ETV Bharat / sports

IND VS AUS T20: হাৰ্দিক পাণ্ডিয়াৰ স্থানত কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ?

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 10:30 PM IST

IND vs AUS
IND VS AUS T20

আঘাতৰ বাবে হাৰ্দিক পাণ্ডিয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T-20 শৃংখলা খেলিব নোৱাৰিব । এনে পৰিস্থিতিত কোনজন খেলুৱৈক তেওঁৰ ঠাইত অধিনায়কৰ দায়িত্ব দিয়া হ’ব সেই বিষয়ে চিন্তা-চৰ্চা কৰিছে বিচিচিআয়ে । T-20 দলৰ কমাণ্ড লাভৰ দৌৰত আছে দুটা নাম ।

স্প’ৰ্টছ ডেস্ক, 9 নৱেম্বৰ: বিশ্বকাপ 2023 অন্ত পৰাৰ পিচতে ভাৰতীয় ক্ৰিকেট দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫ খনীয়া T-20 শৃংখলা খেলিব । অহা ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই পাঁচখন খেলৰ শৃংখলা ৩ ডিচেম্বৰত শেষ হ’ব । এই ছিৰিজৰ পূৰ্বে টীম ইণ্ডিয়াৰ অনুৰাগীসকলৰ বাবে আছে এক আশ্চৰ্যকৰ খবৰ । ভাৰতৰ T-20 দলৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক এই ছিৰিজত খেলা দেখা নাযাব । এনে পৰিস্থিতিত তেওঁৰ ঠাইত আন কোনোবা খেলুৱৈক টীম ইণ্ডিয়াৰ অধিনায়কত্ব দিয়া হ’ব ।

  • Suryakumar Yadav or Ruturaj Gaikwad is likely to captaining Team India in the T20I series against Australia. (To PTI) pic.twitter.com/JZxYFxbgjb

    — CricketMAN2 (@ImTanujSingh) November 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

২০২৩ চনৰ বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে বলিং কৰি থকা অৱস্থাত বেটছমেনৰ এটা শ্বট ৰখাবলৈ চেষ্টা কৰি আঘাতপ্ৰাপ্ত হয় হাৰ্দিক পাণ্ডিয়া । ইয়াৰ পিছত তেওঁ ২০২৩ চনৰ বিশ্বকাপৰ পৰা বাহিৰ হৈছে । এতিয়া যদি সূত্ৰই বিশ্বাস কৰিব লাগে তেন্তে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T-20 শৃংখলাতো হাৰ্ডিকে খেলিব নোৱাৰিব । এনে পৰিস্থিতিত হাৰ্দিকৰ ঠাইত বি চি চি আই আৰু নিৰ্বাচকে সূৰ্যকুমাৰ যাদৱ বা ৰুতুৰাজ গায়কৱাড়ক টীম ইণ্ডিয়াৰ অধিনায়কৰ দায়িত্ব দিব পাৰে । T-20 ফৰ্মেটত পূৰ্বেও টীম ইণ্ডিয়াৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰিছে সূৰ্যকুমাৰ যাদৱে । এনে পৰিস্থিতিত তেওঁক অধিনায়কত্বৰ দায়িত্ব দিব পাৰে ।

  • ICC World Cup | Hardik Pandya has failed to recover from his ankle injury and will miss the remainder of the tournament. His place in India's squad will be taken by Prasidh Krishna: ICC

    (Pic: ICC) pic.twitter.com/cKhQluzBuy

    — ANI (@ANI) November 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

যদি আমি ৰুতুৰাজ গাইকৱাড়ৰ কথা কওঁ, তেওঁ এছিয়ান গেমছত টীম ইণ্ডিয়াৰ নেতৃত্ব দিছিল আৰু কোনো মেচত পৰাস্ত নোহোৱাকৈ দলটোৱে ফাইনেলত জয়ী হৈ স্বৰ্ণ পদক লাভ কৰিছিল । ইয়াৰ পিছত বিচিচিআই আৰু নিৰ্বাচকসকলেও অধিনায়কৰ দায়িত্ব তেওঁৰ হাতত অৰ্পণ কৰিবলৈ বিবেচনা পাৰে । ঘৰুৱা ক্ৰিকেটতো তেওঁক প্ৰায়ে অধিনায়কত্ব কৰা দেখা যায় । এতিয়া যদি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলাত হাৰ্ডিকৰ অনুপস্থিতিত অধিনায়কত্ব লাভ কৰে, তেন্তে তেওঁ নিজকে প্ৰমাণ কৰাৰ আন এক সুযোগ পাব ।

ভাৰত বনাম অষ্ট্ৰেলিয়া টি-২০ ছিৰিজৰ সূচী

প্ৰথমখন খেল – ২৩ নৱেম্বৰ (বিশাখাপট্টনম)

দ্বিতীয়খন খেল - ২৬ নৱেম্বৰ (তিৰুৱনন্তপুৰম)

তৃতীয়খন খেল – ২৮ নৱেম্বৰ (গুৱাহাটী)

চতুৰ্থ খেল – ১ ডিচেম্বৰ (নাগপুৰ)

পঞ্চমখন খেল – ৩ ডিচেম্বৰ (বেংগালুৰু)

লগতে পঢ়ক: ICC ODI RANKINGS: বেটিঙত গিল, বলিঙত ছিৰাজ; ICC ৰ ৰেংক তালিকাৰ শীৰ্ষত দুই ভাৰতীয় ক্ৰিকেটাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.