ETV Bharat / sports

বিশ্বকাপত এটা সময়ত জয়ী হ’বলৈ সক্ষম নহম অনুভৱ হৈছিল : ইয়ন মৰ্গান

author img

By

Published : Jul 14, 2020, 6:55 PM IST

I thought for a split second we were dead and buried eoin morgan on world cup final
I thought for a split second we were dead and buried eoin morgan on worlI thought for a split second we were dead and buried eoin morgan on world cup finald cup final

আজিৰ দিনটোতেই 2019 চনৰ এদিনীয়া বিশ্বকাপৰ বিশ্ব চেম্পিয়ন হৈছিল ইংলেণ্ড ৷ 2019 বিশ্বকাপৰ ফাইনেলৰ ৰোমন্থন কৰি মৰ্গানে কয়,এটা মূহুৰ্তৰ বাবে মেচখনত জয় অৰ্জন কৰাক লৈ মোৰ মনত সন্দেহ উপজিছিল ৷

স্পৰ্টছ ডেস্ক, 14 এপ্ৰিল : ইংলেণ্ডৰ বিশ্ব চেম্পিয়নৰ সোণালী দিন ৰোমন্থন ইংলেণ্ডৰ বিজয়ী অধিনায়ক ইয়ন মৰ্গানৰ ৷ 2019 চনৰ 14 জুলাইৰ দিনটোতেই প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ বিশ্বচেম্পিয়নৰ গৌৰৱ লাভ কৰিছিল ইংলেণ্ড ক্ৰিকেট দলটোৱে ৷

I thought for a split second we were dead and buried eoin morgan on world cup fin
নিউজিলেণ্ড দল

এক ঐতিহাসিক মেচ হিচাপে পৰিগণিত হৈছিল নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত চূড়ান্ত মেচখন ৷ অৱশ্যে মেচখনৰ ফলাফলৰ নিয়মক লৈ কিছু বিতৰ্কৰ সূচনাও হৈছিল ৷ কাৰণ নিৰ্ধাৰিত অভাৰ আৰু ছুপাৰ অভাৰত মেচখন ড্ৰ’ হোৱাত বাউণ্ডৰীৰ আধাৰত বিজয়ী ঘোষণা কৰা হৈছিল ইংলেণ্ডক ৷

এই ৰোমাঞ্চকৰ জয়ক ৰোমন্থন কৰি ইংলেণ্ড দলটোৰ অধিনায়ক ইয়ন মৰ্গানে কয়, এটা সময়ত তেওঁৰ অনুভৱ হৈছিল তেওঁলোকৰ হাতৰ পৰা মেচখন ওলাই যোৱা বুলি ৷ মৰ্গানে ক্ৰিকেট ৱেবচাইটত দিয়া মন্তব্যত উল্লেখ কৰে,কেৱল এটা মূহুৰ্তৰ বাবে মেচখনত আমাৰ জয়ক লৈ মোৰ সন্দেহ উপজিছিল ৷

ইংলেণ্ড
ইংলেণ্ড দল

তেওঁ কয়,জিমী নিছামে সেই সময়ত বেন ষ্ট’কছক বল কৰি আছিল ৷ তেওঁ বহু লেহেমীয়া ভাৱে বল কৰিছিল ৷ ষ্ট’কছে লংঅনত খেলিছিল আৰু মোৰ মনত আছে বলটো বতাহত লৰি আছিল ৷ সেই সময়তে মোৰ অনুভৱ হৈছিল বেন ষ্ট’কছ আউট হৈ যায় যদি আমাৰ পৰাজয় নিশ্চিত ৷ আমাক এক অভাৰত 15 ৰানৰ প্ৰয়োজন আছিল ৷ তেতিয়া এক ছেকেণ্ডৰ বাবে মোৰ অনুভৱ হৈছিল আমি বিজয় সাব্যস্ত কৰাত ব্যৰ্থ হ’ম বুলি ৷

উল্লেখ্য যে,বিশ্বকাপৰ ছুপাৰ অভাৰত দুয়োটা দলে 15-15 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু মেচখনত অত্যাধিক বাউণ্ডেৰী কোবোৱাৰ বাবে আইচিচিৰ নিয়ম অনুসৰি ইংলেণ্ডক বিজয়ী ঘোষণা কৰা হৈছিল ৷ ইংলেণ্ডে মেচখনত 26 টা আৰু নিউজিলেণ্ডে 17 টা বাউণ্ডেৰী মাৰিবলৈ সক্ষম হৈছিল ৷

লগতে চাওক-2019 বিশ্বকাপৰ চুপাৰ অভাৰৰ পূৰ্বে চিগাৰেট সেৱন কৰিছিল বেন ষ্ট’কছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.