ETV Bharat / sports

অনুশীলনত নামিল ইংলেণ্ডৰ বেগী বলাৰ জেমছ এণ্ডাৰছন

author img

By

Published : May 26, 2020, 3:42 PM IST

WATCH: England pacer James Anderson 'enjoying' his return to training
WATCH: England pacer James Anderson 'enjoying' his return to training

কৰ'ণা ভাইৰাছৰ মাজতেই পুনৰ খেলপথাৰত অনুশীলনত নামিল ইংলেণ্ডৰ দ্ৰুতবেগী বলাৰ জেমছ এণ্ডাৰছন । অনুশীলনৰ ভিডিঅ'-ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ খেলুৱৈগৰাকীৰ ।

স্পৰ্টছ ডেস্ক, ২৬ মে': দীৰ্ঘদিনৰ বিৰতিৰ পাচত পুনৰ অনুশীলনত নামিল ইংলেণ্ড ক্ৰিকেটাৰ জেমছ এণ্ডাৰছন । অনুশীলনলৈ আহি আনন্দ উপভোগ কৰা বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

সোমবাৰে অনুশীলন কৰা কিছু ভিডিঅ'-ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে খেলুৱৈগৰাকীয়ে । ভিডিঅ'টোত বল কৰাৰ লগতে দৌৰি থকা দেখা পোৱা যায় খেলুৱৈগৰাকীক ।

তেওঁ কয়, মই এইখন বহুত মনত কৰি আছিলো । লাহে-লাহে গিয়াৰ দি সহজ কৰিছো, কিন্তু ঘূৰি অহাৰ বৰ্তমান আনন্দ উপভোগ কৰি আছো ।

উল্লেখ্য যে, ৩৭ বছৰীয়া এণ্ডাৰচনে ইংলেণ্ডৰ হৈ বৰ্তমানলৈকে ১৫১ খন টেষ্ট মেচত ৫৮৪ টা উইকেট ল'বলৈ সক্ষম হৈছে । বিশ্ব ক্ৰিকেটত আটইতকৈ বেছি টেষ্ট উইকেট দখল কৰা খেলুৱৈৰ চতুৰ্থ স্থানত আছে এণ্ডাৰছন । আনহাতে টেষ্ট ক্ৰিকেট সৰ্বাধিক উইকেট লোৱা ইংলেণ্ডৰ প্ৰথমজন আৰু বিশ্ব ক্ৰিকেটৰ দ্ৰুতবেগী বলাৰৰ ভিতৰত প্ৰথমগৰাকী খেলুৱৈ এণ্ডাৰছন ।

বিগত সপ্তাহত ষ্টুৱাৰ্ড ব্ৰ'ড, বেন ষ্ট'ক্ছ, ক্ৰীছ ৱ'কছেও অনুশীলনত অংশগ্ৰহণ কৰিছিল । বিগত কেইটামান দিনৰ পূৰ্বে ইংলেণ্ড ক্ৰিকেট ব'ৰ্ড প্ৰথমে বলাৰ সকলক অনুশীলন কৰাৰ অনুমতি প্ৰদান কৰিছিল । যাৰ বাবে খেলুৱৈসকলে পুনৰ নিয়ম-অনুসৰি অনুশীলনত অংশ গ্ৰহণ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.