ETV Bharat / sports

আই পি এলত অভিষেক ৰিয়ান পৰাগৰ

author img

By

Published : Apr 11, 2019, 8:59 PM IST

RIYAN PARAG IPL DEBUT

চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে আই পি এলত অভিষেক ঘটিছে অসমৰ প্ৰতিভাৱান খেলুৱৈ ৰিয়ান পৰাগৰ । ৰাজস্থান ৰয়েলছৰ হৈ আই পি এল কেৰিয়াৰৰ প্ৰথমখন মেচত অৱতীৰ্ণ হৈছে ৰিয়ান ।

স্পৰ্টছ ডেস্ক, ১১ এপ্ৰিলঃ বৃহস্পতিবাৰে আই পি এলত মুখামুখি হৈছে চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছ । জয়পুৰৰ ছাৱাই মান সিং ষ্টেডিয়ামত অনুষ্ঠিত এই মেচত অভিষেক ঘটিছে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ ।

ETV BHARAT ASSAM
আই পি এলত অভিষেক ৰিয়ান পৰাগৰ

কলকাতাৰ বিৰুদ্ধে টি-২০ ক্ৰিকেটৰ আৰম্ভণি কৰা ৰিয়ানৰ আই পি এলত এইটো হৈছে প্ৰথমখন মেচ । আই পি এলৰ দ্বাদশ সংস্কৰণত প্ৰথমবাৰৰ বাবে ৰিয়ানক ২০ লাখ টকাত ৰাজস্থান ৰয়েলছে চুক্তিবদ্ধ কৰিছিল । আবু নাছিমৰ পিচত আই পি এলত পদাৰ্পণ কৰা দ্বিতীয়গৰাকী অসমৰ খেলুৱৈ হৈছে ৰিয়ান ।


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.