ETV Bharat / sports

RR বনাম CSK: লুংগি এনগিডীৰ অপ্ৰত্যাশিত অভিলেখ

author img

By

Published : Sep 23, 2020, 10:50 AM IST

Updated : Sep 23, 2020, 12:41 PM IST

অপ্ৰত্যাশিত অভিলেখৰ গৰাকী হ'ল লুংগি এনগিডী ৷ 30 ৰাণ প্ৰদান কৰি আইপিএলৰ ইতিহাসৰ চূড়ান্ত অ'ভাৰত সৰ্বাধিক ব্যয়বহুল বলাৰ হিচাপে পৰিগণিত হয় লুংগি এনগিডী ৷

আইপিএল 2020
RR বনাম CSK: লুংগি এনগিডীৰ অপ্ৰত্যাশিত অভিলেখ

স্পৰ্টছ ডেস্ক, 23 ছেপ্তেম্বৰ : 13 সংখ্যক আইপিএলত এখন মেচত সৰ্বাধিক ৰাণ খৰছ কৰি অপ্ৰত্যাশিত অভিলেখ স্থাপন কৰিলে লুংগি এনগিডীয়ে ৷ চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত মঙলবাৰে অনুষ্ঠিত মেচত এনে অনাকাংক্ষিত অভিলেখৰ গৰাকী হয় দক্ষিণ আফ্ৰিকাৰ বলাৰগৰাকী ৷ অন্তিম অ'ভাৰত সঞ্জু ছেমচনৰ লগতে জফ্ৰা আৰ্চাৰে লুংগি এনগিডীৰ বলত ছয় কোবায় ৷

আইপিএল 2020
RR বনাম CSK: লুংগি এনগিডীৰ অপ্ৰত্যাশিত অভিলেখ

30 ৰাণ প্ৰদান কৰি আইপিএলৰ ইতিহাসৰ চূড়ান্ত অ'ভাৰত সৰ্বাধিক ব্যয়বহুল বলাৰ হিচাপে পৰিগণিত হয় লুংগি এনগিডী ৷ জফ্ৰা আৰ্চাৰে লুংগি এনগিডীক অন্তিমটো অ'ভাৰত একেৰাহে চাৰিটাকৈ ছয় কোবায় ৷ এই চাৰিটা ছয়ৰ দুটা ন' বলত আছিল ৷ ইয়াৰ ফলত বলাৰগৰাকীয়ে প্ৰথম দুটা বৈধ বলতে খৰছ কৰিছিল 26 ৰাণ ৷

আইপিএল 2020
চেন্নাইৰ বিৰুদ্ধে 16 ৰাণত জয়ী ৰাজস্থান ৰয়েলছ
আইপিএল 2020
চেন্নাইৰ বিৰুদ্ধে 16 ৰাণত জয়ী ৰাজস্থান ৰয়েলছ

উল্লেখ্য যে, মঙলবাৰে অনুষ্ঠিত মেচত চেন্নাই চুপাৰ কিংছক 16 ৰাণত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছে ৷

লগতে পঢ়ক : আইপিএল 2020 : চেন্নাইৰ বিৰুদ্ধে 16 ৰাণত জয়ী ৰাজস্থান ৰয়েলছ

Last Updated : Sep 23, 2020, 12:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.