ETV Bharat / sports

দ্বিতীয় টেষ্টত দক্ষিণ আফ্ৰিকাক 7 উইকেটত পৰাস্ত কৰি ঐতিহাসিক বিজয় সাব্যস্ত ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 7:18 PM IST

IND vs SA 2nd Test
ঐতিহাসিক বিজয় সাব্যস্ত ভাৰতৰ

IND vs SA 2nd Test : কেপ টাউনৰ নিউলেণ্ডছত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত আয়োজক দলৰ বিৰুদ্ধে ৭ উইকেটৰ স্মৰণীয় জয়ৰ সাব্যস্ত কৰি ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত ১-১ত সমতা স্থাপন কৰে। ২০১৩ চনৰ পিছত দক্ষিণ আফ্ৰিকাত ভাৰতে টেষ্ট শৃংখলাত দ্বিতীয়বাৰৰ বাবে সমতা স্থাপন কৰে ৷

স্পৰ্টছ ডেস্ক, 4 জানুৱাৰী : বৃহস্পতিবাৰে নিউলেণ্ডছ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত দক্ষিণ আফ্ৰিকাক 7 উইকেটত পৰাস্ত কৰি ভাৰতে দুখনীয়া টেষ্ট শৃংখলাত 1-1ত সমতা স্থাপন কৰে ৷

চেঞ্চুৰিয়নত প্ৰথমখন টেষ্টত এক ইনিংছ আৰু 32 ৰানত পৰাস্ত হোৱা ভাৰতে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি আয়োজক দলটোক তেওঁলোকৰ মাটিত পৰাস্ত কৰে ৷

মাত্ৰ 12 অভাৰতে ভাৰতে 79 ৰানৰ বিজয় লক্ষ্যত উপনীত হয় ৷ অ’পেনাৰ যশস্বী জয়ছোৱালে 23 টা বলত দ্ৰুততাৰে 28 ৰান সংগ্ৰহ কৰি ড্ৰেছিং ৰুমলৈ উভতি যায় ৷ ৱান ডাউন শুভমন গীলক 10 ৰাণতে পেচাৰ কেগিছ’ ৰাবাডাই (1/34) আউট কৰে ৷

কিন্তু অধিনায়ক ৰোহিত শৰ্মা (17 নট আউট) আৰু বিৰাট কোহলীৰ অভিজ্ঞ যুটিয়ে দলটোক লক্ষ্যৰ ওচৰলৈ লৈ যায় ৷ ভাৰত জয়ৰ পৰা এটা শ্বট দূৰত থকাৰ সময়তে বিৰাট কোহলী (12) আউট হৈছিল আৰু মাত্ৰ চাৰি ৰানৰ প্ৰয়োজন হৈছিল দলটোক ৷ ভাৰতীয় শিবিৰত উদযাপনৰ সূচনা হোৱাৰ লগে লগে শ্ৰেয়াছ আয়াৰে (4 নট আউট) এটা বাউণ্ডেৰীৰে দলক লক্ষ্যত উপনীত কৰায় ৷

ভাৰতৰ ক্ৰিকেট ইতিহাসত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেন ইন ব্লুয়ে দ্বিতীয়বাৰৰ বাবে শৃংখলা সমতা স্থাপন কৰিছিল ৷ ইয়াৰ পূৰ্বে 2013 চনত মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন দলটোৱে 1-1 ত সমতা স্থাপন কৰিছিল ৷

ইয়াৰ পূৰ্বে পেচাৰ জশপ্ৰীত বুমৰাহে (6/61) টেষ্টত নৱমবাৰৰ বাবে পাঁচ উইকেট দখল কৰে আৰু দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছত 176 ৰান সংগ্ৰহ কৰি অল আউট হৈছিল ৷ অ’পেনাৰ এইডেন মাৰ্ক্ৰামে 103 টা বলত আক্ৰমণাত্মক 106 ৰান সংগ্ৰহ কৰে ৷ অৱশ্যে মাৰ্ক্ৰামৰ চতুৰ্থটো টেষ্ট শতক সত্ত্বেও আয়োজক দলটোৱে 176 ৰানতে থমকি ৰ’ব লগা হয় ৷

62/3 স্ক’ৰত ইনিংছ পুনৰ আৰম্ভ কৰি প্ৰটিয়াছে আৰু 114 ৰান সংগ্ৰহ কৰে ৷ পুৱাৰ প্ৰথম অভাৰতে ডেভিদ বেডিংহামক পেভিলিয়নলৈ ঘূৰাই পঠিয়াই জশপ্ৰীত বুমৰাহে নিজৰ একাউণ্ট খোলে ৷ উইকেট কীপাৰ বেটছমেন কাইল ভেৰেইনক অতি আক্ৰমণাত্মক দেখা গৈছিল, পুল শ্বটত বাউণ্ডেৰী স্ক’ৰ কৰিছিল যদিও আনকি তেওঁ বেছি সময় ক্ৰীজত তিষ্ঠি থাকিব পৰা নাছিল ৷

লগতে পঢ়ক : ইতিহাস সৃষ্টিৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত সমতা স্থাপন ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.