ETV Bharat / sports

টি-20 বিশ্বকাপ, 2022 পৰ্যন্ত পাকিস্তানৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্ত ইউনিছ খান

author img

By

Published : Nov 12, 2020, 4:48 PM IST

ইউনিছে পাকিস্তানৰ ৰাষ্ট্ৰীয় দলৰ হৈ 118 খন টেষ্টত 10,099 ৰাণ সংগ্ৰহ কৰিছে ৷ তেওঁ সৰ্বাধিক 313 ৰাণৰ ইনিংছ কৰিছিল ৷ ইয়াৰোপৰি, ICC ৰেংকিঙৰ 1 নম্বৰৰ বেটছমেন আছিল ইউনিছ ৷ 2009 চনত টি-20 বিশ্বকাপ দখল কৰা পাকিস্তান দলৰ অধিনায়ক আছিল ইউনিছ ৷

পাকিস্তানৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্ত ইউনিছ খান
ইউনিছ খান

স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ : অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগা টি-20 বিশ্বকাপ, 2022 পৰ্যন্ত পাকিস্তানৰ বেটিং প্ৰশিক্ষক হিচাপে চুক্তিৰ সম্প্ৰসাৰণ কৰা হৈছে প্ৰাক্তন ক্ৰিকেটাৰ ইউনিছ খানৰ ৷ বৃহস্পতিবাৰে পাকিস্তান ক্ৰিকেট বৰ্ডে (PCB) খানৰ চুক্তি সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে ৷

PCB য়ে জানিবলৈ দিয়ে যে, ইংলেণ্ড ভ্ৰমণত পাকিস্তান দলৰ প্ৰশিক্ষক হিচাপে ইউনিছৰ ভূমিকাৰ ওপৰত দৃষ্টি ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

PCB ৰ মুখ্য কাৰ্যবাহী বিষয়া ৱাছিম খানে কয়, "মই সুখী যে, ইউনিছ অহা দুটা বছৰ আমাৰ সৈতে বেটিং প্ৰশিক্ষক হিচাপে থাকিব ৷ ইংলেণ্ডলৈ অতি কম সময়ৰ ভ্ৰমণত ইউনিছৰ দললৈ প্ৰভাৱ সম্পৰ্কত আমি যি যোগাত্মক প্ৰতিক্ৰিয়া লাভ কৰিলো সেয়া গুৰুত্বপূৰ্ণ ৷"

তেওঁৰ কৰ্মৰ প্ৰতি দায়বদ্ধতা আৰু জ্ঞান সৰ্বজনবিদিত আৰু মই বিশ্বাসী যে, তেওঁৰ নিযুক্তি বহু প্ৰতিভাসম্পন্ন বেটছমেনৰ বাবে সহায়ক হ'ব ৷"

উল্লেখ্য যে, ইউনিছে পাকিস্তানৰ ৰাষ্ট্ৰীয় দলৰ হৈ 118 খন টেষ্টত 10,099 ৰাণ সংগ্ৰহ কৰিছে ৷ তেওঁ সৰ্বাধিক 313 ৰাণৰ ইনিংছ কৰিছিল ৷ ইয়াৰোপৰি, ICC ৰেংকিঙৰ 1 নম্বৰৰ বেটছমেন আছিল ইউনিছ ৷ 2009 চনত টি-20 বিশ্বকাপ দখল কৰা পাকিস্তান দলৰ অধিনায়ক আছিল ইউনিছ ৷

নিজৰ নিযুক্তি সম্পৰ্কত ইউনিছে কয়, "দীৰ্ঘ সময়ৰ বাবে পাকিস্তান দলৰ অংশ হ'বলৈ পাই মই গৌৰৱাম্বিত ৷ এই সুবিধা দিয়া বাবে মই সন্মানিত অনুভৱ কৰিছো ৷ এতিয়া মই দায়িত্ব পালন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে নিউজিলেণ্ড ভ্ৰমণৰ বাবে দলক সাজু কৰিব বিচাৰিছো ৷"

ইয়াৰোপৰি, PCB য়ে এবছৰৰ বাবে প্ৰাক্তন টেষ্ট স্পীনাৰ অৰ্শদ খানক মহিলা ক্ৰিকেট দলৰ বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছে ৷

লগতে পঢ়ক : ভাৰত বনাম অষ্ট্ৰেলিয়াঃ বিৰাট কোহলীৰ অনুপস্থিতিয়ে কোনটো চেনেলক ক্ষতি কৰিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.