ETV Bharat / sports

আইপিএল 2020 : দিল্লীৰ বিৰুদ্ধে পূৰ্বৰ পৰাজয়ৰ পোটক তোলাৰ লক্ষ্যৰে ৰাজস্থান

author img

By

Published : Oct 14, 2020, 12:32 PM IST

বুধবাৰে আইপিএলৰ এখন মেচত মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ (RR) আৰু দিল্লী কেপিটেলছ (DC) ৷ এই মেচত ৰাজস্থান দলে দিল্লীৰ বিৰুদ্ধে পূৰ্বৰ পৰাজয়ৰ পোটক তোলাৰ চেষ্টা কৰিব ৷

আইপিএল 2020
ৰাজস্থান ৰয়েলছ (RR) বনাম দিল্লী কেপিটেলছ (DC)

স্পৰ্টছ ডেস্ক, 14 অক্টোবৰ : বুধবাৰে আইপিএলৰ এখন মেচত মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ (RR) আৰু দিল্লী কেপিটেলছ (DC) ৷ এই মেচত ৰাজস্থান দলে দিল্লীৰ বিৰুদ্ধে পূৰ্বৰ পৰাজয়ৰ পোটক তোলাৰ চেষ্টা কৰিব ৷

স্মিথ নেতৃত্বাধীন ৰাজস্থান বৰ্তমান পইন্ট তালিকাৰ ষষ্ঠ স্থানত আছে আৰু প্লে' অফৰ প্ৰৱেশ কৰাৰ আশা সজীৱ কৰি ৰাখিবৰ বাবে জয়ৰ লক্ষ্য বান্ধি লৈছে ৷

আইপিএল 2020
ৰাজস্থান ৰয়েলছ

শ্ৰেয়াস আয়াৰ নেতৃত্বাধীন দিল্লীৰ বিৰুদ্ধে ৰাজস্থানে ভাল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে যিহেতু দলটোৰ হাতত আছে বেন ষ্টকৰ দৰে খেলুৱৈ ৷

সঞ্জু ছেমচন আৰু অধিনায়ক স্মিথে শীৰ্ষ ক্ৰমত বেটিং কৰিলেও হায়দৰাবাদৰ বিৰুদ্ধে ৰাহুল তেৱাটিয়া আৰু ৰিয়ান পৰাগৰ দূৰ্দান্ত বেটিঙে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ দুয়োগৰাকী খেলুৱৈৰ উপস্থিতিত ৰাজস্থান দলৰ মধ্যক্ৰম অধিক শক্তিশালী হৈ পৰিছে ৷ বলিঙত আছে জফ্ৰা আৰ্চাৰৰ দৰে বলাৰ ৷

আইপিএল 2020
জফ্ৰা আৰ্চাৰ

আনহাতে, দূৰ্দান্ত প্ৰদৰ্শনেৰে পইন্ট তালিকাৰ দ্বিতীয় স্থানত থকা দিল্লী কেপিটেলছ দলৰ পৰা শেহতীয়াকৈ বাহিৰ হৈছে অমিত মিশ্ৰা আৰু ইশান্ত শৰ্মা ৷ ইয়াৰোপৰি হেমষ্ট্ৰিঙৰ আঘাতত ভোগা ঋষভ পন্তৰ অনুপস্থিতিও দলটোৱে বাৰুকৈয়ে অনুভৱ কৰিব ৷

আইপিএল 2020
দিল্লী কেপিটেলছ

পন্তৰ অনুপস্থিতিৰ বাবে দিল্লী দলে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এক শক্তিশালী ইনিংছ গঢ়াত অসফল হৈছিল ৷ শিখৰ ধাৱানৰ ফৰ্মলৈ উভতি অহাটো দলটোৰ বাবে এক ভাল খবৰ ৷ মুম্বাইৰ বিৰুদ্ধে বাঁওহতীয়া বলাৰগৰাকীয়ে 69 ৰাণৰ ইনিংছ গঢ়িছিল ৷

পৃথ্বী শ্ব' আৰু আয়াৰৰ লগতে দলত আছে বিস্ফোৰক বেটছমেন মাৰ্কাছ ষ্টইনিছ আৰু ছিমৰন হেথমেয়াৰৰ দৰে খেলুৱৈ ৷ আনহাতে, দিল্লী দলত আছে দক্ষিণ আফ্ৰিকাৰ কাগিছো ৰাবাডা, এনৰিক নৰ্টজে, ৰবিচন্দ্ৰন অশ্বিন আৰু অক্সৰ পেটেলৰ দৰে বলাৰ ৷

স্কোৱাড :

ৰাজস্থান ৰয়েলছ : জছ বাটলাৰ, বেন ষ্টকছ, সঞ্জু চেমছন, এণ্ড্ৰিউ টাই, কাৰ্তিক ত্যাগী, ষ্টিভেন স্মিথ, অংকিত ৰাজপুত, শ্ৰেয়াস গোপাল, ৰাহুল তেৱাটিয়া, জয়দেৱ ওনাদকাট, মায়ংক মাৰ্কাণ্ডে, মহিপাল লোমৰোৰস অশানে থমাছ, ৰিয়ান পৰাগ, য়শস্বী জয়শৱাল, অনুজ ৰাৱট, আকাশ সিং, ডেভিদ মিলাৰ, মনন বোহৰা, শশাংক সিং, বৰুন আৰন, টম কাৰান, ৰবিন উথাপ্পা, অনিৰুদ্ধ জোশী, জফ্ৰা আৰ্চাৰ ৷

দিল্লী কেপিটেলছ : শ্ৰেয়াস আয়াৰ, ৰবিচন্দ্ৰন অশ্বিন, শিখৰ ধাৱান, পৃথ্বী শ্ব', ছিমৰন হেথমেয়াৰ, কাগিছো ৰাবাডা, আজিংকা ৰাহানে, অমিত মিশ্ৰা, ঋষভ পন্ত, ইশান্ত শৰ্মা, অক্সৰ পেটেল, সন্দীপ লামিচানে, কিমো পল, ডেনিয়েল ছেমচ, মোহিত শৰ্মা, এনৰিক নৰ্টজে, এলেক্স কেৰী, অভেশ খান, তুষাৰ দেশপাণ্ডে, হৰ্ষল পেটেল, মাৰ্কাছ ষ্টইনিছ, ললিত যাদৱ ৷

লগতে পঢ়ক : আলফা (স্বা)ৰ তিনি কেডাৰৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.