ETV Bharat / sports

ICC World Cup 2023: অপ্ৰতিৰোধ্য ভাৰত, ইডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 243 ৰাণত জয় লাভ মেন ইন ব্লুৰ

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 6:53 PM IST

Updated : Nov 5, 2023, 8:55 PM IST

ICC World Cup 2023
কোহলীৰ 49 সংখ্যক শতক অৰ্জন

দক্ষিণ আফ্ৰিকাক 243 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ভাৰতে ৷ 326 ৰাণৰ লক্ষ্য আগত লৈ দক্ষিণ আফ্ৰিকাই 27.1 অভাৰতে আটাইকেইটা ফউকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ 83 ৰাণ ৷

স্পৰ্টছ ডেস্ক, 5 নৱেম্বৰ : ক্ৰিকেটৰ নন্দন-কানন ইডেন গাৰ্ডেনত দেওবাৰে অনুষ্ঠিত হোৱা চলিত বিশ্বকাপৰ লীগ পৰ্যায়ৰ মেচখনত ভাৰতে দক্ষিণ আফ্ৰিকাকক 243 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৷ ভাৰতৰ বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি 27.1 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই আত্মসমৰ্পন কৰে দক্ষিণ আফ্ৰিকাই ৷ বিৰাট কোহলী প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ৷

327 ৰাণৰ বৃহৎ লক্ষ্য আগত লৈ দক্ষিণ আফ্ৰিকাই নিজৰ ইনিংছ আৰম্ভ কৰি ভাৰতৰ শক্তিশালী বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি 243 ৰাণত পৰাজয় স্বীকাৰ কৰে ৷ ৰবীন্দ্ৰ জাডেজা, কুদীপ যাদৱৰ স্পীনৰ যাদুত অধিক সময় তিষ্ঠিব নোৱাৰিলে দক্ষিণ আফ্ৰিকাৰ এজনো বেটছমেন ৷ ইফালে যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ ছিৰাজেও বিধ্বংসী বলিঙৰে ব্যতিব্যস্ত কৰি তোলে দক্ষিণ আফ্ৰিকাৰ শক্তিশালী বেটছমেন সকলক ৷ ফলত 20 ৰাণো সংগ্ৰহ নকৰাকৈ দলটোৰ এজন এজনকৈ বেটছমেন পেভিলিয়নমুখী হ’বলৈ বাধ্য হয় ৷

ৰবীন্দ্ৰ জাডেজাই নিজৰ স্পীন যাদুৰে সাৰ্বাধিক 5 টা উইকেট দখল কৰে ৷ কুলদীপ যাদৱে দখল কৰে 2 টা উইকেট ৷ মহম্মদ ছামীয়ে 2 টা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ ছিৰাজে দখল কৰে 1টা উইকেট ৷

চলিত বিশ্বকাপত অপ্ৰতিৰোধ্যৰ ধাৰা অব্যাহত ৰাখি একেৰাহে অষ্টমখন মেচতো জয়লাভ কৰে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে ৷ এতিয়ালৈকে খেলা 8 খন মেচৰ 8 খনতেই জয়লাভ কৰি পইন্ট তালিকাত 16 পইন্টেৰে শীৰ্ষত অৱস্থান কৰিছে ভাৰতে ৷

টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ ভাৰতে 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 326 ৰাণ ৷ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ ভাৰতে ৰোহিত শৰ্মা আৰু শুভমন গীলৰ বিস্ফোৰক বেটিঙেৰে ইনিংছ আৰম্ভ কৰে ৷ অধিনায়ক ৰোহিত শৰ্মাই মাত্ৰ 24 টা বলত 40 ৰাণ সংগ্ৰহ কৰি ৰাবাডাৰ বলত পেভিলিয়নমুখী হয় ৷ শুভমন গীলে সংগ্ৰহ কৰে 23 ৰাণ ৷

ইফালে আজিৰ এই মেচখনতে তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে সম্পূৰ্ণ কৰে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ 49 সংখ্যক শতৰাণ ৷ এই শতৰাণৰ সংগ্ৰহ কৰি কোহলীয়ে স্পৰ্শ কৰে মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ অভিলেখ ৷ যি শতৰাণৰ বাবে অধীৰ উৎকণ্ঠাৰে বাট চাই আছিল কোহলীৰ অনুৰাগীয়ে ৷ বিৰাট কোহলীয়ে 121 টা বলত 101 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ আজি 35 বছৰীয়া জন্মদিনত অনুৰাগীক শতকল উপহাৰ দিয়ে বিস্ফোৰক বেটছমেনজনে ৷

শ্ৰেয়াছ আয়াৰেও বিস্ফোৰক বেটিঙেৰে ভাৰতক এক বিশাল স্কৰ সংগ্ৰহ কৰাত সহায় কৰে ৷ আয়াৰে 87 টা বলত সংগ্ৰহ কৰে 77 ৰাণ আৰু এনগিড়িৰ বলত পেভিলিয়নমুখী হয় ৷ সূৰ্যকুমাৰ যাদৱে 14 টা বলত সংগ্ৰহ কৰে 22 ৰাণ ৷ ৰবীন্দ্ৰ জাডেজাই 15 টা বলত 29 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷

দক্ষিণ আফ্ৰিকাৰ হৈ লুংগী এনগিড়ি, মাৰ্ক জেনছেন, কেছিগ’ ৰাবাডা, কেশৱ মাহাৰাজ আৰু তাব্ৰীজ ছামছীয়ে 1টাকৈ উইকেট দখল কৰে ৷

লগতে পঢ়ক : Shreyas Iyer Father Exclusive: পিতৃয়ে বৰ্ণনা কৰিলে শ্ৰেয়াছৰ উত্থানৰ কাহিনী

Last Updated :Nov 5, 2023, 8:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.