ETV Bharat / sports

মানচেষ্টাৰ টেষ্ট : দ্বিতীয় দিনৰ অন্তত শক্তিশালী স্থিতিত ইংলেণ্ড

author img

By

Published : Jul 26, 2020, 5:36 AM IST

মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হৈ আছে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত তিনিখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন মেচ ৷ দুয়োটা দলৰ বাবে শৃংখলা দখল কৰাৰ বাবে জয় অপৰিহাৰ্য ৷ তৃতীয়খন টেষ্ট দ্বিতীয় দিনৰ খেলৰ অন্তত ৱেষ্ট ইণ্ডিজৰ দুৰ্বল বেটিং প্ৰদৰ্শন ৷ 6 উইকেট হেৰুৱাই সংগ্ৰহ কেৱল 137 ৰান ৷

England vs West Indies : 3rd Test, Day 2
England vs West Indies : 3rd Test, Day 2

স্পৰ্টছ ডেস্ক, 26 জুলাই : অন্তিম তথা তৃতীয়খন টেষ্টৰ দ্বিতীয় দিনা শক্তিশালী স্থিতিত ঘৰুৱা দল ইংলেণ্ড ৷ প্ৰথম ইনিংছৰ 369 ৰানৰ বিনিময়ত ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছত 6 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ইংলেণ্ড দলটোৱে ৷ দ্বিতীয় দিনৰ খেলৰ অন্তত ৱেষ্ট ইণ্ডিজে 6 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 137 ৰান ৷ উইকেটকীপাৰ বেটছমেন শ্বেন ড’ওৰিচ আৰু অধিনায়ক জেছন হল্ডাৰ বৰ্তমানে ক্ৰীজত বৰ্তি থাকিবলৈ সক্ষম হৈছে ৷ ইংলেণ্ডৰ হৈ জেমছ এণ্ডাৰচন আৰু ষ্টুৱাৰ্ড ব্ৰডে 2 টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে এটাকৈ উইকেট লাভ কৰিছে জফ্ৰা আৰ্ছাৰ আৰু ক্ৰীছ ৱক্ছে ৷ এতিয়াও ইংলেণ্ডৰ প্ৰথম ইংনিছৰ বাবদ 232 ৰান পিচ পৰি ৰৈছে কেৰিবিয়ান দলটো ৷

দ্বিতীয় দিনৰ অন্তত শক্তিশালী স্থিতিত ইংলেণ্ড
দ্বিতীয় দিনৰ অন্তত শক্তিশালী স্থিতিত ইংলেণ্ড

ইংলেণ্ডে প্ৰথমে বেটিং কৰি 369 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ ইংলেণ্ডৰ হৈ অলি প’পে সৰ্বাধিক 91 ৰান কৰাৰ বিপৰীতে জছ বাটলাৰে 62, ৰৰী বাৰ্ণাছে 57 আৰু দ্ৰুতগতিত ষ্টুৱাৰ্ড ব্ৰডে কেৱল 62 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ যুটিয়া ভাৱে টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ হৈ দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা তৃতীয় গৰাকী খেলুৱৈ হয় ব্ৰড ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.