ETV Bharat / sports

ইংলিছ ক্ৰিকেটৰ উত্থানত গুৰুত্বপূৰ্ণ অৱদান আছে আইপিএলৰ : জছ বাটলাৰ

author img

By

Published : May 24, 2020, 12:22 PM IST

আইপিএলক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য ইংলেণ্ডৰ উইকেটকীপাৰ বেটছমেন জছ বাটলাৰৰ । আইপিএলত মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছৰ হৈ অংশগ্ৰহণ কৰিছে বাটলাৰে । ২০১৬-১৭ সংস্কৰণত মুম্বাই ইণ্ডিয়ানছৰ দলত থকাৰ বিপৰীতে ২০১৮ বৰ্ষত ৰাজস্থান ৰয়েলছ দলত অন্তৰ্ভুক্ত হয় বাটলাৰ ।

IPL has helped in the growth of English cricket: Jos Buttler
IPL has helped in the growth of English cricket: Jos Buttler

স্পৰ্টছ ডেস্ক, ২৪ মে': বিশ্ব ক্ৰিকেটৰ এক জনপ্ৰিয় ক্ৰিকেট লীগ "ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ" চমুকৈ "আইপিএল"ৰ সন্দৰ্ভত শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ মন্তব্য় আগবঢ়াইছে ইংলেণ্ডৰ উইকেটকীপাৰ বেটছমেন জছ বাটলাৰে । বাটলাৰে কৈছে ইংলিছ ক্ৰিকেটৰ উত্থানত যথেষ্ট অৱদান আছে আইপিএলৰ । যাৰ বাবে তেওঁ টি-২০ লীগক বিশ্বকাপৰ পিচতেই দ্বিতীয় সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগিতা হিচাপে গণ্য় কৰে ।

বাটলাৰে কয় ইয়াত কোনো সন্দেহ নাই যে ইংলিছ ক্ৰিকেটৰ বিকাশত আইপিএলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । বহু সংখ্য়ক খেলুৱৈয়ে বিগত কেইটামান বছৰত ইয়াৰ লগত জড়িত হৈ পৰিছে । মোৰ বাবে বিশ্বকাপৰ পাচতেই এইটো হৈছে দ্বিতীয় সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগিতা ।

বাটলাৰে বৰ্তমানলৈকে আইপিএলত মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছৰ হৈ অৱতীৰ্ণ হৈছে । ২০১৬-১৭ সংস্কৰণত মুম্বাই ইণ্ডিয়ানছ হৈ খেলাৰ বিপৰীতে ২০১৮ সংস্কৰণত ৰাজস্থান ৰয়েলছৰ সৈতে জড়িত হয় বাটলাৰ ।

ইংলিছ ক্ৰিকেটৰ উত্থানত গুৰুত্বপূৰ্ণ অৱদান আছে আইপিএলৰ : জছ বাটলাৰ
ইংলিছ ক্ৰিকেটৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আছে আইপিএলৰ : জছ বাটলাৰ

বিশ্বকাপ জয়ী খেলুৱৈগৰাকীৰ মতে, এই লীগ হৈছে ফেন্টাছি ক্ৰিকেটৰ দৰে যিটো সৰু কালত শিশু সকল খেলাৰ আগ্ৰহী হয় । য'ত শীৰ্ষ পৰ্যায়ৰ খেলুৱৈয়ে ইজনে-সিজনৰ বিৰুদ্ধে মুখামুখি হয় । আইপিএলত এনেকৈয়ে অনুৰূপ ছবি দেখা পোৱা যায় । শীৰ্ষ তিনিটা দলৰ ভিতৰত থকা বেংগালুৰৰ বিৰাট, ডিভিলিয়াৰ্ছ, গেইলৰ বিৰুদ্ধে বুমৰাহ, ডেল ষ্টেইন, মালিংগাৰ দৰে খেলুৱৈয়ে খেলা দেখা পোৱা যায় । শিশু কালত যি দৰে আপুনি ফেন্টাছি ক্ৰিকেট খেলাৰ প্ৰতি আগ্ৰহী হয়, বিৰাট-ডিভিলিয়াৰ্ছক একেলগে খেল উপভোগ কৰাৰ আগ্ৰহী হয় তেনেকৈ আইপিএলত সকলো দেখিবলৈ পোৱা যায় বুলি কয় বাটলাৰে । বাটলাৰে বৰ্তমানলৈকে আইপিএলত ৪৫ খন মেচত অংশ গ্ৰহণ কৰিছে য'ত তেওঁ ১৫০ ৰ ষ্ট্ৰাইক ৰেটেৰে ১৩৮৬ ৰান কৰিবলৈ সক্ষম হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.