Road Safety World Series : ফাইনেলত ভাৰত লিজেণ্ডছ বনাম শ্ৰীলংকা লিজেণ্ডজ

author img

By

Published : Oct 1, 2022, 9:27 PM IST

Cricket

কাৰ হাতলৈ যাব Road Safety World Series ২০২২ৰ খিতাপ ? খেলপথাৰত অন্তিম যুদ্ধত অৱতীৰ্ণ হ'ব শচীন তেণ্ডুলকাৰৰ নেতৃত্বাধীন ভাৰত লিজেণ্ডছ আৰু শ্ৰীলংকা লিজেণ্ডছ ।

স্পৰ্টছ ডেস্ক,১ অক্টোবৰ : পথ সুৰক্ষা বিশ্ব শৃংখলাত (Road Safety World Series 2022) শনিবাৰে ভাৰত লিজেণ্ডছ আৰু শ্ৰীলংকা লিজেণ্ডছৰ মাজত অনুষ্ঠিত হ'ব ফাইনেল খেল । ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই হাইভল্টেজ খেলখন । ছেমিফাইনেলত ভাৰত লিজেণ্ডছে অষ্ট্ৰেলিয়া লিজেণ্ডছক পৰাস্ত কৰিছিল (India Legends defeated Australia in semi final) আৰু শ্ৰীলংকা লিজেণ্ডছে ৱেষ্ট ইণ্ডিজ লিজেণ্ডছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।

দ্বিতীয় ছেমিফাইনেলত শ্ৰীলংকাৰ ঈশান জয়ৰতনে ১৯ টা বলত ৩১ ৰাণ সংগ্ৰহ কৰাৰ লগতে জীৱন মেণ্ডিছে ১৫ টা বলত ২৫ ৰাণ সংগ্ৰহ কৰিছিল । শ্ৰীলংকা লিজেণ্ডছে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৭২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ৱেষ্ট ইণ্ডিজৰ সন্মুখত ১৭৩ ৰাণৰ লক্ষ্য ৰাখে ৷ ৱেষ্ট ইণ্ডিজ লিজেণ্ডছ দলৰ হৈ ডোৱেন স্মিথে ২৪ টা বলত ২৩ ৰাণ সংগ্ৰহ কৰে ৷

নৰসিং দেৱনাৰায়ণে ৩৯ টা বলত ৬৩ ৰাণ সংগ্ৰহ কৰে । তাৰ পাছতো ৱেষ্ট ইণ্ডিজে ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই মাত্ৰ ১৫৮ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । লগে লগে শ্ৰীলংকা লিজেণ্ডছে ১৪ ৰাণত জয়ী হয় । সনথ জয়সূৰ্যই ৩ অভাৰত ২৬ ৰাণত দুটা উইকেট দখল কৰাৰ লগতে নুৱান কুলশেখৰাই ৪ অভাৰত ২৬ ৰাণ দি দুটা উইকেট দখল কৰে ।

ইফালে বৃহস্পতিবাৰে ছট্টীশগড়ৰ নৱা ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত পথ সুৰক্ষা বিশ্ব শৃংখলা ক্ৰিকেট টুৰ্ণামেণ্টৰ প্ৰথমখন ছেমি ফাইনেলত ইণ্ডিয়া লিজেণ্ডছে অষ্ট্ৰেলিয়া লিজেণ্ডছক পৰাস্ত কৰে ।

লগতে পঢ়ক :বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলালে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.