ETV Bharat / sports

IPL 2023 : জয়েৰে আইপিএল অভিযান আৰম্ভ গুজৰাটৰ

author img

By

Published : Apr 1, 2023, 7:08 AM IST

IPL 2023
IPL 2023

এটা সময়ত নিজৰ নিয়ন্ত্রণত থকা মেচখন নিজৰ আয়ত্তৰ বাহিৰলৈ ওলাই গৈছিল । কিন্তু সহজে এৰি দিয়া ভকত নহয় হাৰ্দিক পাণ্ডিয়া । যাৰ বাবে শেষ মুহূৰ্তলৈকে হাঁহি বিৰিঙি থাকিল পাণ্ডিয়াৰ মুখত । গুৰু মহেন্দ্র সিং ধোনিৰ চেন্নাইক পাঁচ উইকেটত পৰাস্ত কৰে শিষ্য হাৰ্দিকৰ গুজৰাট জায়েণ্টে (Gujrat Titans beat CSK in IPL 2023) । এক কথাত ক'বলৈ গ'লে জয়েৰে আইপিএলৰ অভিযান আৰম্ভ কৰিলে গুজৰাটে ।

স্পৰ্টছ ডেস্ক, ১ এপ্ৰিল : চেম্পিয়নৰ দৰেই যাত্ৰা আৰম্ভ এইবাৰৰ এপ্ৰিলত গুজৰাট টাইটানছৰ (Gujrat Titans won inaugural match of IPL 2023) । জয়ৰ নায়ক পুনৰ সেই বিগতবাৰৰ দৰে তেওঁৰ দুই সেনানী ৰাহুল তিৱাতিয়া আৰু ৰছিদ খান । যোৱা বছৰ গুজৰাটক এখনৰ পিছত আনখন মেচৰ জয়ৰ সোৱাদ দিছিল ৰাহুল তিৱাতিয়া আৰু ৰছিদ খানে । অন্তিম মুহূৰ্তলৈকে মগজু ঠাণ্ডা ৰাখি তেওঁলোকে বিজয় আঁজুৰি অনাৰ দৃষ্টান্ত আছে (Gujrat Titans captain Hardik Pandya) । বছৰৰ আৰম্ভণিতেও সেয়াই কৰি দেখুৱালে তিৱাতিয়াই । বেট ধৰিবলৈ নামি আৰম্ভণিতে বিশেষ একো কৰিব পৰা নাছিল । ৰাণৰ তুলনাত বলো খাইছিল অধিক । কিন্তু তুষাৰ দেশপাণ্ডেক অন্তিম অ'ভাৰত ছয় আৰু চাৰি কোবাই তেওঁ জয়েৰে জোলোঙা ভৰায় গুজৰাটৰ (Gujrat Titans beat CSK in IPL 2023) ।

২০২৩ বৰ্ষৰ আইপিএলৰ উদ্বোধনী মেচত টছত জয়লাভ কৰি হার্দিকে প্ৰথমতে বলিঙৰ সিদ্ধান্ত লয় (IPL 2023) । তাৰ পৰাই এক প্ৰকাৰ পৰিষ্কাৰ হৈছিল মেচখনৰ ভৱিষ্যৎ । আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ উইকেটত বলাৰসকলৰ বাবে বিশেষ একো নাছিল । অৱশ্যে প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ধোনি ব্ৰিগেডে এক প্ৰত্যাহ্বানমূলক স্ক'ৰ সংগ্ৰহ কৰা যেনেই অনুমান হৈছিল । কিন্তু গুজৰাটক পৰাস্ত কৰিবৰ জোখাৰে সেই স্ক'ৰ মুঠেই পৰ্যাপ্ত নাছিল । যিটো মেচৰ শেষত ধোনিয়ে নিজেও স্বীকাৰ কৰে (CSK captain Mahendra Singh Dhoni) ।

তিনি বছৰ পূৰ্বে আইপিএলৰ সর্বোচ্চ স্ক'ৰাৰ হোৱা ঋতুৰাজ গায়কোৱাড় । হৈছিল শ্ৰেষ্ঠ উদীয়মান প্রতিভাও । তেওঁৰ সেই সন্মান যে সঁচা অৰ্থতে প্ৰাপ্য সেয়া পুনৰ প্রমাণ পোৱা গ'ল আইপিএলৰ উদ্বোধনী মেচতেই । চেন্নাইৰ বেটিং অৰ্ডাৰত এটা প্ৰান্তত অকলে যুঁজি গ'ল আৰু দলক দিলে এক সন্মানীয় স্ক'ৰ । অৱশ্যে উইকেটৰ আনটো প্ৰান্তৰ পৰা যদি সতীৰ্থৰ পৰা যোগ্য সহযোগিতা লাভ কৰিলেহেঁতেন, তেন্তে চেন্নাইৰ স্ক'ৰ দুশৰ দেওনা অতিক্ৰম কৰাটো নিশ্চিত আছিল । প্ৰতিপক্ষৰ সকলো বলাৰকে এক প্ৰকাৰ ৰেহাই নিদিয়াকৈ ঋতুৰাজে সংগ্ৰহ কৰে ৯২ ৰাণ ।

আনহাতে, বয়সক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিলেও ঋদ্ধিমান সাহা যে এতিয়াও ক্ৰিকেটৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আছে সেয়া পুনৰ প্ৰমাণ পোৱা গ'ল শুকুৰবাৰে । আইপিএলৰ ইতিহাসত প্রথম ইমপেক্ট প্লেয়াৰ হিচাবে চেন্নায়ে নমাইছিল তুষাৰ দেশপাণ্ডেক । কিন্তু তেওঁক ছয় কোবাই স্বাগতম জনায় ঋদ্ধিমানে । দীপক চাহাৰ বা ৰাজবর্ধন হাঙ্গাৰগেকৰকো মূৰ তুলি উঠিব দিয়া নাছিল । অৱশ্যে চতুর্থ অ'ভাৰত শিৱম ডুবেৰ এক অসাধাৰণ কেচত পেভিলিয়নলৈ উভতে ঋদ্ধিমান সাহা ।

কিন্তু ইটো প্ৰান্তত শুভমন গিলে গুজৰাটৰ জয়ৰ ভেটিত এটা এটাকৈ ইটা গাঁথিবলৈ আৰম্ভ কৰিছিল । কলকাতা এৰি গুজৰাটলৈ যোৱাৰ পিছৰ পৰায়ে যেন তেওঁৰ বেটত ৰাণৰ বন্যা আহিছে । সম্প্রতি ভাৰতৰ হৈ খেলিও বেটত ৰাণ পাইছে । ২০২৩-ৰ আইপিএলতো প্রথম মেচতেই উজলি উঠিল তেওঁৰ বেট । অর্ধশতৰাণ কৰি গুজৰাটৰ জয়ৰ ভেটি একপ্ৰকাৰ মজবুত কৰি থৈ যায় তেওঁ ।

২০ অ'ভাৰত ৭ উইকেটৰ বিনিময়ত চেন্নাই ছুপাৰ কিংছে সংগ্ৰহ কৰা ১৭৮ ৰাণ অনুসৰণ কৰি গুজৰাট টাইটানছে ১৯.২ অ'ভাৰত ১৮২ ৰাণ সংগ্ৰহ কৰে । উল্লেখ্য, চেন্নাইৰ বেটিঙত ঋতুৰাজৰ ৯২ ৰাণ আৰি মঈন আলীৰ ২৩ ৰাণৰ বাহিৰে কোনো এজন বেটছমেনেই দৃঢ়তা প্ৰদৰ্শন কৰিব নোৱাৰিলে । অৱশ্যে মেচৰ অন্তিমফালে অধিনায়ক ধোনিয়ে ৭ বলত ১৪ ৰাণ কৰি অপৰাজিত থাকে । গুজৰাটৰ সফল বলাৰ হৈছে ৰছিদ খান । তেওঁ নিজৰ চাৰি অ'ভাৰত ২৬ ৰাণ খৰচ কৰি দুটা উইকেট হস্তগত কৰে ।

আনহাতে, গুজৰাটৰ হৈ সৰ্বাধিক ৰাণ ৬৩ সংগ্ৰহ কৰে শুভমন গিলে । অপেনিং যুটিত তেওঁক যথাযোগ্য সহযোগিতা আগবঢ়ায় ঋদ্ধিমান সাহাই (২৫) । বিজয় শংকৰে সংগ্ৰহ কৰে ২৭ ৰাণ । চেন্নাইৰ হৈ বলিঙত ৰাজবৰ্ধন হেংগাৰগেকাৰে ৪ অ'ভাৰত ৩৬ ৰাণৰ বিনিময়ত তিনিটা উইকেট সংগ্ৰহ কৰে ।

লগতে পঢ়ক :TATA IPL 2023 : আজিৰে পৰা আইপিএল ২০২৩, দলবোৰে মানিব লাগিব কেইবাটাও নতুন নিয়ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.