ETV Bharat / sports

ভাৰত বনাম দক্ষিণ আফ্ৰিকাঃ দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 395 ৰানৰ লক্ষ্য ভাৰতৰ

author img

By

Published : Oct 5, 2019, 7:11 PM IST

323 ৰানত দ্বিতীয় ইনিংছ ঘোষণা ভাৰতৰ ৷ ৰোহতিৰ প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংছটো শতক অৰ্জন ৷

দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 395 ৰানৰ লক্ষ্য ভাৰতৰ

স্পৰ্টছ ডেস্ক, 5 অক্টোবৰঃ বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 395 ৰানৰ লক্ষ্য ভাৰতৰ ৷ দ্বিতীয় ইনিংছত 4 উইকেটৰ বিনিময়ত 323 ৰান কৰি ইনিংছ ঘোষণা কৰে ভাৰতীয় দলটোৱে ৷ ভাৰতৰ হৈ ৰোহিত শৰ্মাই দ্বিতীয় ইনিংছটো শতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷

ৰোহতি শৰ্মা
ৰোহতি শৰ্মাৰ শতক অৰ্জন

ৰোহিতে 127 ৰান কৰাৰ বিপৰীতে চেতেশ্বৰ পূজাৰাই 81, ময়ংক আগৰৱালে 7, ৰবিন্দ্ৰ জাডেজাই 40, বিৰাটে অপৰাজিত 40 আৰু অজ্যিংকা ৰাহানেই অপৰাজিত 27 ৰান কৰিবলৈ সক্ষম হয় ৷ চতুৰ্থ দিনৰ অন্তত দক্ষিণ আফ্ৰিকাই 1 টা উইকেট হেৰুৱাই 11 ৰান সংগ্ৰহ কৰিছে ৷ প্ৰথম ইনিংছত শতক অৰ্জন কৰা ডেন এলগাৰ 2 ৰান কৰি ৰবিন্দ্ৰ জাডেজাৰ বলত লেগ বিফৰ আউট হয় ৷

ভাৰত-দক্ষিণ আফ্ৰিকা
ভাৰত-দক্ষিণ আফ্ৰিকা

ভাৰতে নিজৰ প্ৰথম ইনিংছত ৰোহিতৰ (176) আৰু ময়ংকৰ (215) ৰানৰ বিনিময়ত 502 ৰান কৰি ইনিংছ ঘোষণা কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ডেন এলগাৰৰ (160) আৰু কুইণ্টন ডি কক্ ৰ (111) ৰানৰ বিনিময়ত সংগ্ৰহ কৰিছিল 431 ৰান ৷ ভাৰতৰ হৈ আশ্বিনে লাভ কৰিছিল 7 টা কৈ উইকেট ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.