ETV Bharat / sports

নিৰীক্ষণত আঘাতপ্ৰাপ্ত খেলুৱৈ : শীঘ্ৰে ঘোষণা হ'ব চতুৰ্থ টেষ্টৰ খেলুৱৈৰ নাম

author img

By

Published : Jan 14, 2021, 6:15 PM IST

Updated : Jan 14, 2021, 10:30 PM IST

IND vs AUS: India monitoring injuries, to name XI on Friday
চতুৰ্থখন টেষ্টৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ নাম ঘোষণা

আঘাত জৰ্জৰিত ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চতুৰ্থখন টেষ্টৰ বাবে 11 জন খেলুৱৈৰ নাম শুকুৰবাৰে ঘোষণা কৰিব ৷ দলটোৱে এতিয়াও আঘাতপ্ৰাপ্ত খেলুৱৈসকলক নিৰীক্ষণত ৰাখিছে ৷

স্পৰ্টছ ডেস্ক,14 জানুৱাৰী : ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত অতি প্ৰত্যাহ্বানমূলকভাৱে ফিল্ডত নামিব লাগিব ভাৰতীয় দলে ৷ কিয়নো দলটোৰ বহুকেইজন শীৰ্ষ তাৰকাই এতিয়াই আঘাতপ্ৰাপ্ত ৷

ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰে গব্বাত অনুশীলনৰ সময়ত সাংবাদিকক সম্বোধন কৰি কয়, "ভাৰতীয় ক্ৰিকেট দলৰ আঘাতপ্ৰাপ্ত খেলুৱৈসকলক এতিয়াও চিকিৎসকে নিৰীক্ষণ কৰি আছে ৷ বহু কেইজন খেলুৱৈৰ শেহতীয়া শাৰীৰিক সুস্থতা এতিয়াও নিশ্চিত কৰিব পৰা নাই ৷"

ভাৰতীয় দলৰ স্কোৱাড-আজিংকা ৰাহানে (অধিনায়ক), ৰোহিত শর্মা (উপ-অধিনায়ক), মায়ংক আগৰৱাল, পৃথ্বী শ্ব', চেতেশ্বৰ পূজাৰা, হনুমা বিহাৰী, শুভমন গীল, ঋধিমান সাহা (উইকেট কীপাৰ), ঋষভ পন্ত (উইকেট কীপাৰ), জছপ্ৰীত বুমৰাহ, নৱদ্বীপ ছাইনী, কুলদ্বীপ যাদৱ, ৰবীন্দ্ৰ জাদেজা, আৰ অশ্বিন, মহম্মদ ছিৰাজ, শ্বাৰদুল ঠাকুৰ, টি নটৰাজন ৷

অষ্ট্ৰেলিয়া দলৰ স্কোৱাড-ডেভিড ৱাৰ্নাৰ, মাৰ্কাছ হেৰিছ, মাৰ্নাছ লাবুচাইন, ষ্টিভ স্মিথ, মেথিউ ৱেড, কেমেৰন গ্ৰীণ, টিম পেইন (অধিনায়ক আৰু উইকেট কীপাৰ), পেট কামিনচ, মিটচ ষ্টাৰ্ক, নাথন লিঅন আৰু জ'ছ হেজলউদ ৷

লগতে পঢ়ক : চূড়ান্ত টেষ্টৰ বাবে অনুশীলন আৰম্ভ আঘাত জৰ্জৰিত ভাৰতীয় দলৰ

Last Updated :Jan 14, 2021, 10:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.