ETV Bharat / sports

ENG বনাম PAK,প্ৰথম টেষ্ট : প্ৰথম দিনাৰ প্ৰদৰ্শনত সুখী শ্বান মাছুদ

author img

By

Published : Aug 6, 2020, 1:07 PM IST

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দিনাৰ অন্তত পাকিস্তানৰ সংগ্ৰহ 139/2 ৷

প্ৰথম দিনাৰ প্ৰদৰ্শনত সুখী শ্বান মাছুদ
ENG বনাম PAK, প্ৰথম টেষ্ট

স্পৰ্টছ ডেস্ক,6 আগষ্ট : ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ প্ৰথম দিনা নিজ দলৰ প্ৰদৰ্শনক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে পাকিস্তানৰ অ'পেনাৰ শ্বান মাছুদে ৷ প্ৰথম দিনাৰ অন্তত পাকিস্তানে 139/2 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দিনটোৰ অন্তত অপৰাজিত হৈ ৰয় বাবৰ আজম আৰু শ্বান মাছুদ ৷ বাবৰ আজমে 69 ৰাণ সংগ্ৰহ কৰাৰ পৰিৱৰ্তে শ্বান মাছুদে 46 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

প্ৰথম দিনাৰ প্ৰদৰ্শনত সুখী শ্বান মাছুদ
ENG বনাম PAK, প্ৰথম টেষ্ট

মাছুদে কয়,"সদায় নিজ দলৰ বাবে চিন্তা কৰিব লাগে ৷ আমি জানো যে,নতুন বলেৰে খেলিবলৈ বহু সংগ্ৰাম কৰিবলগা হয় ৷ ইংলেণ্ডত অপেনিং কৰাটো সহজ নহয় ৷ কিন্তু তাৰ মাজতে কেতিয়াবা নিজৰ দলক সুন্দৰ আৰম্ভণি দিয়াৰ সুযোগ আহে ৷"

প্ৰথম দিনাৰ প্ৰদৰ্শনত সুখী শ্বান মাছুদ
ENG বনাম PAK, প্ৰথম টেষ্ট

প্ৰথম অৱস্থাতে আবিদ আলি (16) আৰু আজহাৰ আলিৰ (0) উইকেট হেৰুওৱাৰ ফলত পাকিস্তানে 2 টা উইকেটৰ বিনিময়ত কেৱল 43 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ জফ্ৰা আৰ্চাৰৰ বলত আবিদ আলি আৰু ক্ৰিছ ৱকছৰ বলত আজহাৰ আলিয়ে উইকেট হেৰুৱায় ৷

প্ৰথম দিনাৰ প্ৰদৰ্শনত সুখী শ্বান মাছুদ
ENG বনাম PAK, প্ৰথম টেষ্ট

মাছুদে কয়, "টেষ্ট ক্ৰিকেটত বহু প্ৰত্যাহ্বান থাকে, বিশেষকৈ ইংলেণ্ডৰ দৰে স্থানত ৷ আমি সুখী যে, আমি সকলো বিঘিনি দূৰ কৰিছো আৰু কাইলৈ বতৰ ভাল হ'লে আমি অধিক ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হ'ম ৷"

উল্লেখ্য যে, এই মেচত পাকিস্তানে দুজন স্পীনাৰ ছাদাব খান আৰু য়াছিৰ শ্বাহক দলত অন্তৰ্ভূক্ত কৰিছে ৷

লগতে পঢ়ক : বিহাৰত নাও দুৰ্ঘটনাত নিহত 15,সন্ধানহীন 10 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.