ETV Bharat / sports

আইচিচিক "COVID-১৯ বিকল্প"ৰ আহ্বান ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ডৰ

author img

By

Published : May 30, 2020, 4:26 PM IST

ECB wants ICC to allow COVID-19 substitutes for upcoming matches
ECB wants ICC to allow COVID-19 substitutes for upcoming matches

বৰ্তমান সময়ত ক্ৰিকেটত এজন খেলুৱৈৰ স্থানত আন এজন খেলুৱৈক ক্ৰিকেটৰ মৈদানত কোনো খেলুৱৈ প্ৰচণ্ড আঘাতৰ সন্মূখীন হ'লে খেলুৱৈগৰাকী নতুন নিয়মৰ অধীনত সলনি কৰা যায় । কিন্তু অন্যান্য আঘাত, দুৰ্বলতাৰ বাবে বিকল্প খেলুৱৈৰ সুবিধা থাকিলেও বেট অথবা বল কৰাৰ অনুমতি প্ৰদান কৰা নহয় ।

স্পৰ্টছ ডেস্ক, 30 মে': COVID-১৯ মহামাৰীৰ মাজতেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পুনৰ আৰম্ভ কৰাৰ কোচ-কাৱাজ । কিন্তু ক্ৰিকেট আৰম্ভ হোৱাৰ পাচতেই খেলত "COVID-১৯ বিকল্প" ব্যৱহাৰ কৰা দেখা পোৱা যাব পাৰে । কাৰণ COVID-১৯ বিকল্প সন্দৰ্ভত ইতিমধ্য়ে আইচিচিৰ সৈতে এক আলোচনাত মিলিত হৈছে ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ড ।

বৰ্তমান সময়ত ক্ৰিকেটত নতুন নিয়ম অনুসৰি কোনো খেলুৱৈ বেটিং কৰি থকা সময়ত প্ৰচণ্ড আঘাতৰ সন্মূখীন হয় (suffers from a concussion) তেন্তে তেওঁৰ ঠাইত অন্য খেলুৱৈক অন্তৰ্ভুক্ত কৰাৰ নিয়ম সংযোজন কৰা হৈছে । আনহাতে অন্যান্য আঘাত বা দুৰ্বলতাৰ বাবে বিকল্প খেলুৱৈৰ অনুমতি আছে যদিও বিকল্প খেলুৱৈগৰাকীক বেট অথবা বল কৰাৰ অনুমতি দিয়া নহয় । এই বিকল্প খেলুৱৈৰ অনুমতি কেৱল টেষ্ট ক্ৰিকেটত হে প্ৰযোজ্য । য'ত এজন খেলুৱৈ প্ৰচণ্ড আঘাত সন্মূখীন হ'লে বিকল্প খেলুৱৈক স্থান দিয়া হয় । অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত হৈ থকা এখন শৃংখলাত ষ্টিভ স্মিথৰ স্থানত মাৰ্ণুছ লাবুচেনক এই নিয়মৰ অধীনত দলত স্থান দিয়া হৈছিল ।

আইচিচিক
আইচিচিক "COVID-১৯ বিকল্প"ৰ আহ্বান ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ডৰ

কিন্তু শেহতীয়াকৈ ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ডে আগন্তুক ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাত COVID-১৯ খেলুৱৈৰ বিকল্পৰ অনুমতি বিচাৰি আইচিচিৰ সৈতে এক আলোচনাত মিলিত হৈছে ।

ইচিবিৰ ইভেণ্ট পৰিচালক ষ্টিভ এলৱৰ্থিয়ে কৈছে যে, COVID-১৯ ৰ বিকল্প সম্পৰ্কে আইচিচিৰ দৃষ্টিভংগীৰে এতিয়াও আলোচনা-বিলোচনা চলাই থকা হৈছে । এতিয়াও ইয়াৰ ওপৰত সহমত লাভ কৰাৰ প্ৰয়োজন আছে । মই আশা কৰিছো জুলাইত আৰম্ভ হ'বলগীয়া টেষ্ট শৃংখলাৰ পূৰ্বে এইটো ভালদৰে কাৰ্যকৰী হৈ উঠিব ।

আইচিচিয়ে ইতিমধ্যে COVID-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বলত থুঁ অথবা চালাইভা ব্য়ৱহাৰত নিষেধাজ্ঞা প্ৰদান কৰাৰ লগতে আন বহু কেইটা নীতি-নিয়ম বান্ধি দিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.