ETV Bharat / sports

IPL ৰ নিলামৰ বাবে সাজু ডুবাই; ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত হ’ব নিলাম

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 12:38 PM IST

IPL 2024 Auction
IPL ৰ নিলামৰ বাবে সাজু ডুবাই

ভাৰতৰ আটাইতকৈ জনপ্ৰিয় লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) নিলাম আজি ডুবাইৰ কোকাকোলা এৰিনাত অনুষ্ঠিত হ’ব ৷ এই নিলামক লৈ এতিয়া অংশগ্ৰহণকাৰী দলসমূহৰ লগতে খেলুৱৈসকলৰ মাজত বৃদ্ধি পাইছে উৎকন্ঠা ৷

স্পৰ্টছ ডেস্ক, ১৭ ডিচেম্বৰ: ডুবাইত আজি ইয়াত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৪ৰ নিলামৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে । নিলামৰ বাবে ইতিমধ্যে কোকা কোলা এৰিনা ষ্টেডিয়ামলৈ সকলো ৰাওনা হৈছে ৷ নিলামত কোনে ক্ৰয় কৰিব কোনগৰাকী খেলুৱৈ, কোনোগৰাকী খেলুৱৈক লৈ লাগিব উচ্চ মূল্য, কোন নিলামৰ পৰা বাদ পৰিব ইয়াকে লৈ সকলোৰে মাজত বৃদ্ধি পাইছে তীব্ৰ উৎকন্ঠা ৷

প্ৰথমবাৰৰ বাবে বিদেশত অনুষ্ঠিত হ’বলগীয়া এই মেগা ইভেন্টত নিলামৰ বাবে সৰ্বমুঠ ৩৩৩ গৰাকী খেলুৱৈয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে আৰু আগন্তুক ছিজনৰ বাবে অংশগ্ৰহণকাৰী দলসমূহে সৰ্বাধিক ৭৭ জন খেলুৱৈ ক্ৰয় কৰিব পাৰিব ৷ মুঠ ১৯ টা স্থানীয় সময় অনুসৰি আজি পুৱা ১১.৩০ বজাত ডুবাইৰ কোকা কোলা এৰিনা ষ্টেডিয়ামত নিলামৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব । ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত এই নিলামসমূহ চাব পাৰিব । নিলামসমূহ স্প’ৰ্টছ ১৮ত টেলিকাষ্ট কৰা হ’ব । আনহাতে Jio Cinema app ত নিলামৰ লাইভ ষ্ট্ৰীমিং কৰা হ’ব ৷

কেইজনমান খেলুৱৈক ক্ৰয় কৰাৰ বাবে নিলামত উচ্চ মূল্য লগাৰ সম্ভাৱনা আছে । ইয়াৰ ভিতৰত অন্যতম হৈছে আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৪ৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে শতক অৰ্জন কৰি মিলিয়ন লোকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা অষ্ট্ৰেলিয়াৰ অ’পেনাৰ ট্ৰেভিছ হেড । ট্ৰেভিছ হেডৰ এই শতকৰ জৰিয়তে অষ্ট্ৰেলিয়াই ফাইনেলত আয়োজক ভাৰতক পৰাস্ত কৰি অভিলেখ সংখ্যক ষষ্ঠবাৰলৈ বিশ্বকাপৰ খিতাপ অৰ্জন কৰে ।

ট্ৰেভিছ হেডৰ উপৰি অষ্ট্ৰেলিয়াৰ পেচাৰ মিচেল ষ্টাৰ্ক, নিউজিলেণ্ডৰ অল-ৰাউণ্ডাৰ ৰচিন ৰবিন্দ্ৰৰ লগতে হৰ্ষল পেটেল আৰু শাৰ্দুল ঠাকুৰৰ দৰে ভাৰতীয় খেলুৱৈৰ বাবেও অংশগ্ৰহণকাৰী দলসমূহে নিলামত উচ্চ মূল্য দিব বিচাৰিব ।

অংশগ্ৰহণকাৰী দলসমূহৰ হাত থকা ধনৰাশি

  • গুজৰাট টাইটানছ (GT) - ৩৮.১৫ কোটি
  • চেন্নাই ছুপাৰ কিংছ (CSK) - ৩১.৪ কোটি
  • ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB) - ২৩.২৫ কোটি
  • কলকাতা নাইট ৰাইডাৰ্ছ (KKR) - ৩২.৭ কোটি
  • লক্ষ্নৌ ছুপাৰ জায়েন্টছ (LSG) - ১৩.১৫ কোটি
  • মুম্বাই ইণ্ডিয়ানছ (MI) - ১৭.৭৫ কোটি
  • পাঞ্জাব কিংছ (PBKS) - ২৯.১ কোটি
  • ৰাজস্থান ৰয়েলছ (RR) - ১৪.৫ কোটি
  • ছানৰাইজাৰ হায়দৰাবাদ (SRH) - ৩৪ কোটি
  • দিল্লী কেপিটেলছ - ২৮.৯৫ কোটি

লগতে পঢ়ক: IPL AUCTION 2024 ৰ সময় সলনি; জানি লওক কেতিয়া, ক'ত চাব পাৰিব এই নিলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.