ETV Bharat / sports

কাৰাগাৰত বিশ্বকাপৰ ফাইনেল খেলৰ পোনপটীয়া সম্প্ৰচাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 1:43 PM IST

কাৰাগাৰৰ ভিতৰতো আছে বহু ক্ৰিকেট অনুৰাগী । ক্ৰিকেটৰ অনুৰাগী কয়েদীসকলৰ সুবিধাৰ্থে দিল্লীৰ তিহাৰ, ৰোহিনী আৰু মাণ্ডোলী কাৰাগাৰত টিভি স্থাপন কৰা হৈছে । যাৰ ফলত কাৰাগাৰৰ পৰাই কয়েদীসকলে ভাৰতীয় দলক সমৰ্থন কৰিব পাৰিব ।

ICC World Cup Final
ক্ৰিকেট জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ব

স্পৰ্টছ ডেস্ক, ১৯ নৱেম্বৰ : ক্ৰিকেট জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ব । আয়োজক ভাৰতৰ প্ৰতিটো প্ৰান্ততে বিশ্বকাপৰ ফাইনেল খেলক লৈ বিভিন্ন জল্পনা কল্পনা চলিছে । বন্ধৰ দিনটোত পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে খেলখন চাবলৈ সকলোৱে বিভিন্ন পৰিকল্পনা কৰিছে । ইফালে বিশ্বকাপৰ অন্তিমখন খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰীয়েও খেলখন চাবলৈ ষ্টেডিয়ামত উপস্থিত হ'ব । দেশবাসীয়ে ভাৰতৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰি থকা দেখা গৈছে । দলটোক উৎসাহিত কৰিবলৈ মানুহে বিভিন্ন ঠাইত উপাসনা কৰি আছে । অনুৰাগীয়ে বিশেষ খেলখন চাবলৈ বিশেষ ব্যৱস্থাও কৰি আছে । আনহাতে দিল্লীৰ তিনিটা পৃথক স্থানত থকা কাৰাগাৰৰ কয়েদীসকলৰ বাবেও কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । কয়েদীসকলে যাতে গুৰুত্বপূৰ্ণ ক্ৰিকেট খেলখন উপভোগ কৰিব পাৰে তাৰ বিশেষ ব্যৱস্থা কৰা হৈছে ।

দিল্লীৰ তিহাৰ, ৰোহিনী আৰু মাণ্ডোলীৰ কাৰাগাৰত ২০,০০০ তকৈও অধিক কয়েদী আছে । সাধাৰণ অপৰাধৰ পৰা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীও আছে এই কাৰাগাৰত । বিশ্বকাপৰ খেলখনত কাৰাগাৰৰ ভিতৰৰ পৰাই ভাৰতীয় দলটোক কয়েদীসকলে সমৰ্থন কৰিব পাৰিব । কয়েদীসকলৰ ভিতৰত আছে দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া, আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ উপৰিও মহা প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ দৰে লোক । আপৰ সাংসদ সঞ্জয় সিং আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া তিহাৰ কাৰাগাৰ চৌহদৰ ১ আৰু ২ নম্বৰ কাৰাগাৰৰ বিশেষ ৱাৰ্ডত আছে । সুকেশ চন্দ্ৰশেখৰ যমুনাপাৰৰ মাণ্ডোলী কাৰাগাৰত বন্দী হৈ আছে ।

কাৰাগাৰৰ মুখ্য কাৰ্যালয়ৰ বিষয়াই জনোৱা মতে কাৰাগাৰত থকা বন্দীসকলৰ বাবে ৱাৰ্ডত টিভি সংস্থাপন কৰা হৈছে । কাৰাগাৰত মনোৰঞ্জন সম্পৰ্কীয় প্ৰয়োজনীয় নিৰ্দেশনা অনুসৰি, বহুতো চেনেল প্ৰদৰ্শন কৰাৰ অনুমতি দিয়া হৈছে । সুৰক্ষাজনিত কাৰণত, কিছুমান বন্দীক পৃথক কোষত ৰখা হয় যদিও তাত খেলৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে টিভিৰ ব্যৱস্থা আছে ।

লগতে পঢ়ক :বিশ্বকাপৰ ফাইনেল, পুৱাৰে পৰা ষ্টেডিয়ামৰ বাহিৰত অনুৰাগীৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.