ETV Bharat / sports

"বায়'-সুৰক্ষিত পৰিৱেশত" ইংলেণ্ডত খেলাৰ সন্মতি প্ৰদান ৱেষ্ট ইণ্ডিজৰ

author img

By

Published : May 30, 2020, 4:27 PM IST

ইংলেণ্ডৰ গৃহভূমিত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলা খেলাৰ বাবে সন্মিত প্ৰদান ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ । সুৰক্ষাৰ সকলো দিশ চালি-জাৰি চাই এই সিদ্ধান্ত ক্ৰিকেট ৱেষ্ট ইণ্ডিজৰ ।

West Indies agrees to play England in 'bio-secure' environment
West Indies agrees to play England in 'bio-secure' environment

স্পৰ্টছ ডেস্ক, 30 মে': COVID-১৯ ৰ পাচত ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া টেষ্ট শৃংখলাক লৈ সন্মতি প্ৰদান ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ । ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ড আৰু ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ চিকিৎসকৰ এটা দলৰ সৈতে দীৰ্ঘ সময়লৈ চলা এক বৈঠকৰ পাচত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । জুলাই মাহত অনুষ্ঠিত হ'ব তিনিখন মেচৰ টেষ্ট শৃংখলা । ইয়াৰ পূৰ্বে জুন মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল এই দ্বিপক্ষীয় শৃংখলাখন ।

ক্ৰিকেট ৱেষ্ট ইণ্ডিজে এক বিবৃতি প্ৰদান কৰি কৈছে যে, এই ভ্ৰমণকালত ইংলেণ্ডত সকলো খেলুৱৈ আৰু ষ্টাফ কৰ্মীক বায়'-সুৰক্ষা পৰিৱেশত ৰখা হ'ব । আনহাতে দৰ্শক বিহীন ভাৱে আয়োজন কৰা হ'ব এই শৃংখলা ।

West Indies agrees to play England in 'bio-secure' environment
ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ড

ক্ৰিকেট ৱেষ্ট ইণ্ডিজক খেলুৱৈ তথা ষ্টাফৰ থকা-মেলাৰ সম্পূৰ্ণ পৰিকল্পনা প্ৰদান কৰা হৈছিল ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ডৰ পৰা । সেই সমূহ পৰ্যালোচনা কৰাৰ পাচতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছ বুলি উল্লেখ কৰে ক্ৰিকেট ৱেষ্ট ইণ্ডিজে ।

এই সন্জৰ্ভত এতিয়া ৱেষ্ট ইণ্ডিজ ক্ৰিকেটে কেৰিবিয়ান চৰকাৰক খেলুৱৈ, সহায়ক কৰ্মী সকলৰ আহা-যোৱাৰ সুবিধাৰ বাবে অনুমতি বিচাৰিব বুলি উল্লেখ কৰে । আনহাতে খেলুৱৈ, ষ্টাফ সকলক নিয়াৰ বাবে নিজা চাৰ্টাৰ বিমানৰ ব্যৱহাৰ কৰা হ'ব কোৱা হৈছে । লগতে এই ভ্ৰমণ সময়ত সকলোৰে স্বাস্থ্য় পৰীক্ষাৰ লগতে COVID-১৯ ৰ পৰীক্ষণ কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.