ভাৰতীয় বলাৰ প্ৰসিদ্ধ কৃষ্ণৰ চৰ্চা অব্যাহত

author img

By

Published : Mar 27, 2021, 4:55 PM IST

ভাৰতীয় বলাৰ প্ৰসিদ্ধ কৃষ্ণকলৈ চৰ্চা অব্যাহত

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমখন খেলতে প্ৰসিদ্ধ কৃষ্ণই লাভ কৰে ৪ টাকৈ উইকেট । ইংলেণ্ডৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শনৰ পিছতে বিভিন্ন মহলত তেওঁক লৈ চৰ্চা অব্যাহত । প্ৰসিদ্ধ কৃষ্ণক টেষ্টৰ দলত অন্তৰ্ভূক্ত কৰাৰ বাবে ভাৰতীয় বাছিন সমিতিক আহ্বান সুনীল গাভাস্কাৰৰ ।

স্পৰ্টছ ডেস্ক,২৭ মাৰ্চ: ভাৰত আৰু ইংলেণ্ডৰ মাজত এদিনীয়া শৃংখলা অব্যাহত আছে । ইতিমধ্যে দুয়োটা দল এখনকৈ খেলত বিজয় সাব্যস্ত কৰিছে । ইয়াৰ মাজতে চৰ্চালৈ আহিছে ভাৰতীয় দলৰ নতুন মুখ প্ৰসিদ্ধ কৃষ্ণ । ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত আত্মপ্ৰকাশ হোৱা কৰ্ণাটকৰ খেলুৱৈ গৰাকীয়ে ৪ টাকৈ উইকেট দখল কৰাৰ লগে লগে বিভিন্নজনৰ প্ৰশংসাৰ পাত্ৰ হৈছে ।

ভাৰতৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰেও প্ৰশংসা কৰিলে প্ৰসিদ্ধ কৃষ্ণক । ২০১৮ চনত জচপ্ৰিত বুমৰাহৰ দৰে প্ৰসিদ্ধ কৃষ্ণইও নিজৰ বলিঙৰ গতি আৰু চিমৰ জৰিয়তে টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ ভাল প্ৰদৰ্শন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে প্ৰাক্তন অধিনায়কজনে ।

বলিঙৰ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি এদিনীয়াৰ উপৰিও ৰঙা বলৰ টেষ্ট ক্ৰিকেটৰ বাবেও ভাৰতীয় বাছনি সমিতিয়ে প্ৰসিদ্ধ কৃষ্ণক গুৰুত্ব সহকাৰে ল’ব লাগে বুলি শুকুৰবাৰে এক মন্তব্য দিয়ে গাভাস্কাৰে ।

উল্লেখ্য যে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ ৯ খন খেলত বৰ্তমানলৈ প্ৰসিদ্ধ কৃষ্ণই ৩৪ টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে 'এ' তালিকাৰ ৫০ খন খেলত মুঠ ৮৭ টা নিজৰ দখললৈ আনিছে বলাৰ জনে ।

লগতে পঢ়ক: প্ৰথম এদিনীয়া : ইংলেণ্ডৰ বিৰুদ্ধে 66 ৰাণত জয়ী ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.