ETV Bharat / sports

আইপিএল ২০২৪ ত গুজৰাটতে থাকিব হাৰ্দিক পাণ্ডিয়া !

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 7:26 PM IST

'আই পি এল ৰিটেনচন শ্ব'ৰ সময়ত প্ৰকাশ পাইছে যে গুজৰাট টাইটানছে অধিনায়ক হাৰ্দিক পাণ্ডিয়াক ৰিটেইন কৰিব ! অৱশ্যে এতিয়ালৈ সকলো সিদ্ধান্ত লোৱা হোৱা নাই । নিলামৰ পূৰ্বে ৰাজস্থান ৰয়েলছে ১৭ গৰাকী খেলুৱৈক ৰিটেইন কৰিছে ।

IPL 2024
গুজৰাটতে থাকিব হাৰ্দিক পাণ্ডিয়া

স্পৰ্টছ ডেস্ক,২৬ নৱেম্বৰ : ভাৰতৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া পুনৰ মুম্বাই ইণ্ডিয়ানছ দললৈ উভতি আহিব বুলি বিভিন্ন মহলত জল্পনা-কল্পনা চলি থকাৰ মাজতে আন এক বিষয়ে চৰ্চা লাভ কৰিছে । গুজৰাট টাইটানছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ ৰ বাবে অধিনায়ক হাৰ্দিক পাণ্ডিয়াক ৰিটেইন কৰিব ! এক বিশেষ 'আই পি এল ৰিটেনচন শ্ব'ৰ সময়ত জিঅ' চিনেমাত এই কথা প্ৰকাশ কৰা হৈছে ।

আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ সময়ত হোৱা আঘাতৰ পৰা আৰোগ্য হৈ থকা হাৰ্ডিক পাণ্ডিয়াই ২০১৫ চনত মুম্বাই ইণ্ডিয়ানছৰ সৈতে আই পি এল কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০২১ চনলৈকে দলটোৰ অংশ আছিল । তেওঁ মুম্বাই ইণ্ডিয়ানছে ৪ বাৰ খিতাপ অৰ্জন কৰাৰ সময়ত তেওঁ দলটোৰ অংশ আছিল ।

২০২২ চনত গুজৰাট টাইটানছে আইপিএলৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু পাণ্ডিয়াই দলটোক নেতৃত্ব দিছিল । সেই ছিজনত গুজৰাট টাইটানছ বিজয়ী আছিল আৰু ২০২৩ চনত দলটো ৰাণাৰ্ছ আপ আছিল । অৱশ্যে, হাৰ্দিকক এতিয়াও মুম্বাই ইণ্ডিয়ানছে দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে কিয়নো প্ৰকৃত নিলামৰ এসপ্তাহ পূৰ্বে ১২ ডিচেম্বৰলৈকে ট্ৰেডিং উইণ্ডো খোলা থাকিব ।

ইফালে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ ৰ নিলামৰ পূৰ্বে ৰাজস্থান ৰয়েলছে ১৭ গৰাকী খেলুৱৈক ৰিটেইন কৰিছে । ফ্ৰেঞ্চাইজিটোৱে ১২ গৰাকী ভাৰতীয় আৰু ৫ গৰাকী বিদেশী খেলুৱৈক ৰিটেইন কৰিছে । অৱশ্যে ৬ গৰাকী ভাৰতীয় আৰু ৩ গৰাকী বিদেশী খেলুৱৈক তেওঁলোকৰ চুক্তিৰ পৰা মুকলি কৰিছে । ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ চুপাৰ জায়ান্টছে দেৱদত্ত পডিক্কালক নিলাম প্ৰক্ৰিয়াৰ বাবে বাছনি কৰিছে । আনহাতে পেচাৰ আৱেশ খানে ৰয়েলছত যোগদান কৰিছিল ।

ৰাজস্থান ৰয়েলছে অধিনায়ক সঞ্জু চেমছন, ৰবিচন্দ্ৰন অশ্বিন আৰু যুজবেন্দ্ৰ চাহাল, জছ বাটলাৰ, নিউজিলেণ্ডৰ পেচাৰ ট্ৰেণ্ট ব'ল্ট, অষ্ট্ৰেলিয়াৰ স্পিনাৰ এডাম জাম্পা, ৱেষ্ট ইণ্ডিজৰ বেটছমেন চিমৰন হেটমেয়াৰ, প্ৰসিদ্ধ কৃষ্ণ, নৱদীপ চাইনী, যশস্বী জয়ছোৱাল, সন্দীপ শৰ্মা আৰু কুলদীপ সেনক ৰিটেইন কৰিছে । দলটোৱে যুৱ অলৰাউণ্ডাৰ ৰিয়ান পৰাগ, দক্ষিণ আফ্ৰিকাৰ ডোনোভান ফেৰেৰা, ধ্ৰুৱ জুৰেল আৰু কুনাল সিং ৰাঠৌৰকো ৰিটেইন কৰিছে ।

লগতে পঢ়ক :পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ যাব নেকি হাৰ্দিক পাণ্ডিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.