ETV Bharat / sports

টি-২০ ক্ৰিকেট বিশ্বকাপঃ ভাৰতীয় দলৰ অনুশীলন সন্দৰ্ভত মুখ খুলিলে জশপ্ৰীত বুমৰাহে

author img

By

Published : Jun 1, 2020, 12:15 PM IST

টি-২০ ক্ৰিকেট বিশ্বকাপ সন্দৰ্ভত জশপ্ৰীত বুমৰাহৰ মন্তব্য
টি-২০ ক্ৰিকেট বিশ্বকাপ সন্দৰ্ভত জশপ্ৰীত বুমৰাহৰ মন্তব্য

আগন্তুক টি-২০ ক্ৰিকেট বিশ্বকাপ ১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ অষ্ট্ৰেলিয়াৰ ৭টা স্থানত অনুষ্ঠিত হ'ব ।

স্পোৰ্টছ ডেস্ক, ১ জুন: আগন্তুক টি-২০ বিশ্বকাপক লৈ মুখ খুলিলে ভাৰতীয় যুৱ বলাৰ জশপ্ৰীত বুমৰাহে । বাস্তৱিকতে অতি সুন্দৰকৈ ভাৰতীয় দলটোৰ অনুশীলন চলি আছিল আৰু টি-২০ বিশ্বকাপ টুৰ্ণামেণ্টৰ পূৰ্বেই বহুকেইখন খেল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোভিড-১৯ৰ বাবে খেলসমূহ স্থগিত ৰাখিবলগীয়া হয় ।

আগন্তুক টি-২০ বিশ্বকাপ অষ্ট্ৰেলিয়াৰ ৭টা স্থানত ১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব বুলি বলাৰগৰাকীয়ে জানিবলৈ দিয়ে । লগতে তেওঁ কয় যে, অৱশ্যে মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে বহু খেল ইতিমধ্যে বাতিল কৰিবলগীয়া হৈছে । ইফালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আই.চি.চি.)য়ে বৃহস্পতিবাৰে সকলো এজেণ্ডা আইটেমছৰ সিদ্ধান্তসমূহৰ সময়সীমা ১০ জুন ধাৰ্য কৰি দিয়ে ।

টি-২০ ক্ৰিকেট বিশ্বকাপ সন্দৰ্ভত জশপ্ৰীত বুমৰাহৰ মন্তব্য
টি-২০ ক্ৰিকেট বিশ্বকাপ সন্দৰ্ভত জশপ্ৰীত বুমৰাহৰ মন্তব্য

বুমৰাহে জানিবলৈ দিয়ে যে, টি-২০ বিশ্বকাপৰ বাবে তেওঁ এই লক ডাউনৰ সময়ছোৱাতে নিজৰ ফিটনেছৰ ওপৰত গুৰুত্ব দিছে । কিয়নো নিজৰ শৰীৰৰ যতন লবলৈ ইয়াতকৈ সুবিধাজনক সময় আৰু নাহে । আই.চি.চি.ৰ ভিডিঅ চিৰিজ ইনচাইড আউটৰ ইণ্টাৰভিউত ইয়ান বিশ্বপ আৰু শ্বন পোলোকৰ সৈতে ভাৰতীয় দ্ৰুত বলাৰ জশপ্ৰীত বুমৰাহে এই কথা শ্বেয়াৰ কৰে ।

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.