চলিত IPLৰ বাকী কেইখন খেল নেখেলে ক্ৰিছ গেইলে

author img

By

Published : Oct 1, 2021, 11:09 AM IST

Punjab Kings

ৱেষ্ট ইণ্ডিজৰ তাৰকা বেটছমেন তথা বেটিঙৰ আক্ৰমণাত্মক চৰিত্ৰৰ বাবে জনাজাত ক্ৰিছ গেইল । বিশেষকৈ টি-২০ বা আইপিএলত তেওঁৰ বেটিং চাবলৈ বহুতে আগ্ৰহেৰে ৰৈ থাকে । এইবাৰ আইপিএলত পাঞ্জাৱ কিংছৰ হৈ খেলিছে খেলুৱৈ গৰাকীয়ে । কিন্তু হঠাৎ কিয় আইপিএল এৰিলে খেলুৱৈগৰাকীয়ে ?

স্পৰ্টছ ডেস্ক, ১ অক্টোবৰ : চলি আছে আইপিএলৰ (IPL) দ্বিতীয় অংশ । ইয়াৰ মাজতে পাঞ্জাৱ কিংছৰ (Punjab Kings) সমৰ্থকৰ বাবে এক বেয়া খবৰ । আইপিএলৰ বাকী কেইখন খেলত দেখা নাযাব কেৰিবিয়ান বেটছমেন ক্ৰিছ গেইলক (Chris Gayle) । আইপিএলৰ বাকী কেইখন খেলত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে তাৰকা খেলুৱৈ গৰাকীয়ে ।

শেহতীয়াকৈ কেইবাটাও প্ৰতিযোগিতাত একেৰাহে অংশগ্ৰহণ কৰিছে গেইলে । একেৰাহে নিজৰ দল ৱেষ্ট ইণ্ডিজৰ উপৰিও কেৰিবিয়ান প্ৰিমিয়াৰ লীগত (Caribbean Premier League) খেলিছে খেলুৱৈগৰাকীয়ে । তাৰ পাছতে পোনে পোনে আহি আইপিএলত অংশগ্ৰহণ কৰিছিল খেলুৱৈগৰাকীয়ে । সেয়ে তেওঁ ভাগৰ অনুভৱ কৰিছে ।

ইফালে কেইসপ্তাহমানৰ ভিতৰতে ইউএইত (UAE) অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপত ঘৰুৱা ৱেষ্ট ইণ্ডিজ দলক প্ৰতিনিধিত্ব কৰিব গেইলে । যাৰ বাবে তেওঁ বিশ্বকাপৰ পূৰ্বে ডুবাইত থাকি নিজকে মানসিকভাৱে প্ৰস্তুত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে । শুকুৰবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ (Kolkata Knight Riders) বিৰুদ্ধে পাঞ্জাৱৰ খেলখনৰ পূৰ্বে গেইলৰ এই ঘোষণাই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।

চলিত আইপিএলত গেইলে দহখন খেলত পঞ্জাৱ কিংছৰ হৈ ১২৫.৩২ ষ্ট্ৰাইক ৰেটত ২১.৪৪ গড়ে ১৯৩ ৰাণ সংগ্ৰহ কৰিছে । গেইলে উল্লেখ কৰা মতে তেওঁ যোৱা কেইমাহমানৰ পৰা একেৰাহে নিজৰ ঘৰুৱা দল ৱেষ্ট ইণ্ডিজ, চিপিএল (CPL) আৰু তাৰ পাছত আই পি এলত অংশগ্ৰহণ কৰিছে । সেয়ে তেওঁ মানসিকভাৱে প্ৰস্তুত হ'ব বিচাৰিছে । কিয়নো আহি থকা টি-২০ বিশ্বকাপত তেওঁ নিজৰ দলটোক সহায় কৰিব বিচাৰে ।

পাঞ্জাৱ কিংছে তেওঁৰ এই অনুৰোধ মানি লোৱাৰ বাবে পাঞ্জাৱ কিংছক ধন্যবাদ জ্ঞাপন কৰে গেইলে । তেওঁ উল্লেখ কৰা মতে দলটোৰ প্ৰতি তেওঁৰ মৰম আৰু গুৰুত্ব সদায় থাকিব । লগতে আহি থকা খেল কেইখনত দলটোৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰে গেইলে ।

ইফালে গেইলৰ সিদ্ধান্তক আদৰণি জনাইছে পঞ্জাৱ কিংছৰ মুখ্য প্ৰশিক্ষক আৰু ক্ৰিকেট সঞ্চালক অনিল কুম্বলেয়ে । তেওঁ কয় যে, গেইলৰ বিৰুদ্ধে তেওঁ খেলিছে আৰু যোৱা এবছৰ ধৰি পৰিয়ালৰ দৰে তেওঁক লগ পাইছে । সেয়ে তেওঁ বিশ্বকাপৰ প্ৰাকক্ষণত নিজৰ ঘৰুৱা দলটোৰ বাবে যি সিদ্ধান্ত লৈছে তাক সন্মান জনাইছে অনিল কুম্বলেয়ে ।

পাঞ্জাৱ কিংছৰ মুখ্য কাৰ্যবাহী বিষয়া সতীশ মেননেও ক্ৰিছ গেইলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে তেওঁক দলে সকলো ধৰণৰ সমৰ্থন আগবঢ়াইছে আৰু তেওঁৰ সফলতাৰ বাবে সকলোৱে প্ৰাৰ্থনা জনাইছে । উল্লেখ্য যে এঘাৰখন খেলৰ ভিতৰত আঠ পইণ্টৰ সৈতে পঞ্জাৱ দলটো পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে ।

লগতে পঢ়ক :বিশ্বকাপ কোৱালিফায়াৰত আৰ্জেণ্টিনা দলক নেতৃত্ব দিব মেছিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.