ETV Bharat / sports

IPL 1000th match: ৱাংখেড়েত আই পি এলৰ 1000 সংখ্যক খেলত ৰাজস্থানৰ বিৰুদ্ধে 6 উইকেটত জয়ী মুম্বাই

author img

By

Published : Apr 30, 2023, 10:06 PM IST

Updated : May 1, 2023, 6:09 AM IST

আই পি এলৰ 1000 সংখ্যক খেলখনত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে অপেনাৰ যশস্বী জয়ছোৱালৰ বিস্ফোৰক 124 ৰাণৰ সহায়ত মুম্বাই ইণ্ডিয়ানছক 213 ৰাণৰ লক্ষ্য বান্ধি দিয়ে (IPL 2023 MI vs RR) ৷ কিন্তু মুম্বাইৰ বেটছমেন টিম ডেভিদৰ বিস্ফোৰক বেটিঙৰ সহায়ত 6 উইকেটত ৰাজস্থানক পৰাস্ত কৰে ৰোহিত বাহিনীয়ে ৷

IPL 1000th match
ipl-1000th-match-mi-vs-rr

নিউজ ডেস্ক, 30 এপ্ৰিল: মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত অনুষ্ঠিত হয় IPL ৰ 1000 সংখ্যক খেলখন ৷ 2008 চনৰ পৰা আৰম্ভ হোৱা ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ টি-20 ক্ৰিকেট টুৰ্নামেন্টৰ 1000 সংখ্যক খেলখনত মুখামুখি হয় মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ (IPL 1000th match) ৷

ৱাংখেড়েত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ কৰিলে মুম্বাই ইণ্ডিয়ানছে ৷ টিম ডেভিদে 14 টা বলত সংগ্ৰহ কৰা 45 ৰাণে মুম্বাইক দিয়ে এই জয়ৰ সোৱাদ ৷ ৰাজস্থান ৰয়েলছে বান্ধি দিয়া 213 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা মুম্বাই দলে প্ৰথমেই মাত্ৰ 14 ৰাণথ হেৰুৱাই অধিনায়ক ৰোহিত শৰ্মাৰ উইকেট ৷ কিন্তু তাৰ পাচতেই খেলখনৰ গতি সলনি হয় (MI beats RR by 6 wickets) ৷

ঈশান কিষাণে 28 ৰাণ কৰি পেভিলিয়নমুখী হোৱাৰ পিচত গ্ৰীণ আৰু সূৰ্যকুমাৰ যাদবে বিস্ফোৰক বেটিং আৰম্ভ কৰে ৷ গ্ৰীণে 26 টা বলত 44 আৰু যাদৱে 29 টা বলত 55 ৰাণৰ দৰ্শনীয় ইনিংছ খেলে ৷ তিলক বাৰ্মাৰ প্ৰদৰ্শনো আছিল লেখত ল’ব লগীয়া ৷ 21 টা বলত 29 ৰাণ কৰি নট আউট হৈ ৰয় বাৰ্মা ৷ ইফালে ক্ৰীজত নামিয়েই ছিক্সাৰৰ ধুমুহা নমোৱা ডেভিদে মাত্ৰ 15 টা বলত 45 ৰাণ কৰি দলক বিজয় লক্ষ্যত উপনীত কৰায় (RR lost against MI) ৷

ইয়াৰ পূৰ্বে আই পি এল 2023 ত শতক অৰ্জন কৰা তৃতীয়জন খেলুৱৈৰ গৌৰৱ অৰ্জন কৰিলে ৰাজস্থান ৰয়েলছৰ অপেনাৰ বেটছমেন যশস্বী জয়ছোৱালে ৷ 62 টা বলত 16 টা বাউণ্ডেৰী আৰু 8 টা অভাৰ বাউণ্ডেৰী কোবাই মুঠ 124 ৰাণ সংগ্ৰহ কৰে জয়ছোৱালে (IPL 2023 MI vs RR) ৷

অৱশ্যে খেলখনত জয়ছোৱালৰ বাহিৰে বাকীসকল খেলুৱৈৰ প্ৰদৰ্শন আছিল হতাশজনক ৷ মুম্বাই ইণ্ডিয়ানছৰ বলাৰেও 25 ৰাণ অতিৰিক্তকৈ খৰচ কৰে ৷ 20 অভাৰত ৰাজস্থানে 7 টা উইকেট হেৰুৱাই মুঠ 212 ৰাণ সংগ্ৰহ কৰে ৷ মুম্বাইৰ আৰ্শ্বাদ খানে 3 টা আৰু পীযুষ চাওলাই দুটা উইকেট দখল কৰে (RR vs MI match updates) ৷

দুয়োটা দলৰ খেলুৱৈৰ তালিকা:

মুম্বাই ইণ্ডিয়ানছ: ৰোহিত শৰ্মা (c), ঈশান কিষাণ (wk), কেমেৰন গ্ৰীণ, সূৰ্যকুমাৰ যাদৱ, তিলক বৰ্মা, টিম ডেভিদ, জোফ্ৰা আৰ্চাৰ, পীয়ুষ চাওলা, কুমাৰ কাৰ্তিকেয়া, ৰাইলী মেৰেডিথ, আৰ্শ্বদ খান (IPL 2023 Live updates)

ৰাজস্থান ৰয়েলছ: যশস্বী জয়ছৱাল, জছ বাটলাৰ, সঞ্জু চেমছন (c & wk), দেৱদত্ত পাড়িক্কল, ধ্ৰুৱ জুৰেল, শ্বিমৰন হেটমায়াৰ, ৰবিচন্দ্ৰন অশ্বিন, জেছন হোল্ডাৰ, ট্ৰেণ্ট ব’ল্ট, সন্দীপ শৰ্মা, যুজবেন্দ্ৰ চাহাল (IPL MI vs RR match updates)

খেলখন আৰম্ভ হোৱাৰ পূৰ্বে বিচিচিআইৰ সচিব জয় শ্বাহ, যুটিয়া সচিব দেৱজিৎ লন শইকীয়াই ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছন আৰু মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাক একোটিকৈ স্মাৰক প্ৰদান কৰে (1000th match of IPL)

লগতে পঢ়ক: CSK vs PBKS match updates: চেন্নাইক 4 উইকেটত পৰাস্ত কৰিলে পঞ্জাৱে

Last Updated : May 1, 2023, 6:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.