ETV Bharat / sports

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ইংলেণ্ড ভ্ৰমণ স্থগিত

author img

By

Published : Apr 24, 2020, 7:55 PM IST

COVID-19 মহামাৰী
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ইংলেণ্ড ভ্ৰমণ স্থগিত

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ইংলেণ্ড ভ্ৰমণ স্থগিত ৷ স্থগিতাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ECB য়ে ৷

স্পৰ্টছ ডেস্ক, 24 এপ্ৰিল : 25 জুনৰ পৰা আৰম্ভ হ'বলগা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ইংলেণ্ড ভ্ৰমণ স্থগিত ৰাখিছে ইংলেণ্ড ক্ৰিকেট বৰ্ডে (ECB) ৷ COVID-19 মহামাৰীৰ বাবে 1 জুলাই পৰ্যন্ত দেশখনত অনুষ্ঠিত হ'বলগা সকলো ধৰণৰ ক্ৰিকেট মেচ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ECB য়ে ৷ উল্লেখ্য যে,দুসপ্তাহৰ এই ভ্ৰমণসূচীত ভাৰতীয় দলে চাৰিখন এদিনীয়া আৰু দুখন টি-20 ত অংশগ্ৰহণ কৰাৰ কথা আছিল ৷

টি-20 মেচ দুখন ক্ৰমে টৌন্টন আৰু ব্ৰিষ্টলত অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে চাৰিখন এদিনীয়া ক্ৰমে ৱৰশ্বেষ্টাৰ,কেমছফৰ্ড,কেন্টাৰবুৰী আৰু হোভত অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ এই সম্পৰ্কত ECBৰ মুখ্য কাৰ্যবাহী বিষয়া টম হেৰিছনে কয়,"এই গ্ৰীষ্মকালতে আমি কিছুসংখ্যক ভাল ক্ৰিকেট অনুষ্ঠিত কৰিব পাৰিম বুলি আশা ৰাখিলো ৷ বৰ্তমান আমি বিশ্বজোৰা এক সংকটৰ সৈতে যুঁজি থাকিব লগা হৈছে-সেয়েহে এতিয়া অসুৰক্ষিত,মজদুৰ আৰু সমগ্ৰ সমাজক সুৰক্ষিত কৰি ৰাখিব লাগিব ৷"

"সুৰক্ষিত নোহোৱা পৰ্যন্ত আমি কোনো ক্ৰিকেট আয়োজন নকৰো ৷ চৰকাৰৰ নিৰ্দেশ অনুসৰি আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰিম"- হেৰিছনৰ মন্তব্য ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.