ETV Bharat / sports

পাল্লিকাল, চাহালৰ দূৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰথম মেচত জয় বেংগালুৰৰ

author img

By

Published : Sep 22, 2020, 9:27 AM IST

Updated : Sep 25, 2020, 6:00 PM IST

ছানৰাইজাৰ্ছ হাইদৰাবাদৰ বিৰুদ্ধে 10 ৰাণত জয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ ৷ অভিষেককাৰী খেলুৱৈ দেৱদত্ত পাল্লিকাল আৰু য়ুজবেন্দ্ৰ চাহালৰ দূৰ্দান্ত প্ৰদৰ্শন ৷ আজিৰ মেচত অৱতীৰ্ণ হ'ব ৰাজস্থান ৰয়েলছ বনাম চেন্নাই চুপাৰ কিংছ ৷

বেংগালুৰৰ জয়
বিৰাট কোহলী

স্পৰ্টছ ডেস্ক, 22 ছেপ্তেম্বৰ : ছানৰাইজাৰ্ছ হাইদৰাবাদৰ বিৰুদ্ধে অভিষেককাৰী মেচতে উজ্বলি উঠিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দলৰ বেটছমেন দেৱদত্ত পাল্লিকাল ৷ পাল্লিকালৰ 42 বলত 56 ৰাণ আৰু য়ুজবেন্দ্ৰ চাহালৰ 3 উইকেট দখলৰ জৰিয়তে 10 ৰাণত জয় সাব্যস্ত কৰিলে বেংগালুৰ দলে ৷

Debutant Pallikal, Chahal do the star turn for RCB
পাল্লিকাল, চাহালৰ দূৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰথম মেচত জয় বেংগালুৰৰ

প্ৰথমে বেটিং কৰি বেংগালুৰে 20 অ'ভাৰত 5 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 163 ৰাণ ৷ কিন্তু 19.4 অ'ভাৰত হাইদৰাবাদে কেৱল 153 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

আনহাতে, 22 ছেপ্তেম্বৰত আইপিএল ত্ৰয়োদশ ছিজনৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব ৰাজস্থান ৰয়েলছ ৷ প্ৰথম মেচত মুম্বাইৰ বিৰুদ্ধে জয় সাব্যস্ত কৰা চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে সন্ধিয়া 7:30 বজাত অৱতীৰ্ণ হ'ব ৰাজস্থান ৰয়েলছ ৷

লগতে পঢ়ক : আইপিএল 2020 : 10 ৰানত জয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ

Last Updated : Sep 25, 2020, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.