ETV Bharat / sports

2021 চনত 10 দ্বিপাক্ষিক শৃংখলাত অংশগ্ৰহণ কৰিব পাকিস্তানে

author img

By

Published : Jan 1, 2021, 9:20 AM IST

2021 চনত টি-20 বিশ্বকাপ ক্ৰিকেটৰ উপৰিও 10 খন দ্বিপাক্ষিক শৃংখলাত অংশগ্ৰহণ কৰিব পাকিস্তানে ৷ পাকিস্তান ক্ৰিকেট বৰ্ডৰ (PCB) অধ্যক্ষ এহছান মানিয়ে ঘোষণা কৰে এই কথা ৷

PCB ৰ অধ্যক্ষ
এহছান মানি

স্পৰ্টছ ডেস্ক, 1 জানুৱাৰী : 2021 চনত টি-20 বিশ্বকাপ ক্ৰিকেটৰ উপৰিও 10 খন দ্বিপাক্ষিক শৃংখলাত অংশগ্ৰহণ কৰিব পাকিস্তানে ৷ পাকিস্তান ক্ৰিকেট বৰ্ডৰ (PCB) অধ্যক্ষ এহছান মানিয়ে ঘোষণা কৰে এই কথা ৷

মানিয়ে কয়, "2021 চনত আমাৰ হাতত আছে 10 খন দ্বিপাক্ষিক শৃংখলা আৰু এক গ্ল'বেল টুৰ্ণামেন্ট ৷ মই আশাবাদী যে, উন্নত আৰু প্ৰতিযোগিতামূলক ঘৰুৱা ক্ৰিকেটে যুৱ ক্ৰিকেটাৰসকলক পৰিপক্ক কৰিব আৰু সকলো ফৰমেটতে ভাল প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰিব ৷"

তেওঁ লগতে কয়, "এই ৰাষ্ট্ৰীয় দলটোক প্ৰশিক্ষণ প্ৰদান কৰি আছে মিছবাহ উল হক, ৱাকাৰ ইউনিছ আৰু ইউনিছ খানৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰে ৷ নিশ্চয়কৈ, এই তিনিগৰাকীৰ অভিজ্ঞতাই যুৱ ক্ৰিকেটাৰসকলৰ ক্ৰিকেট শৈলী আৰু জ্ঞান বৃদ্ধি কৰিব ৷"

দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডে ক্ৰমে জানুৱাৰী আৰু অক্টোবৰত পাকিস্তানৰ সৈতে শৃংখলাৰ কথা ইতিমধ্যেই ঘোষণা কৰিছে ৷

লগতে পঢ়ক : 2020 বৰ্ষৰ ক্ৰীড়াক্ষেত্ৰত অসমৰ সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.