ETV Bharat / sports

India WTC Ranking : ৱেষ্ট ইণ্ডিজৰ সৈতে ড্ৰ খেলি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয় স্থানলৈ অৱনমিত ভাৰত

author img

By

Published : Jul 25, 2023, 5:37 PM IST

এছেজ শৃংখলা খেলি থকা বিশ্ব টেষ্ট চেম্পিয়ন অষ্ট্ৰেলিয়া (৫৪.১৭) আৰু ইংলেণ্ডে (২৯.১৭) ক্ৰমান্বয়ে তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰিছে ।

India WTC Ranking
India WTC Ranking

স্পৰ্টছ ডেস্ক, ২৫ জুলাই : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত ড্ৰ খেলি শেহতীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউটিচি) ৰেংকিঙত দ্বিতীয় স্থানলৈ অৱনমিত হৈছে ভাৰত । উল্লেখ্য যে দুখন মেচৰ টেষ্ট শৃংখলাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১-০ ব্যৱধানত আগবাঢ়ি থকা ভাৰতে দ্বিতীয়খন টেষ্ট জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । কিন্তু চতুৰ্থ দিনৰ খেলৰ শেষত ৱেষ্ট ইণ্ডিজে দুটা উইকেট হেৰুৱাই ২৮৯ ৰাণত পিছ পৰি আছিল আৰু পঞ্চমদিনা বৰষুণৰ বাবে খেল স্থগিত হোৱাত মেচখন অমীমাংসিত হৈ ৰয় ।

যাৰ বাবে ভাৰতে ৱেষ্ট ইণ্ডিজৰ সৈতে অন্তিম টেষ্টখনত ড্ৰতে সন্তুষ্ট থাকিবলগা হয় । এই ড্ৰৰ ফলত ভাৰতৰ জয়-পৰাজয়ৰ শতাংশ প্ৰভাৱিত হয় আৰু এই শতাংশ ১০০-ৰ পৰা ৬৬.৬৭ শতাংশলৈ হ্ৰাস পায় । উল্লেখ্য যে যোৱা সপ্তাহত গালেত শ্ৰীলংকাৰ বিৰুদ্ধে চাৰি উইকেটত বিজয় সাব্যস্ত কৰাৰ পিছত পাকিস্তানে বৰ্তমান ১০০ শতাংশ জয়-পৰাজয়ৰ ৰেকৰ্ডেৰে অকলে তালিকাৰ শীৰ্ষস্থানত আছে ।

আনহাতে, এছেজ শৃংখলা খেলি থকা বিশ্ব টেষ্ট চেম্পিয়ন অষ্ট্ৰেলিয়া (৫৪.১৭) আৰু ইংলেণ্ডে (২৯.১৭) ক্ৰমান্বয়ে তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰিছে । ইয়াৰ উপৰি ৱেষ্ট ইণ্ডিজে ভাৰতৰ বিৰুদ্ধে ড্ৰ খেলি লাভান্বিত হৈছে । কিয়নো দলটোৰ জয়-পৰাজয়ৰ শতাংশ ১৬.৬৭ লৈ বৃদ্ধি পাইছে আৰু ৱেষ্ট ইণ্ডিজ পঞ্চম স্থানলৈ উন্নীত হৈছে । আনহাতে, শ্ৰীলংকা এটা পৰাজয়ৰ সৈতে নৱম স্থানত আছে । যোৱা মাহত আৰম্ভ হোৱা নতুন ২০২৩-২৫ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰত নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশৰ দৰে দলবোৰে এতিয়াও কোনো স্থান লাভ কৰা নাই ।

উল্লেখ্য যে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত দুখন টেষ্টৰ শৃংখলাত ভাৰতে ১-০ ব্যৱধানত জয়লাভ কৰে । ডমিনিকাত অনুষ্ঠিত প্ৰথম টেষ্টত তিনিদিনৰ ভিতৰতে ঘৰটো দলটোৱে আত্মসমৰ্পণ কৰে । আনহাতে, দ্বিতীয় টেষ্টত ভাৰতৰ প্ৰথম ইনিংছৰ মুঠ ৪৩৮ ৰাণৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ২৫৫ ৰাণতে ইনিংছ সামৰে । আনহাতে, দ্বিতীয় ইনিংছত ভাৰতে দ্ৰুতগতিত ৰাণ সংগ্ৰহ কৰি ২৪ অ'ভাৰত দুটা উইকেটৰ বিনিময়ত ১৮১ ৰাণ সংগ্ৰহ কৰে । কিন্তু পঞ্চমদিনাৰ খেল বৰ্ষাবিঘ্নিত হোৱাত এটাও বল নপৰাকৈয়ে দ্বিতীয় টেষ্টৰ অন্ত পৰে । যাৰ বাবে দ্বিতীয় টেষ্ট ড্ৰ ঘোষণা কৰা হয় ।

লগতে পঢ়ক :India Tour to West Indies : মহম্মদ চিৰাজে আক্ৰমণৰ নেতৃত্ব দিছে; ৰোহিত শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.