ETV Bharat / sports

গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ বহু খেলুৱৈ

author img

By

Published : Jan 3, 2020, 10:44 AM IST

Updated : Jan 3, 2020, 2:37 PM IST

5 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া টি-20 শৃংখলাৰ প্ৰথমখন মেচত অংশ গ্ৰহণ কৰাৰ বাবে আজি গুৱাহাটীত আহি উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ ৷

গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়াৰ তিনি খেলুৱৈ
গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়াৰ তিনি খেলুৱৈ

স্পৰ্টছ ডেস্ক, 3 জানুৱাৰীঃ অহা 5 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া টি-20 শৃংখলাৰ প্ৰথমখন মেচত অংশ গ্ৰহণ কৰাৰ বাবে আজি গুৱাহাটীত আহি উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ বহু খেলুৱৈ ৷ বৰ্তমান লৈকে গুৱাহাটীত আহি উপস্থিত হৈছে জছপ্ৰীত বোমৰাহ, মনিষ পাণ্ডে, শিৱম ডুবে, সঞ্জু ছেমচন, ঋষভ পন্ত, যুজবেন্দ্ৰ চাহাল, কুলদ্বীপ যাদৱ, ৱাছিংটন সুন্দৰ আৰু শ্ৰেয়াছ আয়াৰ ৷ বিমানবন্দৰৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজৰে খেলুৱৈসকলক পঞ্চতাৰকাযুক্ত হোটেল ৰেডিশ্বন ব্লু'লৈ লৈ যোৱা হয় । ইয়াৰ বিপৰীতে সন্ধিয়াৰ ভাগত আহি পাবহি অধিনায়ক বিৰাট কোহলি, শিখৰ ধাৱন, ৰবিন্দ্ৰ জাডেজা কে ধৰি অন্য খেলুৱৈসকল । শুকুৰবাৰে পুৱাৰে পৰা ভাগে ভাগে আহি আছে ভাৰতীয় দলৰ খেলুৱৈসকল ।

গুৱাহাটীত উপস্থিত ভাৰতীয় দলৰ সদস্য

পোন প্ৰথমে ৱাছিংটন সুন্দৰ, জছপ্ৰীত বোমৰাহ আৰু সঞ্জু ছেমচনৰ লগতে দলৰ 4 সদস্য গুৱাহাটীত আহাৰ পাচত মনিষ পাণ্ডে, শ্ৰেয়াছ আয়াৰ শিৱম ডুবেকে ধৰি দলৰ আন 6 গৰাকী সদস্য উপস্থিত হৈছিল ৷ শেহতীয়াকৈ গুৱাহাটীত আহি উপস্থিত হৈছে ঋষভ পন্ত, যুজবেন্দ্ৰ চাহাল, কুলদ্বীপ যাদৱ ৷ ইফালে শুকুৰবাৰে পুৱাৰ ভাগত বৰ্ষাপাৰা ষ্টেডিয়ামত শ্ৰীলংকাৰ দলেটো অনুশীলন কৰাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে বাতিল কৰা হৈছে ।

শ্ৰীলংকা ক্ৰিকেট দল
শ্ৰীলংকা ক্ৰিকেট দল

উল্লেখযোগ্য যে, এই আন্তঃৰাষ্ট্ৰীয় খেলখনৰ বাবে অধিক তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন । কিয়নো 2018 বৰ্ষত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত খেলৰ সময়ত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা । অষ্ট্ৰেলিয়ান খেলুৱৈৰ বাছলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল দুৰ্বৃত্তই । তেনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে সম্পূৰ্ণ সষ্টম হৈ উঠিছে আৰক্ষী ।

অহা 5 জানুৱাৰীত গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত সন্ধিয়া 7 বজাত অনুষ্ঠিত হ’ব তিনিখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন মেচ ৷ উল্লেখ্য যে, গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামৰ পৰাই 2020 ৰ অভিযান আৰম্ভ কৰিব বিৰাট কোহলি বাহিনীয়ে ৷

ক্ৰীড়াৰ ৰাজধানীলৈ পৰিণত হোৱাৰ দিশে আগবাঢ়িছে গুৱাহাটী মহানগৰী । গুৱাহাটীত অনুষ্ঠিত হ’ব গৈ আছে আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেট খেল, খেল’ ইণ্ডিয়া, আই এছ এলৰ দৰে বিশাল ক্ৰীড়া সমাৰোহ ।

Intro:গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সহিতে ৪জন সদস্য ।Body:গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সহিতে ৪জন সদস্য ।

বৰঝাৰ বিমানবন্দৰত উপস্থিত আটাইকেইজন ।


বিমানবন্দৰৰ পৰা পোনে পোনে আটাইকেইজনক লৈ লৈ যোৱা হৈছে ৰেডিছন ব্লুলৈ ।


খেলুৱৈকেইজনৰ আগমনক লৈ বৰঝাৰ বিমানবন্দৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ।

বৰ্তমানলৈ গুৱাহাটীত উপস্থিত খেলুৱৈ ৱাছিংটন সুন্দৰ,জে বুমৰাহ,সঞ্জয় চামচনকে ধৰি ৪জন ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ।
Conclusion:আনহাতে আজি বিয়লিভাগত আহি উপস্থিত হ'ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিকে ধৰি সকলো সদস্য ।



দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
Last Updated :Jan 3, 2020, 2:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.