ETV Bharat / sports

বুমৰাহক মধুচন্দ্রিকাৰ বাবে মালদ্বীপলৈ যোৱাৰ পৰামৰ্শ ৰাজস্থান ৰয়েলছৰ

author img

By

Published : Mar 16, 2021, 8:15 PM IST

সোমবাৰে যশপ্ৰীত বুমৰাহে বিবাহপাশত আৱদ্ধ হোৱাৰ পাচত শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া ৷ টুইটাৰযোগে আইপিএলৰ ৰাজস্থান ৰয়েলছৰ অফিচিয়েল পেজৰ পৰা নৱ বিবাহিত দম্পতী বুমৰাহ আৰু সঞ্জনাক পৰামৰ্শ দিয়া হৈছে যে, নৱ বিবাহিত দম্পতীটোৱে এপ্ৰিল-মে’ মাহত মধুচন্দ্রিকাৰ বাবে মালদ্বীপলৈ যাওঁক, কাৰণ সেই সময়ত আৰম্ভ হ’ব চলিত বৰ্ষৰ আইপিএল ৷

RR's congratulatory message for Bumrah
ৰাজস্থান ৰয়েলছৰ বুমৰাহলৈ পৰামৰ্শ

স্পৰ্টছ ডেস্ক,16 মাৰ্চ: যশপ্ৰীত বুমৰাহ আৰু সঞ্জনা গণেশনৰ বিবাহক লৈ আইপিএলৰ দল ৰাজস্থান ৰয়েলছ চমুকৈ আৰ আৰে টুইটাৰযোগে জনাইছে এক ব্যতিক্ৰমী শুভেচ্ছা ৷

টুইটাৰযোগে দম্পতীটোক পৰামৰ্শ দি ৰাজস্থান ৰয়েলছে কয় যে, এপ্ৰিল-মে’ মাহত মধুচন্দ্রিকাৰ বাবে নৱ বিবাহিত দম্পতীটোৱে মালদ্বীপলৈ যাওঁক, যিহেতু সেই সময়ত চলিত বৰ্ষৰ আইপিএল আৰম্ভ হ’ব ৷ ৰাজস্থান ৰয়েলছৰ টুইটাৰ পেজৰ পৰা এইদৰে শুভেচ্ছা জনোৱা হৈছে "Congratulations, guys! We hear Maldives is great in April-May," ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ 9 এপ্ৰিলত 2021 বৰ্ষৰ আইপিএল আৰম্ভ হ’ব আৰু চূড়ান্ত মেচখন অনুষ্ঠিত হ’ব 30 মে’ত ৷

লগতে পঢ়ক: ইণ্ডিয়া বনাম ইংলেণ্ড : শিখৰ ধৱনৰ স্থান অক্ষুণ্ণ ৰখাৰ চাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.