ETV Bharat / sports

ইংলেণ্ড বনাম পাকিস্তান : দেওবাৰে ইংলেণ্ডত উপস্থিত হ'ব পাকিস্তান দল

author img

By

Published : Jun 27, 2020, 12:20 PM IST

Pakistan to reach England on Sunday For upcoming Series
Pakistan to reach England on Sunday For upcoming Series

ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ডৰ পৰা নিশ্চিত কৰি কোৱা হয় যে, পাকিস্তান আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া 3 খন টেষ্ট আৰু 3 খন টি-20 মেচ শৃংখলাৰ বাবে দেওবাৰে ইংলেণ্ডত গৈ উপস্থিত হ'ব পাকিস্তান ক্ৰিকেট দল ।

স্পৰ্টছ ডেস্ক, 27 জুনঃ COVID-১৯ ৰ প্ৰাৰ্দুভাৱৰ পাচত পোন প্ৰথমবাৰৰ বাবে ইংলেণ্ড ভ্ৰমণলৈ ৰাওনা হ'ব পাকিস্তান ক্ৰিকেট দল । দেওবাৰে ইংলেণ্ডত গৈ উপস্থিত হ'ব পাকিস্তান ক্ৰিকেট দলটো । শুকুৰবাৰে এই কথা স্পষ্ট কৰিছে ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ডে ।

  • Pakistan men's team will arrive in the UK on Sunday to start preparation for this summer's tour of England

    — England and Wales Cricket Board (@ECB_cricket) June 26, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য় যে, এই ইংলেণ্ড ভ্ৰমণ সূচীত পাকিস্তান দলটোৱে অহা আগষ্ট-ছেপ্তেম্বৰ মাহত 3 খন টেষ্ট আৰু 3 খন টি-20 মেচত অৱতীৰ্ণ হ'ব । শৃংখলাৰ বাবে পাকিস্তান দলটোৱে 29 জনীয়া সদস্যৰ এটি দল ঘোষণা কৰিছিল যদিও ইয়াৰ 10 গৰাকী খেলুৱৈ দেহত পোৱা যায় কৰ'ণা ভাইৰাছৰ অৱস্থিতি । যাৰ ফলত এই দহগৰাকী খেলুৱৈক এতিয়া এই শৃংখলাৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব ।

পোন প্ৰথমে এই ই শৃংখলা প্ৰথমে 30 জুলাইৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও কৰ'ণা ভাইৰাছৰ ফলতেই সকলো শৃংখলা পিচোৱাই দিব লগা হয় । আনহাতে ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ বিৰুদ্ধে অহা 8 জুলাইৰ পৰা হ'বলগীয়া তিনিখন টেষ্ট মেচৰ শৃংখলাৰ অন্ত পৰিব অহা 28 জুলাইত ।

ইংলেণ্ড বনাম পাকিস্তান
ইংলেণ্ড বনাম পাকিস্তান

পাকিস্তান আৰু ইংলেণ্ড শৃংখলাৰ নিৰ্ধাৰিত কাৰ্যসূচী এতিয়াও ঘোষণা কৰা হোৱা নাই । ইচিবিয়ে অতি সোনকালেই পাকিস্তানৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাৰ কাৰ্যসূচী ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে ।

লগতে চাওকঃ ৪৫ শতাংশলৈ আভ্যন্তৰীণ বিমান যাত্ৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.