ETV Bharat / sports

পাঞ্জাৱ চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন হৰভজনৰ

author img

By

Published : Jul 31, 2019, 9:00 PM IST

খেলৰত্ন সন্দৰ্ভত পাঞ্জাৱ চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিলে হৰভজন সিঙে ৷ প্ৰাপ্য সন্মানবোৰে খেলুৱৈক আৰু সুন্দৰ প্ৰদৰ্শন কৰিবলৈ উৎসাহ যোগায় বুলি মন্তব্য কৰে তেওঁ ৷

পাঞ্জাৱ চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন হৰভজনৰ

স্পৰ্টছ ডেস্ক, 31 জুলাই : ৰাজীৱ গান্ধী খেলৰত্ন পদকৰ বাবে আবেদন পত্ৰ পঠিওৱাত পলম হোৱাৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাক্তন ভাৰতীয় স্পীনাৰ হৰভজন সিঙে ৷ পাঞ্জাৱ ক্ৰীড়া বিভাগক এই বিষয়টো পৰ্যালোচনা কৰিবলৈ অনুৰোধ জনাই হৰভজনে কয় যে, তেওঁ 20 মাৰ্চতে এই আবেদন দাখিল কৰিছিল আৰু নতুন দিল্লী পাবলৈ আবেদন খনক 10 - 15 দিন সময় লাগে ৷ এনেদৰেই সকলোবোৰ প্ৰক্ৰিয়া সম্পন্ন হৈছিল যদি তেওঁ সন্মানটো লাভ কৰিবলৈ সমৰ্থ হ'ব লাগিছিল বুলি জনায় ৷ উল্লেখ্য যে, হৰভজনে তেওঁৰ ইউটিউব চেনেলৰ জৰিয়তে এটা ভিডিঅ' আপলোড কৰি এনেদৰে মন্তব্য কৰে ৷

  • https://t.co/pG3lRHHqli Rajiv Gandhi Khel Ratna Award: पंजाब सरकार खेल विभाग की लापरवाही पर Harbhajan Singh का बयान

    — Harbhajan Turbanator (@harbhajan_singh) July 30, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
39 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে মন্তব্য কৰে যে, এইদৰে প্ৰাপ্য সন্মানবোৰ লাভ কৰিলে তেওঁলোকে আৰু সুন্দৰ প্ৰদৰ্শন কৰিবলৈ উৎসাহ লাভ কৰে ৷উল্লেখ্য যে, হৰভজনৰ লগতে দুতি চান্দে পলমকৈ আবেদন পত্ৰ প্ৰেৰণ কৰাৰ বাবে ক্ৰীড়া মন্ত্ৰণালয়ে তেওঁলোকৰ আবেদন নাকচ কৰিছিল ৷ নিজ নিজ ৰাজ্যৰ প্ৰশাসনৰ হেমাহিৰ বাবে এনেদৰে খেলুৱৈ দুগৰাকীয়ে ৰাষ্ট্ৰৰ অন্যতম সৰ্বোচ্চ সন্মান কেইটাৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে ৷ উল্লেখ্য যে, হৰভজন সিঙে খেলৰত্ন আৰু দুতি চান্দে অৰ্জুন পদকৰ বাবে আবেদন পত্ৰ দাখিল কৰিছিল ৷
HARBHAJAN QUESTIONS AUTHORITIES ABOUT THE DELAY OF HIS KHEL RATNA APPLICATION

পাঞ্জাৱ চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন হৰভজনৰ

স্পৰ্টছ ডেস্ক, 31 জুলাই : ৰাজীৱ গান্ধী খেলৰত্ন পদকৰ বাবে আবেদন পত্ৰ পঠিওৱাত পলম হোৱাৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাক্তন ভাৰতীয় স্পীনাৰ হৰভজন সিঙে ৷ পাঞ্জাৱ ক্ৰীড়া বিভাগক এই বিষয়টো পৰ্যালোচনা কৰিবলৈ অনুৰোধ জনাই হৰভজনে কয় যে, তেওঁ 20 মাৰ্চতে এই আবেদন দাখিল কৰিছিল আৰু নতুন দিল্লী পাবলৈ আবেদন খনক 10 - 15 দিন সময় লাগে ৷ এনেদৰেই সকলোবোৰ প্ৰক্ৰিয়া সম্পন্ন হৈছিল যদি তেওঁ সন্মানটো লাভ কৰিবলৈ সমৰ্থ হ'ব লাগিছিল বুলি জনায় ৷ উল্লেখ্য যে, হৰভজনে তেওঁৰ ইউটিউব চেনেলৰ জৰিয়তে এটা ভিডিঅ' আপলোড কৰি এনেদৰে মন্তব্য কৰে ৷

39 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে মন্তব্য কৰে যে, এইদৰে প্ৰাপ্য সন্মানবোৰ লাভ কৰিলে তেওঁলোকে আৰু সুন্দৰ প্ৰদৰ্শন কৰিবলৈ উৎসাহ লাভ কৰে ৷

উল্লেখ্য যে, হৰভজনৰ লগতে দুতি চান্দে পলমকৈ আবেদন পত্ৰ প্ৰেৰণ কৰাৰ বাবে ক্ৰীড়া মন্ত্ৰণালয়ে তেওঁলোকৰ আবেদন নাকচ কৰিছিল ৷ নিজ নিজ ৰাজ্যৰ প্ৰশাসনৰ হেমাহিৰ বাবে এনেদৰে খেলুৱৈ দুগৰাকীয়ে ৰাষ্ট্ৰৰ অন্যতম সৰ্বোচ্চ সন্মান কেইটাৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে ৷ উল্লেখ্য যে, হৰভজন সিঙে খেলৰত্ন আৰু দুতি চান্দে অৰ্জুন পদকৰ বাবে আবেদন পত্ৰ দাখিল কৰিছিল ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.