ETV Bharat / sports

কৰ’ণা ভাইৰাছকলৈ জনতাক বিৰাট-অনুষ্কাৰ আহ্বান !

author img

By

Published : Mar 20, 2020, 9:47 PM IST

ভাৰতবাসীৰ লগতে অনুৰাগী সকলক বিৰাট-অনুষ্কাৰ কাতৰ অনুৰোধ ৷ নিজৰ-নিজৰ বাসগৃহতে সুৰক্ষিত থাকিবলৈ অহ্বান জনায় দুই তাৰকাই ৷

virat kohli and anushka sharma,appealed to fans for tackling coronavirus pandemic
কৰ’ণা ভাইৰাছকলৈ জনতাক বিৰাট-অনুষ্কাৰ আহ্বান !

স্পৰ্টছ ডেস্ক, 20 মাৰ্চ: কৰ’ণাক প্ৰতিহিত কৰা তথা কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু বলিউডৰ মোহময়ী অভিনেত্ৰী তথা কোহলিৰ পত্নী অনুষ্কা শৰ্মাৰ দেশবাসীৰ লগতে অনুৰাগীক কাতৰ আহ্বান ৷ সকলো লোককে নিজৰ-নিজৰ বাসগৃহতে সুৰক্ষিত থাকিবলৈ অহ্বান জনায় দুই তাৰকাই ৷

  • The need of the hour is to absolutely respect and follow the government's directive. Stay home. Stay safe. Stay healthy. 🙏🏻 https://t.co/p1NDo0E9YL

    — Virat Kohli (@imVkohli) March 20, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে,অহা 22 মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰীয়ে ‘জনতা কাৰ্ফিউ’ ঘোষণা কৰাৰ পাচতেই দুই তাৰকাই এই আহ্বান জনায় অনুৰাগীৰ লগতে সমগ্ৰ দেশবাসীক ৷ কৰ’ণা ভাইৰাছৰ বাবেই ক্ৰীড়াজগতৰ বহু কেইটা অনুষ্ঠান বাতিলৰ লগতে স্থগিত কৰা হৈছে ৷

টুইটাৰত ভিডিঅ’ যোগে দুইয়ো তাৰকাই একেলগে উল্লেখ কৰে যে, আমি জানো যে সকলো এক কঠিন প্ৰত্যাহ্বানৰ মাজেৰে গতি কৰি আছে ৷ কৰ’ণা ভাইৰাছক প্ৰতিহিত কৰিবলৈ সকলো একত্ৰিত হৈ উচিত পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন ৷ আমি নিজৰ আৰু সকলোৰে সুৰক্ষাৰ বাবে ঘৰত আছো আৰু সকলোৱে এই ভাইৰাছক প্ৰতিহিত কৰিবলৈ এনে কৰা উচিত ৷ নিজে আছুতীয়াকৈ থাকি সকলোকে সুৰক্ষিত কৰি ৰাখক বুলি কয় কোহলিয়ে ৷

লগতে চাওক- ভাৰতীয় ফুটবল জগতৰ কিংবদন্তী পি.কে বেনাৰ্জীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.