ETV Bharat / sports

"৬০ ছেকেণ্ড চেলেঞ্জ" ৰে আৰম্ভ ক্ৰিকেট বিশ্বকাপ, ২০১৯

author img

By

Published : May 30, 2019, 12:01 AM IST

শুভাৰম্ভ অনুষ্ঠান

বিশ্বকাপ ক্ৰিকেট আৰম্ভ হ'বলৈ মাজত মাথো কেইটামান ঘন্টা বাকী । লণ্ডনৰ ৱাকিংহাম পেলেচত অনুষ্ঠিত কৰা হ'ল বিশ্বকাপ ক্ৰিকেটৰ শুভাৰম্ভ অনুষ্ঠান ।

নিউজ ডেস্ক, ২৯ মে': ব্যতিক্ৰমী "৬০ ছেকেণ্ড চেলেঞ্জ" ৰে লণ্ডনৰ ৱাকিংহাম পেলেচত আৰম্ভ হ'ল ক্ৰিকেট বিশ্বকাপ, ২০১৯ । শুভাৰম্ভ অনুষ্ঠানৰ পৰিৱেশনৰ দায়িত্বত থাকে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ এন্দ্ৰিউ ফ্লিন্টফ আৰু শিৱানী দান্দেকাৰ তথা পেডী মেকগিনিজ । এই অনুষ্ঠানত উপস্থিত থাকে প্ৰতিটো অংশগ্ৰহণকাৰী দলৰ অধিনায়ক সকল । অনুষ্ঠানত উপস্থিত থাকি ইংলেণ্ড দলৰ অধিনায়ক ইয়ন মৰ্গানে মন্তব্য কৰে যে, বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ যথেষ্ট সুখী আৰু ভাল আয়োজক দেশ হিচাপে পৰিগণিত হ'বলৈ যৎপৰোনাস্তি চেষ্টা কৰিব বুলিও তেওঁ জনায় । মৰ্গানৰ পাছতে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে অনুষ্ঠানত উপস্থিত হৈ সুখী বুলি জনোৱাৰ লগতে উপস্থিত অনুৰাগী সকলকো সম্বোধন কৰে ।

ETV BHARAT ASSAM
ক্ৰিকেট বিশ্বকাপ, ২০১৯

প্ৰাক্তন ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক অনিল কুম্বলে আৰু বলীউদ অভিনেতা ফাৰহান আখটাৰো অনুষ্ঠানত উপস্থিত থাকে । ইয়াৰ উপৰি প্ৰাক্তন ক্ৰিকেটাৰ ভিভ ৰিছাৰ্ডছ, জেকছ কালিছ, ব্ৰেট লী আৰু কেভিন পিটাৰছনো উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে । আনহাতে, "৬০ ছেকেণ্ড চেলেঞ্জ" ত ভাৰতৰ হৈ অনিল কুম্বলে আৰু ফাৰহান আখটাৰে সৰ্বনিম্ন ১৯ ৰাণ কৰাৰ উপৰি ইংলেণ্ডৰ হৈ কেভিন পিটাৰছনে সৰ্বাধিক ৭৪ ৰাণ কৰি এই চেলেঞ্জত জয়ী হয় । অনুষ্ঠানৰ শেষৰ ফালে বিশ্বকাপৰ থীম ছং "ষ্টেণ্ড বাই" পৰিৱেশন কৰে গায়ক লৰীণে ।

ALL WORLD CUP TEAM LOGO

বিশ্বকাপত অংশগ্ৰহণকাৰী দলকেইটাৰ প্ৰতীক চিহ্ন

নিউজ ডেস্ক, ২৯ মে':

বিশ্বকাপ ক্ৰিকেট, ২০১৯ লৈ মাজত মাথোঁ এটা দিন বাকী । সমুখ সমৰৰ বাবে সাজু ১০ টাকৈ আগশাৰীৰ দল । ক্ৰীড়াপ্ৰেমীৰ উৎকণ্ঠাৰ অন্ত পেলাই ৩০ মে'ৰ পৰা ইংলেণ্ড আৰু ৱেলছত আৰম্ভ হ'ব বিশ্বকাপৰ প্ৰথম খন খেল । ইয়াৰ পূৰ্বে চাওঁ আহক বিশ্বকাপত অংশগ্ৰহণকাৰী প্ৰতিটো দলৰে প্ৰতীক চিহ্ন কেইটা -

১. ভাৰত
২. ইংলেণ্ড
৩. অষ্ট্ৰেলিয়া
৪. দক্ষিণ আফ্ৰিকা
৫. নিউজিলেণ্ড
৬. শ্ৰীলংকা
৭. পাকিস্তান
৮. বাংলাদেশ
৯. আফগানিস্তান
১০. ৱেষ্ট ইণ্ডিজ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.