ETV Bharat / sports

Cricket World Cup 2023 : জয়লাভৰ পিছত ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে ভাৰতীয় বলাৰক প্ৰশংসা ৰোহিত শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 10:46 PM IST

পাকিস্তানক 7 উইকেটত পৰাস্ত কৰাৰ পাছত ভাৰতীয় দলৰ বলাৰসকলৰ ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে প্ৰশংসা অধিনায়ক ৰোহিত শৰ্মাৰ ৷ এদিনীয়া বিশ্বকাপত এয়া পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ একেৰাহে অষ্টমটো জয় ৷

Cricket World Cup 2023
বলাৰক প্ৰশংসা অধিনায়ক ৰোহিত শৰ্মাৰ

স্পৰ্টছ ডেস্ক, 14 অক্টোবৰ : শনিবাৰে বিশ্বকাপৰ খেলখনত চিৰপ্ৰতিদ্বন্দী পাকিস্তানক 7 উইকেটত পৰাস্ত কৰাৰ পাছত ভাৰতীয় দলৰ বলাৰসকলৰ ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে অধিনায়ক ৰোহিত শৰ্মাই ৷ ভাৰতীয় বলাৰসকলে পাকিস্তানৰ দলীয় 191 ৰাণতে আটাইকেইটা উইকেট দখল কৰে, য’ত খেলপথাৰত বলাৰসকলৰ বাবে বিশেষ একো নাছিল ৷ নিজৰ ইনিংছ আৰম্ভ কৰি অধিনায়ক ৰোহিত শৰ্মাৰ বিস্ফোৰক 86 ৰাণৰ সহায়ত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে 7 উইকেটত বিজয় সাব্যস্ত কৰে ৷

ভাৰতীয় 5 জন বলাৰে দুটাকৈ উইকেট দখল কৰি 42.5 অভাৰতে 191 ৰাণত পাকিস্তানক অল আউট কৰে আৰু 192 ৰাণৰ বিজয় লক্ষ্য আগত লৈ ভাৰতে 30.3 অভাৰতে হিটমেনৰ বিস্ফোৰক বেটিঙৰ সহায়ত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে ৷ এদিনীয়া বিশ্বকাপত এইয়া পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ একেৰাহে অষ্টমটো জয় ৷

মেচখনৰ পিছত ৰোহিত শৰ্মাই কয় যে "বলাৰসকলেই আমাৰ বাবে খেলখন আমাৰ দিশত স্থাপন কৰিছিল ৷ মই নাভাবো যে ই 190 ধৰণৰ পিটচ আছিল ৷ এটা পৰ্যায়ত আমি 280 ৰাণলৈ চাই আছিলো ৷ তেওঁলোকে (বলাৰসকলে) যি ধৰণে দৃঢ়তা দেখুৱাইছিল, সেইটোৱে বহু কথাই কয় ৷ সেইটোত আমি গৌৰৱান্বিত ৷ যিয়েই বল লাভ কৰে তেওঁৱেই দলৰ বাবে কাম কৰে ৷ আমাৰ ছয়জন ব্যক্তি আছে, যিয়ে বলৰ সৈতে কাম কৰিব পাৰে ৷ এজন অধিনায়ক হিচাবে মোৰ কামো তাত গুৰুত্বপূৰ্ণ ৷

ৰোহিত শৰ্মাই বেটছমেনসকলকো প্ৰশংসা কৰিছিল ৷ তেওঁ কয় "এইটো কেৱল ল'ৰাবোৰৰ বাবে- বিশ্বকাপত প্ৰৱেশ কৰাৰ আগতে - তেওঁলোকে যথেষ্ট ৰাণ পাইছিল ৷ আমি কি কৰিব বিচাৰিছিলো সেয়া আমি অতি স্পষ্ট আছিলোঁ ৷ কোনে ক'ত বেটিং কৰিব সেই বিষয়ে আমি খুদুৱনিত থাকিব বিচৰা নাছিলো ৷" অৱশ্যে ৰোহিতে কয় যে এই গতি অব্যাহত ৰখাটো গুৰুত্বপূৰ্ণ হ'ব ৷

তেওঁ পুনৰ কয় "মুঠতে ভাল লাগিছে ৷ আমি উত্তেজিত হ'ব নিবিচাৰো ৷ আমি ভাৰসাম্য ৰক্ষা কৰি থাকিব বিচাৰো, শান্ত হৈ থাকি আগবাঢ়ি যাব বিচাৰো ৷ আমি সন্মুখীন হোৱা প্ৰতিটো দলেই গুণগত মানৰ ৷ সেই বিশেষ দিনটোত ভাল খেলিব লাগিব, আৰু আমি সেইটোৱেই চাইছো ৷"

প্ৰতিযোগিতাখনত অপৰাজিত ভাৰতে পৰৱৰ্তী সময়ত 19 অক্টোবৰত পুনেত বাংলাদেশৰ বিৰুদ্ধে খেলিব ৷ ইফালে, 7 অভাৰত 19 ৰাণ খৰছ কৰি 2 উইকেট দখল কৰি মেন অৱ দ্য মেচৰ সন্মান লাভ কৰা পেচাৰ যশপ্ৰীত বুমৰাহে কয় যে তেওঁৰ মনোযোগ দ্ৰুতগতিত উইকেট লোৱাতহে আছিল আৰু ই তেওঁক সঠিক দৈৰ্ঘ্য বিচাৰি উলিওৱাত সহায় কৰিছিল ৷ "আমি জানিছিলোঁ যে উইকেটটো লেহেমীয়া ফালে আছে, গতিকে কঠিন লেংথবোৰেই বাট আছিল ৷ আমি বেটছমেনসকলৰ বাবে যিমান পাৰি কঠিন কৰি তুলিবলৈ চেষ্টা কৰিছিলো ৷" বুমৰাহে কয় ৷

ইফালে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে নিজৰ দলৰ পৰাজয়ৰ বাবে বেটিং লাইনৰ খহনীয়াক জগৰীয়া কৰে ৷ পাকিস্তানে ভাল আৰম্ভণি কৰিছিল আৰু 30 অভাৰলৈকে 2 উইকেটত 155 ৰাণ কৰি বাকী আঠটা উইকেট মাত্ৰ 36 ৰানত হেৰুৱাইছিল ৷ "আমি ভালকৈ আৰম্ভ কৰিছিলো ৷ আমি মাত্ৰ স্বাভাৱিকভাৱে খেলি অংশীদাৰিত্ব গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিলো ৷ হঠাতে উইকেটৰ পতন ঘটিল আৰু আমি ভালকৈ শেষ কৰিব নোৱাৰিলোঁ ৷ আমি যিদৰে আৰম্ভ কৰিছিলো, আমাৰ লক্ষ্য আছিল 280-290 ৷" পাকিস্তানৰ অধিনায়কগৰাকীয়ে কয়

লগতে পঢ়ক : Cricket world cup 2023: গুজৰাটত বিধ্বস্ত বাবৰ বাহিনী; পৰাক্ৰমেৰে 7 উইকেটত জয়ী ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.