ETV Bharat / sports

আজি ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু BCCIৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Aug 7, 2020, 11:58 AM IST

2021 চনত অনুষ্ঠিত হ’ব লগা টি20 বিশ্বকাপৰ সন্দৰ্ভত আজি আলোচনাত বহিব BCCI আৰু ক্ৰিকেট অষ্ট্ৰেলিয়া ৷ নিজ দেশত টুৰ্মামেণ্টখন অনুষ্ঠিত কৰাৰ বাবে দুয়ো দেশে আবেদন জনোৱাৰ সম্ভাৱনা ৷

ICC Board Meet: BCCI, CA to discuss on swapping of T20 World Cup
ICC Board Meet: BCCI, CA to discuss on swapping of T20 World Cup

নিউজ ডেস্ক , 7 আগষ্টঃ শুকুৰবাৰে অনুষ্ঠিত হ’ব লগা ICC ৰ এখন বৈঠকত পৰৱৰ্তী বৰ্ষত দুখন টি20 বিশ্বকাপ অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনাৰ বাবে ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰিব BCCI আৰু ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অধ্যক্ষই ৷

ICC Board Meet: BCCI, CA to discuss on swapping of T20 World Cup
2021 চনত অনুষ্ঠিত হ’ব লগা টি20 বিশ্বকাপৰ সন্দৰ্ভত আজি আলোচনা

2021 আৰু 2022 চনত অনুষ্ঠিত হ’ব লগা বিশ্বকাপ দুখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু BCCI কৰ্তৃপক্ষ সহমতত উপনীত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ যদিও বৰ্তমানলৈকে মনোনয়ন প্ৰক্ৰিয়াৰ বিষয়ে কোনো ঘোষণা কৰা নাই,শীঘ্ৰে ICCৰ নতুন অধ্যক্ষ নিৰ্বাচিত হ’ব লগা বিষয়টোৱে এইক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷

ICC Board Meet: BCCI, CA to discuss on swapping of T20 World Cup
টুৰ্মামেণ্টখন অনুষ্ঠিত কৰাৰ বাবে দুয়োদেশে আৱেদন জনোৱাৰ সম্ভাৱনা

উল্লেখ্য যে,পূৰ্বে চলিত বৰ্ষৰ 18 অক্টোবৰৰ পৰা ICC ৰ টি20 বিশ্বকাপৰ সময়সূচী ধাৰ্য কৰা হৈছিল যদিও ক’ভিড 19য়ে সৃষ্টি কৰা সাম্প্ৰতিক পৰিস্থিতিৰ বাবে টুৰ্ণামেণ্টখন বাতিল কৰা হয় ৷ আনহাতে,ইণ্ডিয়ান প্ৰিমিয়াৰ লিগৰ সৈতেও বিশ্বকাপ ক্ৰিকেটৰ সময়সূচীৰ সমস্যাৰ সৃষ্টি হৈছিল ৷

ICC Board Meet: BCCI, CA to discuss on swapping of T20 World Cup
আজি ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু BCCI ৰ গুৰুত্বপূৰ্ণ বৈঠক

পূৰ্বৰে পৰাই প্ৰস্তুতি আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত অষ্ট্ৰেলিয়াই যে 2021 চনৰ টি20 বিশ্বকাপ অনুষ্ঠিত কৰাৰ বাবে দাবী উত্থাপন কৰিব সেয়া প্ৰায় নিশ্চিত কিন্তু ভাৰতীয় ক্ৰিকেট বৰ্ডেও পৰৱৰ্তী বছৰত টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব ৷ উল্লেখযোগ্য যে,যিহেতু ভাৰতে পৰৱৰ্তী এদিনীয়া সংস্কৰণৰ বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত কৰিব,এই ক্ষেত্ৰত 2021 চনৰ টি-20 বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াই অগ্ৰাধিকাৰ পোৱাৰ সম্ভাৱনা আছে ৷ পৰৱৰ্তী বছৰত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব লগা টি20 বিশ্বকাপৰ বাবে যিসকল দৰ্শকে টিকট ক্ৰয় কৰিছিল,তেওঁলোকে পৰৱৰ্তী ঘোষণাৰ বাবে অপেক্ষা কৰিব লাগিব বুলি প্ৰকাশ কৰিছে ICCৰ এক সূত্ৰই ৷

লগতে পঢ়কঃ ঠেলামৰা কাণ্ডঃ বিধায়ক অশোক সিংঘালৰ উচটনি মূলক মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.