ETV Bharat / sports

ৰাজস্থান ৰয়েলছৰ বিপক্ষে বুমৰাহৰ ব্যতিক্ৰমী বলৰ প্ৰশংসা টেণ্ডুলকাৰৰ

author img

By

Published : Oct 7, 2020, 7:59 PM IST

জচপ্ৰীত বুমৰাহৰ প্ৰশংসাত পঞ্চমুখ প্ৰাক্তন ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ ৷ ৰাজস্থান ৰয়েলছৰ বিপক্ষে চাৰিটা উইকেট দখল কৰিবলৈ সক্ষম হোৱাত বুমৰাহক টেণ্ডুলকাৰে প্ৰশংসাৰে উপচাই পেলাই ৷ টুইটৰ জড়িয়তে টেণ্ডুলকাৰে তেওঁৰ মনৰ অনুভৱ প্ৰকাশ কৰে ৷ তেওঁ কয় যে খেলখনত বুমৰাহৰ অসাধাৰণ আৰু ব্যতিক্ৰমী বলিঙ তেওঁ যথেষ্ঠ উপভোগ কৰিলে ৷

ৰাজস্থান ৰয়েলছৰ বিপক্ষে  বুমৰাহৰ ব্যতিক্ৰমী বলৰ প্ৰশংসা টেণ্ডুলকাৰৰ
ৰাজস্থান ৰয়েলছৰ বিপক্ষে বুমৰাহৰ ব্যতিক্ৰমী বলৰ প্ৰশংসা টেণ্ডুলকাৰৰ

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ: পেচ বলাৰ জচপ্ৰীত বুমৰাহৰ প্ৰশংসাত পঞ্চমুখ প্ৰাক্তন ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ ৷ আবু ধাবিৰ শেইখ জায়েদ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বিপক্ষে চাৰিটা উইকেট ল'বলৈ সক্ষম হোৱাৰ পাছতে প্ৰাক্তন তাৰকা গৰাকীয়ে বুমৰাহৰ প্ৰশংসাৰে উপচাই পেলাই ৷ মুঠ চাৰিটা অভাৰত 4-20 অংক লৈ উভটি অহা বোমৰাহে মুম্বাই ইণ্ডিয়ানছ ক ৰাজস্থানক 57 ৰানত পৰাভূত কৰাত সহায় কৰে ৷ বুমৰাহৰ অসাধাৰণ বলিঙৰ প্ৰশংসা কৰি টেণ্ডুলকাৰে কয় যে,আৰম্ভণিতেই দ্ৰুত গতিত উইকেট গ্ৰহণ কৰি মুম্বাই ইণ্ডিয়ানছে খুউব ধুনীয়াকৈ খেলখনৰ আৰম্ভণি কৰে ৷ এক টুইটৰ জড়িয়তে টেণ্ডুলকাৰে তেওঁৰ মনৰ অনুভৱ প্ৰকাশ কৰি কয় যে জচপ্ৰীত বুমৰাহৰ বলিঙ যথেষ্ঠ ব্যতিক্ৰমী আছিল আৰু তেওঁ খেলখন যথেষ্ঠ উপভোগ কৰিলে ৷

  • A strong performance by @mipaltan while batting & bowling.
    They started really well by picking early wickets and continued providing regular breakthroughs. @Jaspritbumrah93 was exceptional. Enjoyed watching him bowl tonight.#MIvRR #IPL2020

    — Sachin Tendulkar (@sachin_rt) October 6, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে 194 ৰানৰ লক্ষ্য লৈ খেল পথাৰত নমা ৰাজস্থান ৰয়েলছে মাত্ৰ 136 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ জচ বাটলাৰেও 70 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দলৰ মাজত বন্ধুত্ব সুলভ সম্পৰ্ক গঢ়ি তোলাত ব্যৰ্থ হৈ দলটোৱে এটাৰ পাছত আনটোকৈ উইকেট হেৰুৱাই গৈ থাকিল ৷ বুমৰাহৰ বাহিৰে ট্ৰেন্ট বউল্ট আৰু জেমছ পেটিনচনে দুটাকৈ উইকেট ল'বলৈ সক্ষম হয় ৷ প্ৰথমে বেটিং কৰা মুম্বাই ইণ্ডিয়ানছে বিপক্ষক 193/4 ৰ লক্ষ্য বান্ধি দিয়ে ৷ সূৰ্যকুমাৰ যাদৱে অপ্ৰতিৰোধ্য ভাৱে 47 টা বলত মুঠ 79 ৰান সংগ্ৰহ কৰে ৷ হাৰ্দিক পাণ্ডে আৰু ৰোহিত শৰ্মাইও ক্ৰমে 30 আৰু 35 ৰান সংগ্ৰহ কৰে ৷ এই খেল খনৰ পাছতে মুম্বাই ইণ্ডিয়ানছে মুঠ ছয় খন খেলৰ পৰা 8 অংক সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ৰাজস্থান 7 নম্বৰলৈ অৱনমিত হয় ৷ দেওবাৰে মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব ৷

লগতে পঢ়ক: আইপিএল2020: কেএল ৰাহুলৰ শিৰত ‘Orange Cap’,ৰাবাডাৰ শিৰত ‘Purple Cap’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.