ।

ইয়াৰ অৰ্থ হৈছে যে ৯ এপ্ৰিলত আৰচিবিৰ বিৰুদ্ধে পৰাজয়ৰ খেলখনত সৰ্বাধিক স্ক'ৰাৰ ক্ৰিছ লিন ৱাৰ্ম বেঞ্চত বহিব লগীয়া হ'ব পাৰে কাৰণ উইকেটকিপাৰ বেটছমেন ডি ক'কে ৰোহিত শৰ্মাৰ সৈতে অপেনিঙত আহিব পাৰে ।

মুম্বাই ইণ্ডিয়ানছৰ ক্ৰিকেটিং অপাৰেচনৰ সঞ্চালক জাহিৰ খানে জনোৱা মতে মঙলবাৰৰ খেলৰ বাবে ক'ক উপলব্ধ হ'ব পাৰে । যোৱা খেলত হৰ্ষল পেটেলৰ কিছু অনুপ্ৰাণিত আৰু বুদ্ধিমান বলিঙৰ বাবে মুম্বাইৰ দলটোৰ মধ্য আৰু তলৰ বেটিং অৰ্ডাৰ ধৰাশায়ী হোৱা পৰিলক্ষিত হৈছিল । যিহেতু মধ্যক্ৰমত পাণ্ডিয়া ভাতৃ আৰু পোলাৰ্ডৰ দৰে বিগ হিটাৰ আছে সেয়ে একেৰাহে দুখনত বিফল হোৱাৰ আশা যথেষ্ট ক্ষীণ ।

এইবোৰ কাৰণতে কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে মঙলবাৰৰ খেলখন যথেষ্ট প্ৰত্যাহ্বানৰ হ'ব । যোৱাটো চিজনত কলকাতা দলটোৱে স্পিনাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল যদিও দেওবাৰৰ খেলত স্পিনাৰে যথেষ্ট প্ৰভাৱান্বিত কৰিব নোৱাৰিলে । মুম্বাইৰ দলটোৰ বেটিং অৰ্ডাৰ ইয়ন মৰ্গানৰ বাবে চিন্তাৰ কাৰণ হ'ব পাৰে । দ্বিতীয় পৰিৱৰ্তন হিচাপে পেত কামিঞ্চ পুনৰ কলকাতাৰ বলিং অৰ্ডাৰৰ চাবি-কাঠি হ'ব পাৰে ।

.......CHANGE THUMBNAIL.....

লগতে পঢ়ক:আজি ৱাংখেৰেত ৰাজস্থানৰ বিৰুদ্ধে পাঞ্জাৱ কিংছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.