বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলালে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দলে

author img

By

Published : Sep 30, 2022, 10:29 PM IST

Indian Cricket Team Net Practice at Barsapara Stadium

মহানগৰীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত হাজাৰ হাজাৰ ক্ৰিকেটপ্ৰেমীৰ ভিৰ ৷ লক্ষ্য সকলোৰে এটাই ৷ দীঘলীয়া অপেক্ষাৰ অন্তত গুৱাহাটীত পদাৰ্পণ কৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকলক(India and South Africa players arrives in Guwahati) কাষৰ পৰা এবাৰ চোৱা ৷ আজি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলালে দুয়োটা দলে ৷

গুৱাহাটী,৩০ ছেপ্টেম্বৰ: ৰাজ্যত এতিয়া ক্ৰিকেটৰ জ্বৰ । কাৰণ গুৱাহাটী মহানগৰীত এতিয়া তাৰকা খেলুৱৈৰ সমাৱেশ । গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ২ অক্টোবৰত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল (India And South Africa's T20 Squad) । খেলখনৰ বাবে দুয়োটা দল বৃহস্পতিবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হয় ।

কটকটীয়া নিৰাপত্তাৰ মাজত ক্রিকেটাৰসকলক ৰখা হৈছে হোটেল ৰেডিশ্যন ব্লুত(Radisson Blu Hotel Guwahati) । শুকুৰবাৰে দুয়োটা দলে অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলায় । নেট অনুশীলনৰ মাজতে খেলুৱৈসকলে অনুৰাগীৰ ওচৰলৈ আহি চেলফি তোলা পৰিলক্ষিত হয় । শনিবাৰেও দুয়োটা দলে নেট অনুশীলন চলাব ।

বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলালে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দলে

ইফালে আজি অনুশীলনৰ বাবে অহা খেলুৱৈসকলক প্ৰত্যক্ষ কৰাৰ বাবে ষ্টেডিয়ামৰ সমীপত সমৱেত হয় হাজাৰ হাজাৰ ক্ৰিকেটপ্ৰেমীৰ । এক কথাত ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে ক্ৰিকেটপ্ৰেমী । অপেক্ষা মাথো ২ অক্টোবৰলৈ । ২ অক্টোবৰৰ গুৱাহাটীৰ টী-২০ ক্ৰিকেট ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলৰ বাবে মেচ ৰেফাৰীৰ দায়িত্বত আছে টীম ইণ্ডিয়াৰ প্ৰাক্তন পেচ বলাৰ জভাগল শ্ৰীনাথ ।

খেলখনৰ সফল আয়োজনৰ বাবে সাজু অসম ক্ৰিকেট সন্থা । ২ অক্টোবৰত শৃংখলাৰ দ্বিতীয়খন টী-২০ খেল ভাৰত আৰু আলহী দল দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব (India And South Africa’s T20 match) । আঢ়ৈ বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টী-২০ খেলখন প্ৰায় ৪১ হাজাৰ দৰ্শকে প্ৰত্যক্ষ কৰিব ।

লগতে পঢ়ক: মহানগৰীত ক্ৰিকেটৰ জ্বৰ: গুৱাহাটী পালেহি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.