ETV Bharat / sports

ICC World Test Championship : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ ভাৰতীয় দল ঘোষণা বিচিচিআইৰ

author img

By

Published : Apr 25, 2023, 2:11 PM IST

আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে টীম ইণ্ডিয়ালৈ উভতি আহিছে মিডল অৰ্ডাৰ বেটছমেন আজিংক্য ৰাহানে । আনহাতে, দলৰ পৰা বাদ পৰিছে সূৰ্যকুমাৰ যাদৱ (ICC World Test Championship) ।

ICC World Test Championship
আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ

স্পৰ্টছ ডেস্ক, ২৫ এপ্ৰিল : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ 2023-ৰ ফাইনেলৰ (ICC World Test Championship 2023 Final) বাবে 15 জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে । ঘোষিত দলটোত মিডল অৰ্ডাৰ বেটছমেন আজিংক্য ৰাহানেক স্থান দিয়া হৈছে । আনহাতে, শুভমন গিলক দলটোত অপেনিং বেটছমেন হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । লগতে সূৰ্যকুমাৰ যাদৱক দলৰ পৰা বাদ দিয়া হৈছে (BCCI announced ICC WTC final 2023 squad) ।

উল্লেখ্য যে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতীয় ক্ৰিকেট দলটোক নেতৃত্ব প্ৰদান কৰিব ৰোহিত শৰ্মাই (Rohit Sarma led Indian squad for ICC WTC) । আনহাতে, কে এছ ভাৰতক উইকেটকিপাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে । দলৰ স্পিন বিভাগটো চম্ভালিব ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেলে ।

তিনিওগৰাকী বলাৰে শেহতীয়া প্ৰদৰ্শনৰ ভিত্তিত দলটোত নিজৰ স্থান সুৰক্ষিত কৰাত সফল হৈছে । আনহাতে, শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী, মহম্মদ চিৰাজ, উমেশ যাদৱ আৰু জয়দেৱ উনাদকাটে পেচ বলিঙৰ আক্ৰমণ চম্ভালিব । ইয়াৰ উপৰি বেটিং মেৰুদণ্ডত থাকিব ৰোহিত শৰ্মা, শুভমন গিল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলী, আজিংক্য ৰাহানে আৰু কে এল ৰাহুল ।

ভাৰতীয় ক্ৰিকেট দল আৰু অষ্ট্ৰেলিয়াৰ মাজত আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩ ৰ ফাইনেল মেচখন অনুষ্ঠিত হ'ব ৭ জুনৰ পৰা । অষ্ট্ৰেলিয়াই ইতিমধ্যে তেওঁলোকৰ দল ঘোষণা কৰিছে । পেট কামিন্সৰ নেতৃত্বত অষ্ট্ৰেলিয়ান দলটোৱে ফাইনেলত অৱতীৰ্ণ হ'ব (India vs Australia WTC final 2023) ।

উল্লেখযোগ্য যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ (WTC final) তাৰিখ ইতিপূৰ্বে বহু আগতেই ঘোষণা কৰিছে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিয়ে । আইচিচিয়ে প্ৰকাশ কৰা মতে, ২০২১-২৩ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলখন পুনৰবাৰ ইংলেণ্ডত অনুষ্ঠিত হ'ব । এই চূড়ান্ত খেলখন ৭-ৰ পৰা ১১ জুনলৈ লণ্ডনৰ অ'ভেলত অনুষ্ঠিত হ'ব । ইয়াৰ উপৰি চূড়ান্ত খেলখনৰ বাবে 12 জুনৰ দিনটো সংৰক্ষিত দিন হিচাপে ৰখা হৈছে । যিকোনো ব্যাঘাতৰ বাবে মেচখনৰ সময় যাতে সম্প্ৰসাৰিত কৰিব পৰা যায় তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ।

প্ৰণিধানযোগ্য যে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ উদ্বোধনী বৰ্ষৰ প্ৰথম ফাইনেল মেচখন ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম ফাইনেলত নিউজীলেণ্ডে ভাৰতক 8 উইকেটত পৰাস্ত কৰি টেষ্ট চেম্পিয়নশ্বিপ দখল কৰিছিল ।

লগতে পঢ়ক :Wrestlers protest : WFIৰ নিৰ্বাচন স্থগিত, অলিম্পিক সংস্থাই গঠন কৰিব সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.